শুকান আদা অথবা আদাৰ গুড়িয়ে আপোনাৰ স্বাস্থ্য কৰি ৰাখিব নিৰোগী। বিভিন্ন ধৰণে খাদ্যত শুকান আদাৰ ব্যৱহাৰে ঘৰুৱাভাৱেই আপুনি সমাধান কৰ?
শুকান আদা অথবা আদাৰ গুড়িয়ে আপোনাৰ স্বাস্থ্য কৰি ৰাখিব নিৰোগী। বিভিন্ন ধৰণে খাদ্যত শুকান আদাৰ ব্যৱহাৰে ঘৰুৱাভাৱেই আপুনি সমাধান কৰ?
খাদ্যৰ সৈতে আপুনি হয়টো বহু পৰিমাণে আদাৰ ব্যৱহাৰ কৰে কিন্তু আজি আমি আপোনাক শুকান আদা কিদৰে আপোনাৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সেই বিষয়ে অৱগত কৰিম। হজমৰ সমস্যা নিৰাময়ৰ পৰা কলেষ্টৰলৈকে শৰীৰৰ প্ৰায়বোৰ সমস্যাই নিয়ন্ত্ৰণত ৰাখে শুকান আদাই। ইয়াৰ লাভালাভৰ বিষয়ে জানো আহক-
ওজন হ্ৰাসঃ
শুকান আদাই হজম শক্তি উন্নত কৰি ওজন হ্ৰাস কৰাত সহায়ক হিচাপে কাম কৰে। শৰীৰৰ চৰ্বি গলোৱা আৰু তেজত গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। শুকান আদা খোৱাৰ ফলত ভোকৰ পৰিমাণ কম হয়। শুকান আদা ব্যৱহাৰ কৰাৰ ফলত অতি সোনকালে ভোক নালাগে যাতে খাদ্য সঠিকভাৱে হজম কৰিব পৰা যায়। পানী বা গাখীৰৰ সৈতে মিহলি কৰা শুকান আদাৰ গুড়িয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখে।
শুকান আদাই বেয়া কলেষ্ট'ৰে'ল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। উচ্চ পৰিমাণৰ এলডিএল লাইপোপ্ৰ'টিনে (বেয়া কলেষ্ট'ৰেল) হৃদৰোগৰ শংকা বৃদ্ধি কৰে। এই ক্ষেত্ৰত, আদাৰ শুকান গুড়ি খাব লাগে।
পাচন শক্তি বৃদ্ধি কৰেঃ
দীৰ্ঘম্যাদী বদহজমৰ ফলত হোৱা পেটৰ বিষ আৰু পেটৰ সমস্যাৰ পৰা সকাহ দিয়াৰ বাবে শুকান আদাৰ গুড়ি ব্যৱহাৰ কৰিব লাগে। শুকান আদাৰ গুড়িয়ে এই সমস্যাটো হ্ৰাস কৰাত সহায় কৰে। গুড়ি ব্যৱহাৰ কৰিলে কোষ্ঠকাঠিন্যৰ পৰাও সকাহ পাব পাৰি।
ঋতুস্ৰাৱৰ যন্ত্ৰণা হ্ৰাস কৰেঃ
শুকান আদাৰ গুড়ি ব্যৱহাৰে ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষৰ লগতে শৰীৰৰ বিষ উপশমত সকাহ দিয়ে। প্ৰসৱৰ পিছত পাকস্থলী পৰিষ্কাৰ কৰাৰ বাবেও ইয়াৰ পাউডাৰ ব্যৱহাৰ কৰা হয়। প্ৰসৱৰ পিছত শুকান আদাৰ গুড়িৰ লাডু সেৱনে পেট পৰিষ্কাৰ কৰি শৰীৰক সতেজ কৰাত সহায় কৰে।
ওকালি অহা নিৰাময় কৰেঃ
গৰ্ভৱতী মহিলাৰ ওকালি অহা আৰু ৰাতিপুৱাৰ ভাগত দেখা দিয়া অসুস্থতাৰ লক্ষণৰ সৈতে মোকাবিলা কৰাত শুকান আদাৰ গুড়ি কাৰ্যকৰীৰূপে বিবেচিত হৈছে। ইয়াৰ বাবে, আপুনি মৌ আৰু গৰম পানীৰ সৈতে মিহলি কৰি আধা চামুচ শুকান আদাৰ গুড়ি খাব পাৰে। অৱশ্যে গৰ্ভাৱস্থাত ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ।
ৰক্ত শৰ্কৰাৰ (Blood Sugar)স্তৰ নিয়ন্ত্ৰণ কৰেঃ
শুকান আদাৰ গুড়িয়ে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে। এক চামুচ নিমখৰ সৈতে গৰম পানীত অলপ শুকান আদাৰ গুড়ি মিহলি কৰি খাব লাগে। ৰাতিপুৱা খালী পেটত এইদৰে সেৱন কৰিলে শৰীৰ স্বাস্থ্যবান হৈ থাকে।
শৰীৰৰ ফোলা হ্ৰাস কৰিবঃ
শুকান আদাৰ গুড়ি নিমখৰ সৈতে মিহলি কৰি খালে শৰীৰ ফোলা হ্ৰাস কৰে। ই বিশেষকৈ গাঁঠি আৰু আঙুলি ফোলা হ্ৰাস কৰে। ই আঘাতৰ ফলত ফোলা উঠা শৰীৰৰ যিকোনো স্থানৰ উপশমৰ ক্ষেত্ৰতো কাৰ্যকৰী।
(স্পষ্টীকৰণ : এই প্ৰবন্ধৰ বৰ্ণনা সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। নিউজ১৮-অসমে এইসূমহ নিশ্চিত নকৰে। ইয়াক কাৰ্যকৰী কৰাৰ পূৰ্বে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক অথবা পৰামৰ্শ গ্ৰহণ কৰক।)
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|