টোপনিতে বাৰে বাৰে ডিঙি শুকাই যায় নেকি? কেইবাটাও কঠিন ৰোগৰ ইংগিত দিয়ে এই উপসৰ্গই

News18 Assam | News18-Assam
Updated:January 12, 2021, 10:02 AM IST
টোপনিতে বাৰে বাৰে ডিঙি শুকাই যায় নেকি? কেইবাটাও কঠিন ৰোগৰ ইংগিত দিয়ে এই উপসৰ্গই
এই লক্ষ্যণে টোপনি ক্ষতিয়ে নহয়, প্ৰতিদিনে যদি এনেকুৱা হয় তেন্তে সাৱধান হওক আৰু শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক।

এই লক্ষ্যণে টোপনি ক্ষতিয়ে নহয়, প্ৰতিদিনে যদি এনেকুৱা হয় তেন্তে সাৱধান হওক আৰু শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক।

  • Share this:
টোপনিৰ সময়ত অস্বস্তি। টোপনি আহিলেও নিশ্চিন্ত মনে টোপনি মৰাৰ উপায় নাই। কাৰণ বাৰে বাৰে ডিঙি শুকাই যায়। এই লক্ষ্যণে টোপনি ক্ষতিয়ে নহয়, প্ৰতিদিনে যদি এনেকুৱা হয় তেন্তে সাৱধান হওক আৰু শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক। কাৰণ এই এই উপসৰ্গ বহু কঠিন ৰোগৰ ইংগিত হ’ব পাৰে।

ডিঙি শুকাই যোৱা কেইবাটাও ৰোগৰ প্ৰাথমিক উপসৰ্গ হ’ব পাৰে। সেইসমূহ কি?

১. ডায়েবেটিছ – এই ৰোগৰ এটা অন্যতম উপসৰ্গ হ’ল ডিঙি শুকাই যোৱা। অতিৰিক্ত পৰিমাণৰ প্ৰস্ৰাৱৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি থাকে। এই উপসৰ্গ দেখা দিলে ছুগাৰ লেভেল পৰীক্ষা কৰাওক।

২. ডিহাইড্ৰেচন – শৰীৰ ডিহাইড্ৰেটেড থাকিলে এনে হয়। শৰীৰত যেতিয়া পানীৰ পৰিমাণ কমি যায় তেতিয়া ডিঙি শুকাই থাকে। শিশুসকলৰ ক্ষেত্ৰত ডিহাইড্ৰেচন মৃত্যুৰ কাৰণ পৰ্যন্ত হ’ব পাৰে। বেছি ঘামি যোৱা, পেট বেয়া আদিৰ ফলত ডিহাইড্ৰেচন হ’ব পাৰে।

৩. অৱসাদ – বাৰে বাৰে ডিঙি শুকাই যোৱা এংজাইটি, অৱসাদৰো কাৰণ হ’ব পাৰে। সাধাৰণতে এই বিষয়সমূহ মানুহে এৰাই চলাৰ প্ৰৱণতা থাকে। কিন্তু প্ৰাথমিক পৰ্যায়তে ইয়াৰ চিকিৎসাৰ প্ৰয়োজন।

৪. ছেপছিছ – ডিঙি শুকাই যোৱাটো হ’ব পাৰে ভয়ংকৰ ৰোগৰ উপসৰ্গ। বিভিন্ন ধৰণৰ বীজাণুৰ পৰা শৰীৰত ইনফেকচনৰ ফলত এনে প্ৰভাৱ পৰে। আৰু ডিঙি প্ৰায়ে শুকাই যায়।

৫. হাৰ্ট, কিডনী বা লিভাৰ ফেইল হ’লেও এই সমস্যা হ’ব পাৰে। সেয়ে ডিঙি শুকাই যোৱাৰ দৰে উপসৰ্গ এৰাই নচলিবৰ বাবে পৰামৰ্শ দিয়ে চিকিৎসকে।

৬. উচ্চ ৰক্তচাপ – যাৰ উচ্চ ৰক্তচাপ থাকে তেওঁলোকৰ অতিৰিক্ত ঘাম ওলোৱাৰ ফলত শৰীৰত পানীৰ মাত্ৰা ঠিকে নাথাকে। ফলত ডিঙি শুকাই যোৱাৰ প্ৰৱণতা থাকে।

৭. ষ্ট্ৰোকৰ পিছতো ডিঙি শুকাই আহে। ইয়াৰ উপৰি অতিৰিক্ত সুৰাপান, ধূমপান কৰিলেও ডিঙি শুকাই যায়।

Published by: Sanjay Kumar Das
First published: January 12, 2021, 10:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading