মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »ডায়েবেটিছৰ পৰা কোষ্ঠকাঠিন্যৰ সমস্যালৈ... বুটে আপোনাক দিব এই সকলো সমস্যাৰ সমাধান!

ডায়েবেটিছৰ পৰা কোষ্ঠকাঠিন্যৰ সমস্যালৈ... বুটে আপোনাক দিব এই সকলো সমস্যাৰ সমাধান!

আমাৰ শৰীৰৰ বাবে বুট (Black chickpea) এবিধ অত্যন্ত উপকাৰী খাদ্য।

আমাৰ শৰীৰৰ বাবে বুট (Black chickpea) এবিধ অত্যন্ত উপকাৰী খাদ্য।

আমাৰ শৰীৰৰ বাবে বুট (Black chickpea) এবিধ অত্যন্ত উপকাৰী খাদ্য।

  • Share this:
Black Chickpeas Benefits: ক'লা বুট (Black chickpea) আমাৰ স্বাস্থ্যৰ বাবে এই অতি উপকাৰী খাদ্য। আমাৰ শৰীৰৰ বহু সমস্যাৰ ক্ষেত্ৰতো কাৰ্যকৰী ৰূপে বিবেচিত হৈ আহিছে বুট। দৰাচলতে বুট কাৰ্বোহাইড্ৰেট, প্ৰ'টিন, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম আৰু খনিজ পদাৰ্থ সমৃদ্ধ। ইয়াৰোপৰি বুটত সকলো ধৰণৰ ভিটামিন (Vitamins) এ, বি, চি, ডি থকাৰ লগতে ফছফৰাছ, পটাছিয়ামো উপলব্ধ। এই সকলোবোৰ গুণৰ বাবেই আপুনি যদি পুৱাৰ আহাৰ হিচাপে বুট গ্ৰহণ কৰে, তেন্তে ই কেৱল শৰীৰক শক্তিশালী কৰাই নহয় মগজুৰ পৰা হৃদযন্ত্ৰৰ লগতে ছালকো স্বাস্থ্যৱান কৰি ৰাখে। গতিকে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে বুটৰ আন কেতবোৰ গুণৰ বিষয়ে জানো আহক।

১. ডায়েবেটিচৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী

ডায়েবেটিচ ৰোগীৰ বাবে ক'লা বুটক ছুপাৰফুড বুলি ক'ব পাৰি। দৰাচলতে এটা বুটত প্ৰায় ১৩ গ্ৰাম আহাৰৰ ফাইবাৰ থাকে, যি তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে। ইয়াত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা ফাইবাৰ থাকে। গতিকে ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক ক'লা বুট গ্ৰহণ কৰিব লাগে।

২. ওজন হ্ৰাস কৰে

বুটত কলেষ্ট'ৰেলৰ স্তৰ হ্ৰাস কৰাৰো গুণ আছে। কলেষ্ট'ৰেলৰ স্তৰ নিয়ন্ত্ৰণলৈ আহিলে শৰীৰৰ ওজন হ্ৰাস সহজ হয়। ইয়াত থকা ফাইবাৰে ওজন হ্ৰাস কৰে কিন্তু ইয়াক অত্যাৱশ্যকীয় পুষ্টিও প্ৰদান কৰে। আপুনি বুটক চালাড হিচাপেও ব্যৱহাৰ কৰিব পাৰে।

৩. হৃদৰোগৰ পৰা সকাহ দিয়ে

ক'লা বুটত বহুতো এণ্টিঅক্সিডেণ্ট থাকে যিবোৰে আমাৰ হৃদযন্ত্ৰ উন্নত কৰি ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াত থকা ফাইবাৰে কলেষ্ট'ৰেলৰ হ্ৰাস কৰে যি হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

৪. কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে

ইয়াত ভাল পৰিমাণৰ ফাইবাৰ থাকে সেয়েহে ইয়াক হজম কৰিবলৈও সহজ। পুৱা নিমখ, জিৰা গুৰি আৰু নেমুৰ ৰসৰ সৈতে নিয়মীয়াকৈ তিয়াই থোৱা বুট খাব, যি সোৱাদ বৃদ্ধি কৰিব আৰু কোষ্ঠকাঠিন্যৰ পৰাও সকাহ দিব।

শেহতীয়া বাতৰি