• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আপোনাৰ হাত জুইয়ে পুৰিলে জেতুকা পাতৰ সৈতে এই ৪টা ঘৰুৱা দ্ৰব্য ব্যৱহাৰ কৰি জ্বলা-পোৰাৰ পৰা পাব পাৰে সকাহ

আপোনাৰ হাত জুইয়ে পুৰিলে জেতুকা পাতৰ সৈতে এই ৪টা ঘৰুৱা দ্ৰব্য ব্যৱহাৰ কৰি জ্বলা-পোৰাৰ পৰা পাব পাৰে সকাহ

জুইয়ে পোৰা অৱস্থাত দ্ৰুত সকাহ পোৱাৰ প্ৰতিকাৰ

জুইয়ে পোৰা অৱস্থাত দ্ৰুত সকাহ পোৱাৰ প্ৰতিকাৰ

হাত বা আন ঠাইত সামান্য পোৰা হ’লেও ভয়ংকৰ জ্বলা-পোৰাৰ সন্মুখীন হ’বলগীয়া হয়, জ্বলিলে ছাল ৰঙা হৈ পৰে আৰু জোলা বন্ধাৰ আশংকা থাকে। এনে পৰিস্থিতিত সময় নষ্ট নকৰাকৈ তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, কিন্তু তাৰ আগতে আপুনি কিছু ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে।

  • Share this:
জুইয়ে পোৰাৰ পৰা দ্ৰুত সকাহ পোৱাৰ প্ৰতিকাৰ - সৰু সৰু দুৰ্ঘটনা প্ৰায়ে ঘৰত সংঘটিত হয়, য'ত ৰন্ধা-বঢ়া কৰাৰ সময়ত বা আন কোনো কাম কৰি থাকোঁতে সামান্য হাত জ্বলোৱাটো স্বাভাৱিক। কিন্তু হাত বা আন ঠাইত সামান্য পোৰা হ’লেও ভয়ংকৰ জ্বলা-পোৰাৰ সন্মুখীন হ’বলগীয়া হয়, জ্বলিলে ছাল ৰঙা হৈ পৰে আৰু জোলা বন্ধাৰ আশংকা থাকে। এনে পৰিস্থিতিত সময় নষ্ট নকৰাকৈ তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, কিন্তু তাৰ আগতে আপুনি কিছু ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে। যাৰ বাবে জ্বলা-পোৰাত বহুখিনি সকাহ পায় আৰু জোলা বন্ধাৰ সম্ভাৱনাও কমি যায়। পোৰা ঠাইত জ্বলা-পোৰাৰ পৰা সকাহ পাবলৈ কিছু সহজ আৰু ফলপ্ৰসূ প্ৰতিকাৰ জানি লওকঃ

জুইয়ে পোৰা হাতৰ জ্বলা-পোৰাৰ পৰা সোনকালে সকাহ পাবলৈ এই ঘৰুৱা উপায়সমূহ অনুসৰণ কৰকঃ

জেতুকা পাতঃ
জেতুকা পাত অতি ঠাণ্ডা, যিটো জ্বলা ঠাইত ব্যৱহাৰ কৰি জ্বলনৰ যন্ত্ৰণাৰ পৰা সকাহ পাব পাৰি। জেতুকা পাত ভালদৰে চাফা কৰি পিহি লৈ তাৰ পিছত তাত নাৰিকল তেল মিহলাই মিহি মিশ্ৰণ প্ৰস্তুত কৰিব লাগিব। পোৰা হাতখনত জেতুকা পাতৰ সেই মিশ্ৰণটো লগালে বহুত সকাহ পোৱা যায়।

কলঃ
পোৰা হাতখনত জোলা বন্ধাৰ আশংকা থাকে, সেইবাবেই পোৰাৰ লগে লগে কল এটা ভালদৰে গুড়ি কৰি মিশ্ৰণ প্ৰস্তুত কৰি সেই মিশ্ৰণটো ক্ৰীমৰ দৰে পোৰা ঠাইত লগাব লাগে। এনে কৰিলে জ্বলা-পোৰাৰ যন্ত্ৰণা সাম কাটে আৰু জোলা বন্ধাৰ আশংকা কমি যায়।

কৰ্পূৰঃ
কৰ্পূৰ আৰু টাৰ্পেন্টাইন তেলৰ মিশ্ৰণ জ্বলা ঠাইত লগালে যথেষ্ট সকাহ পোৱা যায়। ইয়াৰ বাবে সমান পৰিমাণৰ কৰ্পূৰ আৰু টাৰ্পেন্টাইন তেল লৈ পোৰা ঠাইত লগাব লাগে। এনে কৰিলে জ্বলা-পোৰাত তাৎক্ষণিক সকাহ পোৱা যায়।

আলুঃ
পোৰা ঠাইত জ্বলা-পোৰাৰ পৰা সকাহ পাবলৈ আলু ঘঁহিলে অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। আলু ঘঁহি তাৰ মিশ্ৰণ লগে লগে পোৰা হাত বা যিকোনো ঠাইত লগালে জোলা নহয় আৰু জ্বলা-পোৰাৰ পৰা সকাহ পোৱা যায়।

ভিনেগাৰঃ
পোৰা ঠাইত ভিনেগাৰ ব্যৱহাৰ কৰিলে বহুত সকাহ পোৱা যায়। ভিনেগাৰ এষ্ট্ৰিংজেণ্ট আৰু এন্টিচেপ্টিক, যাৰ ফলত সংক্ৰমণ ৰোধ কৰিব পাৰি। ১ চামুচ ভিনেগাৰত ৩ চামুচ পানী দি কপাহৰ সহায়ত জ্বলা ঠাইত লগাব লাগে। এনে কৰিলে কিছু সময়ৰ পিছত বিষৰ পৰা উপশম পোৱা যায়।

(সতৰ্কীকৰণঃ এই লেখাত দিয়া তথ্য আৰু উপায় সাধাৰণ ভিত্তিৰ ওপৰত আধাৰিত। News18 অসম-এ এইবোৰ নিশ্চিত কৰা নাই। যিকোনো সমস্যাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰি পৰামৰ্শ গ্ৰহণ কৰক।)
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি