মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Bloating and Gas: পেট ফুলা আৰু গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ ব্যৱহাৰ কৰক এই ঘৰুৱা উপায়

Bloating and Gas: পেট ফুলা আৰু গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ ব্যৱহাৰ কৰক এই ঘৰুৱা উপায়

News18 Assam | News18-Assam
Updated:April 1, 2021, 2:28 PM IST
Bloating and Gas: পেট ফুলা আৰু গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ ব্যৱহাৰ কৰক এই ঘৰুৱা উপায়
যদি আপুনি প্ৰায়ে ভুক্তভোগী হয়, এই সহজ পৰামৰ্শবোৰ অনুসৰণ কৰক আৰু ইয়াৰ পৰা মুক্তি পাওক।

যদি আপুনি প্ৰায়ে ভুক্তভোগী হয়, এই সহজ পৰামৰ্শবোৰ অনুসৰণ কৰক আৰু ইয়াৰ পৰা মুক্তি পাওক।

  • Share this:
পেট ফুলা বা ব্লটিঙ (Bloating) সমস্যাৰ বাবে অস্বস্তি অনুভৱ কৰে নেকি আপুনি? এইটো প্ৰায়ে গেছ (Gas)ৰ ফলত বা অত্যধিক খাদ্য খোৱা (Overeating)ৰ ফলত হয়। ইয়াৰ ফলত খুব অস্বস্তি অনুভৱ কৰিবলগীয়া হয়। আমাৰ শৰীৰ প্ৰণালীত গেছৰ অতিৰিক্ত সৃষ্টি হোৱাৰ ফলত অস্বস্তিৰ সৃষ্টি কৰে। পেট ফুলা প্ৰায়ে কিছুমান উপাদান আৰু গেছ উৎপাদনকাৰী খাদ্য যেনে বীন, দাইল আদি খোৱাৰ ফলত হয়। যদি আপুনি প্ৰায়ে ভুক্তভোগী হয়, এই সহজ পৰামৰ্শবোৰ অনুসৰণ কৰক আৰু ইয়াৰ পৰা মুক্তি পাওক। এই পৰামৰ্শবোৰ এই সমস্যাটোৰ মোকাবিলা কৰাত অতি কাৰ্যকৰী।

কেৱল পানী সেৱন কৰক: চ’ডা (Soda) বা কাৰ্বনেটেড (Carbonated) পানীয় পৰিহাৰ কৰিব যাৰ ফলত গেছ আৰু পেট ফুলে। উদাহৰণ স্বৰূপে, সুৰা আৰু ফিজি পানীয় বাদ দিয়ক আৰু কেৱল পানীক আপোনাৰ মুখ্য পানীয় হিচাপে লোৱাৰ অভ্যাস ককক।

নিমখীয়া খাদ্য (Salty Food) পৰিহাৰ কৰক: নিমখীয়া খাদ্যত যথেষ্ট পৰিমাণৰ ছডিয়াম সামগ্ৰী থকাৰ ফলত ডিহাইড্ৰেচন (Dehydration) হয় যাৰ ফলত পেট ফুলা বা জ্বলন হয়। সেয়েহে নিমখীয়া খাদ্য যেনে ৰুটি, ফ্ৰ’জেন ফুড, প্ৰচেছড ফুড, মাংস, মচলা আদি খোৱা পৰিহাৰ কৰিব।

লাহে লাহে খোৱা কৰক: পেট ফুলাৰ আটাইতকৈ সচৰাচৰ কাৰণ হৈছে অতি সোনকালে খোৱা। এই ধৰণৰ অভ্যাসৰ ফলত গেছ সৃষ্টি হয়, সেয়েহে আপোনাৰ খাদ্য লাহে লাহে খাব, অৰ্থাৎ বহু কেইবাৰত কম-কমকৈ খোৱাৰ অভ্যাস কৰিব। লগতে খাদ্য গিলি থোৱাৰ পৰিৱৰ্তে ভালদৰে চোবাই খোৱাৰ প্ৰতি মনোযোগ দিয়ক।

প্ৰ'বায়োটিক (Probiotic) খাদ্য খোৱা কৰক: দৈৰ দৰে প্ৰ'বায়োটিক বেক্টেৰিয়া সমৃদ্ধ খাদ্য গ্ৰহণ কৰক। এইবোৰে পেট ফুলা আৰু গেছৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। একে সময়তে ই অন্ত্ৰত ভাল বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে পাচন প্ৰক্ৰিয়া (Digestive Processes) উন্নত কৰাত সহায় কৰে।

সঠিক খাদ্য গ্ৰহণ কৰক: কিছুমান খাদ্যই পেট ফুলাৰ সৈতে যুঁজ দিয়াত সহায় কৰিব পাৰে। এই খাদ্যবোৰৰ ভিতৰত আছে মিঠা আলু, ৰঙালাউ, এভোকেডো, কল, সেউজীয়া শাক, কমলা, বিলাহী, আজৱাইন, আদা, কাকড়ী আদি। এই ধৰণৰ বস্তুবোৰ আপোনাৰ খাদ্য তালিকাত লোৱা আৰম্ভ কৰক।

(Disclaimer : এই লিখনীৰ সমল আৰু তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18–এ এইসমূহ নিশ্চিত নকৰে। এইবোৰ প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by: Sanjay Kumar Das
First published: April 1, 2021, 2:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি