মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»পেটৰ চৰ্বিক লৈ সমস্যাত পৰিছে নেকি? কেনেদৰে ইয়াৰ পৰা লাভ কৰিব মুক্তি?

পেটৰ চৰ্বিক লৈ সমস্যাত পৰিছে নেকি? কেনেদৰে ইয়াৰ পৰা লাভ কৰিব মুক্তি?

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:27 PM IST
পেটৰ চৰ্বিক লৈ সমস্যাত পৰিছে নেকি? কেনেদৰে ইয়াৰ পৰা লাভ কৰিব মুক্তি?
শৰীৰৰ এই অংশৰ পৰা চৰ্বি হ্ৰাস কৰাটো অত্যন্ত কঠিন যদিও এনে কিছুমান পদ্ধতি আছে যিয়ে আপোনাৰ অতিৰিক্ত পেটৰ চৰ্বি হ্ৰাস কৰা সহায় কৰিব পাৰে।

শৰীৰৰ এই অংশৰ পৰা চৰ্বি হ্ৰাস কৰাটো অত্যন্ত কঠিন যদিও এনে কিছুমান পদ্ধতি আছে যিয়ে আপোনাৰ অতিৰিক্ত পেটৰ চৰ্বি হ্ৰাস কৰা সহায় কৰিব পাৰে।

  • Share this:
পেটৰ চৰ্বি অৰ্থাৎ বেলী ফেট কিন্তু আন কোনো ডাঙৰ সমস্যাতকৈ কম নহয়। কিয়নো ইয়ে আপোনাক বহু সময়ত আপোনাৰ পছন্দৰ পোছাকযোৰ পিন্ধাৰ সময়তো অস্বস্তিত পেলায়। আনটো বাদেই দিয়ক ই আপোনাৰ শৰীৰৰ বাবেও অতি বিপজ্জনক। ইয়াক আপোনাৰ শৰীৰত গঢ় লৈ উঠা এক প্ৰকাৰৰ অন্তিম পৰ্যায়ৰ চৰ্বি বুলিও ক'ব পাৰি, যিয়ে মধুমেহ ৰোগ, হৃদৰোগৰ দৰে বেমাৰৰ সৃষ্টি কৰিব পাৰে।

অৱশ্যে, শৰীৰৰ এই অংশৰ পৰা চৰ্বি হ্ৰাস কৰাটো অত্যন্ত কঠিন যদিও এনে কিছুমান পদ্ধতি আছে যিয়ে আপোনাৰ অতিৰিক্ত পেটৰ চৰ্বি হ্ৰাস কৰা সহায় কৰিব পাৰে। সেয়েহে পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ বৈজ্ঞানিক অধ্যয়নে সমৰ্থন কৰা চাৰিটা কাৰ্যকৰী পৰামৰ্শ জানি লওক আপুনি।

প্ৰথমে আপুনি ট্ৰান্স চৰ্বিযুক্ত খাদ্য গ্ৰহণ পৰিহাৰ কৰৰক : 

এই ট্ৰান্স চৰ্বিক অসংপৃক্ত চৰ্বিত হাইড্ৰ’জেন পাম্প কৰি তৈয়াৰ কৰা হয়, ই হৃদৰোগ হোৱাৰ আশংকা বৃদ্ধি কৰাৰ লগতে ইনচুলিনৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। বান্দৰৰ ওপৰত কৰা ছয় বছৰীয়া অধ্যয়নত দেখা গৈছে যে, উচ্চ ট্ৰান্স চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰা বান্দৰে উচ্চ এক সংপৃক্ত চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰা বান্দৰৰ তুলনাত পেটত ৩৩ শতাংশ অধিক চৰ্বি জমা কৰে। পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ আৰু সুস্বাস্থ্যৰ বাবে সকলো সামগ্ৰীৰে উৎপাদন লেবেলটো ভালকৈ পঢ়িব আৰু যিসমূহৰ ট্ৰান্স ফেট থাকে, তেনে খাদ্য গ্ৰহণৰ পৰা দূৰত থাকিব। বহু অধ্যয়নে পেটৰ চৰ্বি বৃদ্ধিৰ অন্যতম কাৰণ ট্ৰান্স চৰ্বি অধিক গ্ৰহণকে দায়ী বুলি উল্লেখ কৰিছে। যদি আপুনি ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে তেন্তে ট্ৰান্স চৰ্বি গ্ৰহণ সীমিত কৰাই অতি উত্তম উপায়।

গ্ৰীন টি চাহ খোৱাৰ অভ্যাস গঢ়ি তোলক :

গ্ৰীন টি হৈছে এক ব্যতিক্ৰমী স্বাস্থ্যকৰ পানীয়। ইয়াত কেফিন আৰু এণ্টিঅক্সিডেণ্ট এপিগালেকেটচিচি গেলেট ইজিচিজি থাকে যি শৰীৰৰ বিপাক বৃদ্ধি কৰে। দৈনিক গ্ৰীন টি সেৱন কৰিলে নিৰন্তৰভাৱে ওজন হ্ৰাস কৰাত সহায় কৰে। যদিহে ই আপোনাৰ বাবে কম কাৰ্যকৰী হয়, তেন্তে আপুনি ইয়াত নিয়মিত ব্যায়াম অন্তৰ্ভূক্ত কৰি লওক।

ইণ্টাৰমিটেন্ট ফাষ্টিং কৰা আৰম্ভ কৰক :

ইণ্টাৰমিটেণ্ট ফাষ্টিং হৈছে ওজন হ্ৰাস কৰাৰ আন এক পদ্ধতি, যি সম্প্ৰতি অত্যধিক অনুশীলন কৰা হয়। ই খোৱাৰ সময় আৰু ফাষ্টিং থকাৰ সময়ৰ মাজত এটা চক্ৰ বনায়। ইয়াৰ আটাইতকৈ জনপ্ৰিয় পদ্ধতিবোৰৰ ভিতৰত আছে সপ্তাহত এবাৰ বা দুবাৰ কৈ ২৪ ঘণ্টা ফাষ্টিঙত থকা। আন এক ধৰণে প্ৰতিদিনে ১৬ ঘণ্টা ফাষ্টিঙত থকা আৰু ৪ ঘণ্টাৰ ভিতৰত আপোনাৰ সকলো খাদ্য গ্ৰহণ কৰাক বুজায়। এনেদৰে ফাষ্টিং কৰা মানুহে ৬ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত পেটৰ চৰ্বি চাৰিৰ পৰা সাত শতাংশ হ্ৰাস অনুভৱ কৰা হয়। অধ্যয়নে কৈছে যে, এইটো ওজন হ্ৰাস আৰু পেটৰ চৰ্বি হ্ৰাস কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায় হ'ব পাৰে। যদিও ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ হ'লে ইণ্টাৰমিটেণ্ট ফাষ্টিং তৎক্ষণিকভাৱে বন্ধ কৰিব লাগে।

জীৱনশৈলী সলনি কৰক :

যদি আপুনি ভাবে যে আপোনাৰ চলিত জীৱনশৈলী কিছু সলনি কৰিলে, কোনো বেছি পাৰ্থক্য নহ'ব তেন্তে আপুনি ভুল। আপুনি অনুভৱ নকৰিব যে ওজন হ্ৰাস কৰাৰ বহু উপায় আপোনাৰ জীৱনশৈলী আৰু স্বাস্থ্যকৰ খাদ্যৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। সেয়েহে, আপোনাৰ পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ আৰু ইয়াৰ পুনৰ ঘূৰি অহা কাৰ্যক প্ৰতিহত কৰিবলৈ আপোনাৰ জীৱনশৈলী দীৰ্ঘ সময়ৰ বাবে সলনি কৰাটো হ'ব এক উত্তম  উপায়।  সেয়েহে আপুনি আপোনাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী স্থায়ীভাৱে সলনি কৰাৰ কথা চিন্তা কৰক।
Published by: Sanjay Kumar Das
First published: March 4, 2021, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি