মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»কোৰোণাৰ পৰা সোনকালে আৰোগ্য লাভ কৰিবলৈ কি খোৱা উচিত? কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে বিশেষ ডায়েট প্লান

কোৰোণাৰ পৰা সোনকালে আৰোগ্য লাভ কৰিবলৈ কি খোৱা উচিত? কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে বিশেষ ডায়েট প্লান

News18 Assam | News18-Assam
Updated:May 11, 2021, 12:24 PM IST
কোৰোণাৰ পৰা সোনকালে আৰোগ্য লাভ কৰিবলৈ কি খোৱা উচিত? কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে বিশেষ ডায়েট প্লান
ভাৰত চৰকাৰে (Indian Government) ৰোগীসকলৰ দ্ৰুত আৰোগ্যৰ বাবে এক সৰল ডায়েট প্লান (Diet Plan) শ্বেয়াৰ কৰিছে।

ভাৰত চৰকাৰে (Indian Government) ৰোগীসকলৰ দ্ৰুত আৰোগ্যৰ বাবে এক সৰল ডায়েট প্লান (Diet Plan) শ্বেয়াৰ কৰিছে।

  • Share this:
Healthy Diet Plan For Corona Patients : কোৰোণা ভাইৰাছে (Corona virus) ভাৰতত ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে। দেশখনে বৰ্তমান মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে মোকাবিলা কৰি আছে আৰু বিশেষজ্ঞসকলে তৃতীয় ঢৌৰ বিষয়ে সতৰ্কতা জাৰিছে। সক্ৰিয় ঘটনা আৰু আৰোগ্যৰ ঘটনাৰ মাজত এতিয়াও এক বৃহৎ পাৰ্থক্য আছে। দেশৰ কেইবাখনো ৰাজ্যই কোৰোণা সংক্ৰমণৰ শৃংখলা ভাঙিবলৈ লকডাউন ঘোষণা কৰিছে। আনহাতে বহুতো ৰাজ্যই নাগৰিকসকলক ঘৰত থাকিবলৈ আৰু কেৱল অত্যাৱশ্যকীয় উদ্দেশ্যৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ নিৰ্দেশনা জাৰি কৰিছে। ৰোগীৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি, বহুতো কোভিড-১৯ ৰোগীক হোম আইছ’লেচনত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। অৱনতি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ভাৰত চৰকাৰে (Indian Government) ৰোগীসকলৰ দ্ৰুত আৰোগ্যৰ বাবে এক সৰল ডায়েট প্লান (Diet Plan) শ্বেয়াৰ কৰিছে।

এবিপি নিউজৰ মতে, ঘৰত, চিকিৎসালয় বা শিবিৰত থকা আৰু চিকিৎসাধীন ৰোগীসকলৰ বাবে চৰকাৰে mygovindiaৰ টুইটাৰ হেণ্ডেলত ডায়েট প্লান শ্বেয়াৰ কৰিছে।

১. তিয়াই থোৱা বাদাম আৰু কিচমিছৰে দিনটোৰ আৰম্ভ কৰক

চৰকাৰে শ্বেয়াৰ কৰা আহাৰ পৰিকল্পনাত কোৱা হৈছে যে আপুনি প্ৰতিদিনে তিয়াই থোৱা বাদাম আৰু কিচমিছৰে দিনটোৰ আৰম্ভ কৰা উচিত। পৰিকল্পনাটোৱে খাদ্যক কেৱল পুষ্টিকৰ কৰি তোলাই নহয় ইয়াক সুস্বাদু কৰি তোলে। জনোৱা হৈছে যে যদি আপুনি কোভিড-১৯ ৰোগী, আপুনি প্ৰ'টিন আৰু আইৰনৰ বাবে বাদাম খোৱা কৰিব লাগিব।

২. ব্ৰেক ফাষ্টৰ বাবে ৰাগি দোচা বা এবাটি ডালিয়া
আপুনি ব্ৰেকফাষ্টত ৰাগি দোছা খাব পাৰে। ইয়াৰ উপৰিও ব্ৰেকফাষ্টত এবাটি ডালিয়াও খোৱা কৰিব পাৰে। আপুনি গ্লুটেন-মুক্ত আৰু অত্যধিক ফাইবাৰৰ বিকল্পও বাছনি কৰিব পাৰে।

৩. দুপৰীয়াৰ আহাৰত গুড় আৰু ঘিউ অত্যাৱশ্যকীয়

আহাৰ পৰিকল্পনাই দুপৰীয়াৰ আহাৰৰ সময়ত গুড় আৰু ঘিউ গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে। পৰিকল্পনা অনুসৰি, আপুনি দুপৰীয়াৰ আহাৰৰ সময়ত বা পিছত গুড় আৰু ঘিউ খাব পাৰে। আপুনি ইয়াক ৰুটিৰ সৈতেও খাব পাৰে। জনাই দিওঁ যে গুড় আৰু ঘিউ দুয়োটাই শৰীৰ গৰম আৰু শক্তিশালী ৰখাত সহায় কৰে আনহাতে সেইবোৰত সমৃদ্ধ গুণাগুণো থাকে যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪. ৰাতিৰ আহাৰত খিচিৰি ব্যৱহাৰ কৰা
এই ডায়েট প্লান অনুসৰি, আপুনি গধুৰ নৈশ আহাৰৰ সলনি খিচিৰি খোৱা উচিত কিয়নো ইয়াত সকলো অত্যাৱশ্যকীয় পুষ্টি থাকে। ই পেটৰ বাবে পাতল হয় আৰু ভাল টোপনিত সহায় কৰে।

৫. নিজকে হাইড্ৰেটেড ৰাখক
নিজকে হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। পৰিকল্পনাটোৰ মুখ্য পৰামৰ্শটো হ'ল যে পানী সেৱন কৰাৰ উপৰিও আপুনি ঘৰত লেমোনেড সেৱন কৰিব পাৰে। আপোনাৰ দৈনন্দিন ৰুটিনত ঘৰত তৈয়াৰ কৰা জ্যুচো অন্তৰ্ভুক্ত কৰিব পাৰে।
Published by: Sanjay Kumar Das
First published: May 11, 2021, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি