মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Flowers Use As Medicines: এই ৭ বিধ ফুলেৰেই কৰিব পাৰি বহু ৰোগৰ চিকিৎসা! কি ফুল কেনেদৰে ব্যৱহাৰ হ'ব জানি লওক

Flowers Use As Medicines: এই ৭ বিধ ফুলেৰেই কৰিব পাৰি বহু ৰোগৰ চিকিৎসা! কি ফুল কেনেদৰে ব্যৱহাৰ হ'ব জানি লওক

News18 Assam | News18-Assam
Updated:June 1, 2021, 2:11 PM IST
Flowers Use As Medicines: এই ৭ বিধ ফুলেৰেই কৰিব পাৰি বহু ৰোগৰ চিকিৎসা! কি ফুল কেনেদৰে ব্যৱহাৰ হ'ব জানি লওক
আপোনাক ঔষধিভাৱে সহায় কৰিব পৰা এনে কিছুমান বিশেষ ফুলৰ বিষয়ে জানো আহক।

আপোনাক ঔষধিভাৱে সহায় কৰিব পৰা এনে কিছুমান বিশেষ ফুলৰ বিষয়ে জানো আহক।

  • Share this:
ভাৰতীয় আয়ুৰ্বেদত (Ayurveda) বিভিন্ন প্ৰকাৰৰ ফুলৰ ব্যৱহাৰ বহু আগতেই কৰা হৈছে। উল্লেখ্য যে কিছুমান বিশেষ প্ৰকাৰৰ ফুল ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এই ফুলবোৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ফুল আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ আৰু ইয়াক কেৱল আমাৰ চাৰিওফালৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেই নহয় পুষ্টি আৰু ঔষধি ৰূপেও ব্যৱহাৰ কৰা হয়। দেখিবলৈ সুন্দৰ বহুতো ফুলে বিভিন্ন সমস্যাৰ লগতে সংক্ৰমণৰ নিৰাময়ৰ ক্ষেত্ৰতো সহায়ক হিচাপে কাম কৰে। ঔষধি গুণৰ বাবে কুম্ভি ফুল, গোলাপ আৰু কেশৰ ফুল ব্যৱহাৰ কৰা হয়। এইবোৰৰ পাহি হিচাপে বা ৰস হিচাপে ব্যৱহাৰ কৰিও বহু ৰোগৰ চিকিৎসা কৰিব পাৰি। আপোনাক ঔষধিভাৱে সহায় কৰিব পৰা এনে কিছুমান বিশেষ ফুলৰ বিষয়ে জানো আহক।

গোলাপ

গোলাপ ফুলত টেনিন, ভিটামিন এ, বি আৰু চি থাকে। শৰীৰৰ তাপমাত্ৰা আৰু মূৰৰ বিষ হ্ৰাস কৰিবলৈ গোলাপৰ ৰস ব্যৱহাৰ কৰা হয়। গৰ্ভৱতী মহিলাসকলক শুকান ফুল মূত্ৰনাশকৰ ৰূপত দিয়া হয় আৰু পাহিবোৰ পাকস্থলী পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। গোলাপৰ পাহিবোৰ 'মুৰাব্বা'ৰ দৰে মিঠাই তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰা হয় আৰু ই হজমৰ সমস্যা হ্ৰাস কৰাতো সহায় কৰে। গোলাপৰ পাহিবোৰে হাওঁফাওঁৰ সমস্যা যেনে কাহ, হাপানি, ব্ৰংকাইটিছ আৰু হজমৰ সমস্যা যেনে বদহজম আৰু পেটফুলা আদি নিৰাময় কৰিব পাৰে। গোলাপৰ পানীৰ পৰা চকুৰ জ্বলা-পোৰা আঁতৰ কৰিব পাৰি। কোষ্ঠকাঠিন্য হ্ৰাস কৰিবলৈও গোলাপৰ চাহ খাব পাৰি।

চম্পা

ছালৰ ৰোগ, ঘাঁ আৰু আলচাৰৰ দৰে বিভিন্ন ৰোগৰ বাবে আয়ুৰ্বেদিক ঔষধত এই সুগন্ধি ফুলবোৰ ব্যৱহাৰ কৰা হয়। ওকালি অহা, জ্বৰ, মূৰ ঘূৰোৱা, কাহ আৰু ব্ৰংকাইটিছৰ চিকিৎসাৰ বাবে চম্পা ফুলৰ ৰস ব্যৱহাৰ কৰা হয়।

জবা ফুল

জবা ফুলৰ পাহি আৰু পাত ৰঙা, গুলপীয়া, বগা, হালধীয়া আৰু কমলা ৰঙৰ পোৱা যায়। জবা ফুল আয়ুৰ্বেদিক চাহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় যি ৰক্তচাপৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। ই পাইখানা, পাইলছ্, ৰক্তক্ষৰণৰ লগতে চুলি সৰা, উচ্চ ৰক্তচাপ, কাহৰ চিকিৎসাতো সহায় কৰে।

সোণাৰু ফুল

সোণাৰু ফুলে আমাৰ সকলোৰে মন মুগ্ধ কৰি তোলে। ই ছালৰ ৰোগ, হৃদৰোগ, জণ্ডিছ, কোষ্ঠকাঠিন্য, বদহজম আৰু কাণৰ বিষৰ ক্ষেত্ৰত উপযোগী।

পদুম

পদুম হৈছে বগা বা গুলপীয়া ৰঙৰ এবিধ ডাঙৰ ফুল। পদুম ফুলৰ প্ৰচণ্ড আধ্যাত্মিক আৰু সাংস্কৃতিক অৰ্থ আছে। ই উষ্ণতা, পিয়াঁহ, ছালৰ ৰোগ, জ্বলা-পোৰা, পাইখনা আৰু ব্ৰংকাইটিছ হ্ৰাস কৰাত সহায় কৰে।

ইন্দ্ৰমালতী

ইন্দ্ৰমালতী এবিধ আলংকাৰিক হালধীয়া ফুল। এই ফুলৰ ৰস বা পাতে মূৰ ঘূৰোৱা, উচ্চ ৰক্তচাপ, ফুৰুংকুলেচিছ নিৰাময় কৰাত সহায় কৰে। ইয়াৰ পাহিৰ পৰা তৈয়াৰ কৰা গৰম চাহে শৰীৰৰ বিষ আৰু জ্বৰ উপশম ঘটায়। ফুলা চকুবোৰ শান্ত কৰিবলৈ ঠাণ্ডা হোৱাৰ পিছত কপাহেৰে এই ফুলৰ ৰস চকুত লগাব। ইয়াক পাচক ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়।

খৰিকাজাই

সুগন্ধি খৰিকাইজাই ফুলেৰে তৈয়াৰ কৰা চাহ দীৰ্ঘদিন ধৰি উদ্বেগ, অনিদ্ৰা আৰু স্নায়ুতন্ত্ৰৰ সৈতে সম্পৰ্কিত সমস্যাৰ পৰা সকাহ দিবৰ বাবে ব্যৱহাৰ কৰা হয়। ই হজম সম্বন্ধীয় সমস্যা, ঋতুস্ৰাৱৰ বিষ আৰু ফুলা হ্ৰাস কৰাৰ বাবেও উপকাৰী।

(Disclaimer : এই লিখনি সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18 অসমে এইসমূহ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ পূৰ্বে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by: Sanjay Kumar Das
First published: June 1, 2021, 2:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি