Healthiest Option For Milk : ছুপাৰ ফুড বুলিলে সকলোতকৈ প্ৰথমে আহে গাখীৰৰ নাম। গাখীৰে শৰীৰত প্ৰয়োজন মতে কেলচিয়াম, ভিটামিন ডি, পটেছিয়ামৰ প্ৰয়োজনীয়তা পূৰণ কৰে। কিছুমান মানুহে ঠাণ্ডা গাখীৰ খাই ভাল পায় আৰু কিছুমানে গৰমে গৰমে। প্ৰশ্ন উঠে যে গাখীৰ খোৱাৰ সঠিক পদ্ধতি কি হ’ব পাৰে। এই দুয়োধৰণৰ গাখীৰত পুষ্টিকৰ গুণ পৃথক পৃথক হয়নে একেই থাকে। বিশেষজ্ঞৰ মতে, এই দুই ধৰণৰ পদ্ধতিৰ লাভালাভ বেলেগ বেলেগ হয়। গাখীৰ ঠাণ্ডাকৈ খাবনে গৰম, এয়া নিৰ্ভৰ কৰে বতৰৰ ওপৰত।
ঠাণ্ডা গাখীৰ দিনৰ সময়ত বা গৰমত খোৱাটো অধিক লাভজনক। ইয়াক সেৱন কৰিলে দেহৰ গৰম ভাৱ দূৰ হয়, শৰীৰটো ভিতৰৰ পৰা ঠাণ্ডা হয়। সেইদৰে ঠাণ্ডাৰ দিনত নিশা গাখীৰ খালে গৰম গাখীৰ খাব পাৰে। গৰম গাখীৰে শৰীৰক গৰম কৰি ৰাখে আৰু ঠাণ্ডাৰ পৰা ৰক্ষা কৰে।
আচলতে গৰম গাখীৰ হজম কৰা সহজ। গৰম গাখীৰ সেৱন কৰিলে ডায়েৰীয়া, গেছ আদিৰ দৰে সমস্যাৰ পৰা ৰক্ষা পাব পাৰি। নিশা গৰম গাখীৰ খালে ভাল টোপনি আহে। আনহাতে, ঠাণ্ডা গাখীৰত কেলচিয়াম ইণ্টেক অধিক থাকে। যাৰ ফলত ঠাণ্ডা গাখীৰ খালে পেটৰ জ্বলন আৰু এচিডিটীৰ পৰা মুক্তি পোৱা যায়। লগতে ইলেকট্ৰ’লাইট হোৱাৰ বাবে ই শৰীৰক হাইড্ৰেটেড কৰি ৰাখে। সেইবাবে নিশাৰ সময়ত ঠাণ্ডা গাখীৰ খোৱাৰ পৰামৰ্শ দিয়া নহয়। ইয়াৰ ফলত কফ, ক’ল্ড আদি সমস্যা হ’ব পাৰে।
কিছুমান মানুহে গাখীৰক ওজন বঢ়াৰ এটা কাৰণ বুলি ভাৱে যিটো একেবাৰে ভুল। গাখীৰত পোৱা কেলচিয়াম মেটাবোলিজ্ম বৃদ্ধি কৰে যাৰ ফলত শৰীৰে দ্ৰুতগতিত কেলৰী বাৰ্ণ কৰে। ইমানেই নহয়, ঠাণ্ডা গাখীৰ খালে পেট দীৰ্ঘ সময়লৈ ভৰি থাকে আৰু ভোক নালাগে।
(Disclaimer : এই লিখনী সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18 অসমে এয়া নিশ্চিত নকৰে। এয়া অনুসৰণ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লওক।)
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|