মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Explained : এইবাৰ কোভিড-১৯ ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া ‘Black fungus’ সংক্ৰমণে মাতিছে বিপদ

Explained : এইবাৰ কোভিড-১৯ ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া ‘Black fungus’ সংক্ৰমণে মাতিছে বিপদ

News18 Assam | News18-Assam
Updated:May 10, 2021, 3:25 PM IST
Explained : এইবাৰ কোভিড-১৯ ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া ‘Black fungus’ সংক্ৰমণে মাতিছে বিপদ
দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটত কেইবাটাও এনে ৰোগৰ ঘটনা পোহৰলৈ অহাত এই সম্পৰ্কত দেওবাৰে ৰাষ্ট্ৰীয় কোভিড-১৯ টাস্ক ফ'ৰ্চৰ বিশেষজ্ঞসকলে এক প্ৰমাণ-আধাৰিত পৰামৰ্শও জাৰি কৰিছে।

দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটত কেইবাটাও এনে ৰোগৰ ঘটনা পোহৰলৈ অহাত এই সম্পৰ্কত দেওবাৰে ৰাষ্ট্ৰীয় কোভিড-১৯ টাস্ক ফ'ৰ্চৰ বিশেষজ্ঞসকলে এক প্ৰমাণ-আধাৰিত পৰামৰ্শও জাৰি কৰিছে।

  • Share this:
কোভিড সংহাৰে দেশবাসীক স্তম্ভিত কৰি ৰখাৰ সময়তে এইবাৰ একাংশ ৰাজ্যৰ কোভিড ৰোগীৰ মাজত দেখা গৈছে ‘Black fungus’ৰ সংক্ৰমণ। যাক লৈ সম্প্ৰতি চৰ্চা আৰম্ভ হৈছে। দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটত কেইবাটাও এনে ৰোগৰ ঘটনা পোহৰলৈ অহাত এই সম্পৰ্কত দেওবাৰে ৰাষ্ট্ৰীয় কোভিড-১৯ টাস্ক ফ'ৰ্চৰ বিশেষজ্ঞসকলে এক প্ৰমাণ-আধাৰিত পৰামৰ্শও জাৰি কৰিছে।

কি এই Black Fungus ৰোগ?

দৰাচলতে ই হৈছে এক বিৰল, গুৰুতৰ বেক্টেৰিয়া অৰ্থাৎ ফাংগেল সংক্ৰমণ। যাক মুকৰ্মাইকোচিছ (Mucormycosis) আৰু Black Fungus বুলি কোৱা হয়। কোভিড–১৯ টাস্ক ফ'ৰ্চৰ বিশেষজ্ঞসকলে জনায় যে পৰিৱেশত প্ৰাকৃতিকভাৱে থকা মুকৰ্মাইচিটেছ নামৰ ভেকুৰৰ এটা গোটৰ ফলত এই ৰোগ হয়। ই মুখ্যতঃ স্বাস্থ্যজনিত সমস্যাৰ বাবে ঔষধ গ্ৰহণ কৰি থকা লোকসকলক প্ৰভাৱিত কৰে, যাৰ স্বাস্থ্যই পৰিৱেশৰ বীজাণুৰ সৈতে যুঁজিবলৈ সামৰ্থ্য হ্ৰাস কৰে। এই ৰোগটো প্ৰায়ে ছালত প্ৰকট হয় আৰু হাওঁফাওঁ আৰু মগজুক প্ৰভাৱিত কৰে।

শেহতীয়াকৈ একাংশ ৰাজ্যৰ চিকিৎসকে চিকিৎসালয়ত ভৰ্তি হোৱা বা কোভিড–১৯ৰ পৰা সুস্থ হৈ উঠা হোৱা লোকসকলৰ মাজত এই ৰোগৰ ঘটনা বৃদ্ধি হোৱাৰ লগতে কিছুমানৰ জৰুৰী অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা লক্ষ্য কৰিছে। যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে চিকিৎসা মহল। কিয়নো সাধাৰণতে স্বাস্থ্যকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকসকলৰ বাবে এই ৰোগে এক ডাঙৰ ভাবুকিৰ সৃষ্টি নকৰে।

এই Fungusত সংক্ৰমিত হ'লে কেনেধৰণৰ লক্ষণ দেখা যায়?

ইয়াৰ লক্ষণবোৰৰ ভিতৰত আছে চকু বা নাকৰ চাৰিওফালে বিষ আৰু ৰঙা পৰা, জ্বৰ, মূৰৰ বিষ, কাঁহ, উশাহ চুটি হোৱা, ৰক্তক্ষয়ী বমি আৰু পৰিৱৰ্তিত মানসিক স্থিতি। কোভিড টাস্ক ফ'ৰ্চৰ পৰামৰ্শ অনুসৰি ইয়াৰ সংক্ৰমণৰ লক্ষণ এনেধৰণৰ -
* চাইনাচাইটিছ - নাকৰ সোপা মাৰি ধৰা, নাকেৰে ক'লা পানী বা তেজ ওলোৱা।

* নাক, গাল আৰু মুখমণ্ডলত বিষ আৰু জঠৰতা অনুভৱ হোৱা।
* নাক–মুখত ক'লা ৰং দেখা দিয়া।
* দাঁত দুৰ্বল হৈ পৰা।
* চকুত বিষ অনুভৱ হোৱাৰ লগতে কোনো বস্তু অস্পষ্ট দেখা পোৱা।
* থ্ৰম্বোচিছ, নেক্ৰোচিছ, ছালত ঘা হোৱা।
* বুকুৰ বিষ, হৃদযন্ত্ৰৰ প্ৰবাহ, শ্বাস-প্ৰশ্বাসৰ লক্ষণৰ অৱনতি।

সেয়েহে বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে নাক অৱৰুদ্ধ হোৱাৰ সকলো ঘটনাই বেক্টেৰিয়া চাইনাচাইচিছ ঘটনা হিচাপে বিবেচিত কৰা অনুচিত, বিশেষকৈ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাযুক্ত কোভিড–১৯ ৰোগীৰ ক্ষেত্ৰত।

ইয়াৰ চিকিৎসা কেনেধৰণৰ?

এই ৰোগক এণ্টিফাংগালৰ দ্বাৰা চিকিৎসা কৰা হয়। চিকিৎসা কেতিয়াবা ইয়াৰ বাবে অস্ত্ৰোপচাৰৰো প্ৰয়োজন হ'ব পাৰে। চিকিৎসকে জনায় যে ইয়াৰ বাবে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা, ষ্টেৰইড ব্যৱহাৰ হ্ৰাস কৰা আৰু ইমিউনোমডুলেটিং ঔষধ বন্ধ কৰাটো অতি গুৰুত্বপূৰ্ণ। পৰ্যাপ্ত প্ৰণালীবদ্ধ হাইড্ৰেচন বজাই ৰাখিবলৈ এম্পোটেৰিচিন বি আৰু এণ্টিফাংগাল থেৰাপীৰ পূৰ্বে কমেও ৪-৬ সপ্তাহৰ বাবে স্বাভাৱিক চেলাইন ল'ব লাগিব।

টাস্ক ফ'ৰ্চৰ বিশেষজ্ঞসকলে ইয়াৰ বাবে হাইপাৰগ্লাইচেমিয়া নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু কোভিড–১৯ চিকিৎসাৰ পিছত সকলোৰে ৰক্ত শৰ্কৰাৰ স্তৰ নিৰীক্ষণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

সকলোৱে মনত ৰাখিব লাগে যে ই এক বিৰল ৰোগ। অৱশ্যে কিছুমান লোক এইক্ষেত্ৰত অধিক অসুৰক্ষিত। অনিয়ন্ত্ৰিত ডায়েবেটিচ মেলিটাছ, ষ্টেৰইডৰ দ্বাৰা ইমিউনোচাপ্ৰেচন, দীঘলীয়া সময়জুৰি আইচিইউ থকা লোকসকল অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

সেয়েহে ইয়াৰ বাবে ধূলিময় নিৰ্মাণ ক্ষেত্ৰসমূহ পৰিদৰ্শনৰ সময়ত মাস্ক ব্যৱহাৰ কৰা, বাগিচাৰ কামৰ পৰা আৰম্ভ কৰি মাটিৰ সৈতে কৰা ভিন্ন কামৰ বাবে হাতমোজা পিন্ধা আৰু সম্পূৰ্ণ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে।
Published by: Sanjay Kumar Das
First published: May 10, 2021, 3:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি