মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»অত্যধিক নিমখ খাই বিপদ চপাই নল’ব, স্বাস্থ্যৱান থাকিবলৈ দৈনিক ৫ গ্ৰাম নিমখেই যথেষ্ট!

অত্যধিক নিমখ খাই বিপদ চপাই নল’ব, স্বাস্থ্যৱান থাকিবলৈ দৈনিক ৫ গ্ৰাম নিমখেই যথেষ্ট!

News18 Assam | News18-Assam
Updated:May 14, 2021, 11:38 AM IST
অত্যধিক নিমখ খাই বিপদ চপাই নল’ব, স্বাস্থ্যৱান থাকিবলৈ দৈনিক ৫ গ্ৰাম নিমখেই যথেষ্ট!
যদি খাদ্যত নিমখ বেছি থাকে, ই ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে। তদুপৰি, ই হাড়বোৰো দুৰ্বল কৰে।

যদি খাদ্যত নিমখ বেছি থাকে, ই ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে। তদুপৰি, ই হাড়বোৰো দুৰ্বল কৰে।

  • Share this:
How Much Salt Should We Eat : নিমখ (Salt) আমাৰ খাদ্যৰ এক গুৰুত্বপূৰ্ণ উপাদান, কিন্তু যদি আমি ইয়াক আমাৰ খাদ্যত অত্যধিক পৰিমাণে যোগ কৰা আৰম্ভ কৰো, ই আমাৰ স্বাস্থ্যৰ (Health) বাবে ক্ষতিকাৰক হ'ব পাৰে। এই পৰিপ্ৰেক্ষিতত, বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই এক নতুন নিৰ্দেশনা জাৰি কৰিছে। মানুহে দৈনিক (Daily intake) মাত্ৰ ৫ গ্ৰাম নিমখ সেৱন কৰা উচিত। সংগঠনটোৱে কয় যে পৃথিৱীৰ মানুহে সাধাৰণতে তেওঁলোকৰ দৈনন্দিন আহাৰত দুগুণ নিমখ ব্যৱহাৰ কৰে যাৰ ফলত বহু মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বিশ্বৰ বেছিভাগ লোকে দৈনিক গড়ে ৯ৰ পৰা ১২ গ্ৰাম নিমখ সেৱন কৰি আছে, কিন্তু যদি নিমখৰ ব্যৱহাৰ অনুমোদিত স্তৰলৈ হ্ৰাস কৰা হয় তেন্তে বিশ্বব্যাপী ২.৫ নিযুত মৃত্যু প্ৰতিৰোধ কৰিব পাৰি।

ছডিয়াম আৰু পটাছিয়ামৰ বেলেঞ্চ প্ৰয়োজনীয়

বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বজুৰি ছডিয়ামৰ স্তৰক লৈ এক গ্ল’বেল ছডিয়াম বেঞ্চমাৰ্ক ফৰ ছডিয়াম লেভেল ইন ফুড প্ৰস্তুত কৰিছে, যাৰ জৰিয়তে মানুহৰ জীৱন বচোৱাৰ ক্ষেত্ৰত ৬০টাতকৈ অধিক খাদ্যৰ শ্ৰেণীত ছডিয়ামক লৈ এক নতুন মান প্ৰস্তুত কৰিছে। ধাৰণা কৰা হৈছে যে ইয়াৰ ফলত ২০২৫ চনৰ ভিতৰত বিশ্বজুৰি নিমখৰ ব্যৱহাৰ ৩০ শতাংশ হ্ৰাস কৰিব।

স্বাস্থ্য বিশেষজ্ঞসকলে বিশ্বাস কৰে যে আমাৰ শৰীৰত ছডিয়াম আৰু পটাছিয়ামৰ ভাৰসাম্য অতি গুৰুত্বপূৰ্ণ। যদি কম পটাছিয়াম থকা শৰীৰত অধিক ছডিয়াম সেৱন কৰা হয়, ই যিকোনো মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। তদুপৰি, যদি খাদ্যত নিমখ বেছি থাকে, ই ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে। তদুপৰি, ই হাড়বোৰো দুৰ্বল কৰে।

কোনবোৰ সামগ্ৰীয়ে শৰীৰত নিমখৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি কৰে
আমি সকলোৱে জানো যে স্বাস্থ্যকৰ প্লাজমা গঠন কৰিবলৈ আৰু স্নায়ু স্বাস্থ্যৱান ৰাখিবলৈ নিমখ সেৱন প্ৰয়োজনীয়। কিন্তু কিছুমান সংসাধিত খাদ্য (Processed foods) আছে যিবোৰ সেৱন কৰিলে শৰীৰত নিমখৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি হয়। খাদ্য শ্ৰেণী যেনে সংসাধিত খাদ্য, পেকেটযুক্ত খাদ্য, দুগ্ধজাত খাদ্য আৰু মাংস, মচলা, লঘু আহাৰত যথেষ্ট নিমখ থাকে।

নিমখৰ লাভালাভ আৰু অসুবিধা

আমাৰ শৰীৰ সক্ৰিয় ৰখাত নিমখ অতি গুৰুত্বপূৰ্ণ। ই শৰীৰক হাইড্ৰেটেড ৰাখে আৰু থাইৰইডক সঠিকভাৱে কাম কৰাত সহায় কৰে। ই নিম্ন ৰক্তচাপ (Low BP) স্বাভাৱিক কৰে আৰু চিষ্টিক ফাইব্ৰোচিছৰ লক্ষণবোৰো উন্নত কৰে। যেতিয়া ইয়াৰ অসুবিধাৰ কথা আহে, অত্যধিক নিমখ গ্ৰহণে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু ষ্ট্ৰোক, উচ্চ ৰক্তচাপ আৰু বৃক্কৰ ৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰিব পাৰে।

(Disclaimer : এই লিখনিৰ তথ্য আৰু সমল সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18-এ এইসমূহ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by: Sanjay Kumar Das
First published: May 14, 2021, 11:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি