• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • High Blood Cholesterol : মেদবহুলতাৰ কাৰণে বাঢ়িব পাৰে কলেষ্টেৰল, জানো আহক ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

High Blood Cholesterol : মেদবহুলতাৰ কাৰণে বাঢ়িব পাৰে কলেষ্টেৰল, জানো আহক ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

কলেষ্টেৰল বৃদ্ধি পালে বুকুৰ বিষ, হাৰ্ট ষ্ট্ৰোক আৰু হাৰ্ট এটেক আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে।

কলেষ্টেৰল বৃদ্ধি পালে বুকুৰ বিষ, হাৰ্ট ষ্ট্ৰোক আৰু হাৰ্ট এটেক আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে।

কলেষ্টেৰল বৃদ্ধি পালে বুকুৰ বিষ, হাৰ্ট ষ্ট্ৰোক আৰু হাৰ্ট এটেক আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে।

  • Share this:
High Blood Cholesterol : মেদবহুলতাৰ কাৰণে শৰীৰত বহুতো সমস্যা তথা বেমাৰ হোৱাৰ আশংকা বৃদ্ধি হৈ যায়। তাৰে ভিতৰত হাই ব্লাড কলেষ্টেৰলৰ সমস্যা অন্যতম। আজি–কালি এই সমস্যাত বহুতো লোক ভুক্তভোগী হৈ আছে। মন কৰিবলগীয়া কথা যে, কলেষ্টেৰল মানুহৰ তেজত পোৱা এক লেকেতিয়া তৰল যি শৰীৰত উচিত মাত্ৰাত থকাতো অতিকৈ জৰুৰী। কলেষ্টেৰল বৃদ্ধি পালে বুকুৰ বিষ, হাৰ্ট ষ্ট্ৰোক আৰু হাৰ্ট এটেক আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে।

যদিও হাই কলেষ্টেৰলৰ কোনো বিশেষ লক্ষণ নাই, ইয়াৰ পৰিমাণৰ বিষয়ে কেবল মাথোঁ তেজ পৰীক্ষাৰ দ্বাৰাহে জানিব পৰা যায়। দৰাচলতে, কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হোৱাৰ কাৰণসমূহৰ ভিতৰত অস্বাস্থ্যকৰ খাদ্যৰ অত্যাধিক সেৱন আৰু দুৰ্বল জীৱনশৈলী হয় যদিও এই সমস্যা আনুবংশিক কাৰণতো হ’ব পাৰে।

লক্ষণীয় যে, মানুহৰ শৰীৰত থকা বিভিন্ন জটিল ৰোগ যেনে মধুমেহ ৰোগ, উচ্চ ৰক্তচাপ আৰু এইছ আই ভি আদি মাৰাত্মক ৰোগৰ উপস্থিতিয়ে শৰীৰত কলেষ্টেৰলৰ পৰিমাণৰ বৃদ্ধি কৰিব পাৰে। ৰক্তনলীত থকা ফেটি ডিপ’জিট (চৰ্বী জমা) তথা মেদবহুলতাই প্ৰায়ে কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধিৰ কাৰক হ’ব পাৰে।

কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধিৰ বিপদাশংকা সমূহৰ বিষয়ে জানো আহক

অস্বাস্থ্যকৰ আহাৰৰ গ্ৰহণ– মায়োক্লিনিক ডট অ’আৰজিৰ এক তথ্য অনুসৰি, বেছি পৰিমাণৰ ছেচুৰেটেড (সংপৃক্ত) আৰু ট্ৰেন্স ফেট (চৰ্বি)ৰ সেৱনে শৰীৰত এলডিএল অথবা বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰে যিয়ে শৰীৰৰ ধমনী বেৰত (আৰ্টৰী ৱাল্চ) জমা হৈ ক’লেষ্ট’ৰ’ল বৃদ্ধি কৰে।

মেদবহুলতা– ব‍্যক্তি এজনৰ শৰীৰৰ ভৰ সূচক অথবা বিএমআই (body mass index) ৩০ৰ ওপৰত হোৱাতো মেদবহুলতাৰ সংকেত দিয়ে, ইয়ে শৰীৰৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধিৰ মুখ্য কাৰণ।

চিগাৰেট আৰু সুৰা– অধিক মাত্ৰাত সুৰাৰ উপস্থিতিয়ে শৰীৰত এছডিএল তথা ভাল কলেষ্টেৰলৰ পৰিমাণ কম কৰি দিয়ে আৰু বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে, যাৰ কাৰণে শৰীৰৰ ওপৰত বেয়া প্ৰভাব পৰে।

দুৰ্বল জীৱনশৈলী– আজিকালি অধিকতম কাম কম্পিউটাৰ বা লেপটপত সম্পন্ন কৰা হয়, তেনেক্ষেত্ৰত শৰীৰচৰ্চা আৰু যোগাসন নকৰাতো বা গোটেই দিন বহি থকাৰ ফলতো কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে।

হাই কলেষ্টেৰলৰ পৰা সুৰক্ষা পাবৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ জানো আহক–

১) ফলমূল, শাক–পাচলি আৰু মাহজাতীয় শস্যক নিজৰ আহাৰত অন্তৰ্ভুক্ত কৰিব।

২) চিগাৰেট, সুৰাৰ আদিৰ দৰে মাৰাত্মক বস্তুৰ পৰা দূৰত্ব বজাই ৰাখিব।

৩) জাংক ফুড আৰু চৰ্বিযুক্ত খাদ্যৰ গ্ৰহণ হ্ৰাস কৰিব।

৪) আপোনাৰ জীৱনশৈলীত নিয়মীয়া ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰাতো নিতান্ত্য প্ৰয়োজন।

৫) অত্যাধিক চিন্তা বা stress নল’ব।

৬) মেদবহুলতা হ্ৰাস কৰিব আৰু স্বাস্থ্যকৰ ওজন বজাই ৰাখিব।

৭) জগিং (ৰাতিপুৱা দৌৰা) আৰু খোজ কঢ়াৰ দৰে শাৰীৰিক কাৰ্যকলাপত প্ৰতি মনোযোগ দিব।
Published by:Sanjay Kumar Das
First published: