মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»নিজকে সংক্ৰমিত নকৰাকৈ কোৰোণা ৰোগীৰ যত্ন ল’বলৈ এই ৫টা কথা মনত ৰাখিব

নিজকে সংক্ৰমিত নকৰাকৈ কোৰোণা ৰোগীৰ যত্ন ল’বলৈ এই ৫টা কথা মনত ৰাখিব

News18 Assam | News18-Assam
Updated:May 13, 2021, 12:55 PM IST
নিজকে সংক্ৰমিত নকৰাকৈ কোৰোণা ৰোগীৰ যত্ন ল’বলৈ এই ৫টা কথা মনত ৰাখিব
ৰোগী আৰু চিকিৎসালয়ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, মৃদু লক্ষণ থকা ৰোগীসকলক হোম কোৱাৰেণ্টাইনত চিকিৎসা কৰিবলৈ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে।

ৰোগী আৰু চিকিৎসালয়ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, মৃদু লক্ষণ থকা ৰোগীসকলক হোম কোৱাৰেণ্টাইনত চিকিৎসা কৰিবলৈ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে।

  • Share this:
ঘৰত ৰোগীৰ যত্ন লোৱা লোকসকলৰ বাবে সুৰক্ষাৰ পৰামৰ্শ: কোৰোণা (Corona)ই সমগ্ৰ দেশজুৰি ইয়াৰ ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে। দৈনিক সংক্ৰমণৰ ঘটনাই নতুন ৰেকৰ্ড গঢ়িছে। সমগ্ৰ দেশতে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু চিকিৎসালয়সমূহত বিচনাৰ অভাৱ হোৱাৰ ফলত দেশৰ স্বাস্থ্য ব্যৱস্থা দুৰ্বল হৈ পৰিছে।

ৰোগী আৰু চিকিৎসালয়ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, মৃদু লক্ষণ থকা ৰোগীসকলক হোম কোৱাৰেণ্টাইনত চিকিৎসা কৰিবলৈ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্য (Family Member) কোৰোণাৰ সংক্ৰমণৰ কবলত পৰে তেন্তে আতংকিত নহ'ব। সংক্ৰমিত ৰোগীৰ ভালদৰে যত্ন লোৱাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰিব আৰু পৰিচাৰকে নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে। আপুনি সংক্ৰমিত নোহোৱাকৈ (Keep Yourself Safe) ঘৰত ৰোগীৰ যত্ন কেনেদৰে ল'ব পাৰে জানো আহক।

১. আপোনাৰ ঘৰটো যদি সৰু তেনেহ’লে আতংকিত নহ'ব

যদি আপোনাৰ ঘৰটো অতি সৰু হয় আৰু আপুনি ৰোগীক পৃথককৈ আইছ’লেচনত ৰাখিব নোৱাৰে তেন্তে আতংকিত নহ'ব। আপুনি কিছুমান দিশৰ প্ৰতি লক্ষ ৰাখি সংক্ৰমণৰ পৰা হাত সাৰি চলিব পাৰে। ৰোগীৰ পৰা অতি কমেও ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব। ঘৰৰ সকলো খিৰিকী আৰু দুৱাৰ খোলা ৰাখিব। লগতে, সকলো সময়তে ডাবল মাস্ক পিন্ধি থাকিব আৰু আপোনাৰ হাতত গ্ল’ভছ পিন্ধা কৰক। অকণমান সময়ৰ মূৰে-মূৰে চাবোন বা হেণ্ড চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰি থাকিব। যদি আপুনি এই নিয়মবোৰ পালন কৰে, তেনেহ’লে আপুনি ৰোগীৰ সৈতে থাকিও সংক্ৰমণৰ পৰা আঁতৰি থাকিব পাৰিব।

২. ঘৰত যদি এটাই বাথৰুম থাকে
বহুতো ঘৰত এটাই বাথৰুম থাকে। যদি আপোনাৰ ঘৰত এটা বাথৰুম আছে আৰু আপুনি কোৰোণা ৰোগীৰ সৈতে বাথৰুম শ্বেয়াৰ কৰিবলগীয়া হয়, তেন্তে ৰোগী বাথৰুমৰ পৰা অহাৰ পিছত সকলোবোৰ বস্তু চেনিটাইজ কৰক। যদি বাল্টিটোত পানী থাকে, সেইখিনি পেলাই দিব। বাথৰুমত অতিকৈ কম বস্তু ৰখা কৰক। ৰোগী বাথৰুমলৈ যোৱাৰ আগতে আপোনাৰ নিয়মীয়া কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰক। আপুনি বাথৰুমলৈ যাবলগীয়া হ’লে এইটো পুনৰ চেনিটাইজ কৰি ল’ব তাৰ পিছততে ব্যৱহাৰ কৰিব।

৩. পৃথক বাচন ব্যৱহাৰ কৰক

কোৰোণা সংক্ৰমিত পৰিয়ালৰ সদস্যৰ বাচন-বৰ্তনবোৰ পৃথককৈ ৰাখিব আৰু সেইবোৰ পৃথকে ধুব। এই বাচনবোৰ অকণমান সময় গৰম পানীত তিয়াই থোৱাৰ পিছতহে ধুব। এনে কৰিলে সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস হয়।

৪. ঘৰটো সঘনাই চেনিটাইজ কৰক
কিছু সময়ৰ মূৰে-মুৰে ৰোগীজন থকা কোঠাটো চেনিটাইজ কৰি থাকিব। লগতে, আপুনি সময় পোৱাৰ লগে লগে ঘৰৰ সকলো পৃষ্ঠ চেনিটাইজ কৰক। যদি আপুনি দিনে তিনিৰ পৰা চাৰিবাৰ চেনিটাইজ কৰে তেন্তে ভাল হ'ব। চেনিটাইজ গ্লোভছ পিন্ধিব আৰু পৰিষ্কাৰ কৰাৰ পিছত ৩০ ছেকেণ্ড সময় আপোনাৰ হাত চাবোনেৰে ভালদৰে পৰিষ্কাৰ কৰিব।

৫. আহাৰৰ যত্ন লওক
ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ যত্ন লোৱাৰ উপৰি, পৰিয়ালৰ আন সদস্যসকলেও তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰাখিব লাগিব। আপোনাৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ষ্টিম, জ্যুচ, হালধি গাখীৰ আৰু অত্যাৱশ্যকীয় ঔষধ গ্ৰহণ কৰি থাকিব। খাদ্যত ফল, পাচলি আৰু গাখীৰ আদি অন্তৰ্ভুক্ত কৰিব।

(Disclaimer: এই লিখনিৰ তথ্য আৰু সমল সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18-এ এইসমূহ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by: Sanjay Kumar Das
First published: May 13, 2021, 12:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি