• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Yoga to Reduce Cholesterol: যদি কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাইছে, তেন্তে এই ৩টা যোগাসন নিয়মীয়াকৈ কৰক, মেদবহুলতাও কমি যাব

Yoga to Reduce Cholesterol: যদি কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাইছে, তেন্তে এই ৩টা যোগাসন নিয়মীয়াকৈ কৰক, মেদবহুলতাও কমি যাব

প্ৰায়ে মেদবহুলতাই শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। এইকেইটা এনে কিছুমান যোগাসন যাৰ সহায়ত মেদবহুলতাও কমি যাব আৰু কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব পাৰে।

  • Share this:
আমি সকলোৱে ভালদৰে জানো যে শৰীৰত কলেষ্টেৰল (Cholesterol) কিমান বৃদ্ধি হ’লে স্বাস্থ্যৰ বাবে বিপদজনক। উচ্চ কলেষ্টেৰল হৃদযন্ত্ৰ (Heart)ৰ প্ৰতি বিপদ বৃদ্ধি কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে কলেষ্টেৰল শৰীৰত এক প্ৰকাৰৰ মমৰ দৰে। ইয়াৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব লাগে, শৰীৰৰ বাবে ই অতি গুৰুত্বপূৰ্ণ, কিন্তু ইয়াৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাহিৰত থাকিলে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি হয়। শৰীৰত থকা কলেষ্টেৰলৰ পৰিমাণ সঠিকভাৱে ৰাখিবলৈ ভাল খাদ্যৰ লগতে ভালদৰে টোপনি যোৱাটো ভাল। কিন্তু, যদি আপুনি নিয়মিতভাৱে এই যোগাসন কৰিবলৈ আৰম্ভ কৰে, তেন্তে শৰীৰৰ ক্ষতি নকৰাকৈ উচ্চ কলেষ্টেৰলৰ (Yoga to Reduce Cholesterol) মাত্ৰা আৰামত হ্ৰাস কৰিব পাৰি।

কলেষ্টেৰলৰ মাত্ৰা কমোৱাৰ বাবে যোগাসন

প্ৰতিদিনে সৰ্বাংগাসন কৰক

ইণ্ডিয়াটাইমছ ডট কমৰ মতে, বৃদ্ধি পোৱা কলেষ্টেৰল হ্ৰাস কৰিবলৈ সৰ্বাংগাসন যোগ ক্ৰিয়া কৰিব পাৰি। এই ধৰণৰ যোগাসন কৰিলে শৰীৰৰ পৰা বেয়া কলেষ্টেৰল হ্ৰাস কৰিব পৰা যায়। ইয়াৰ বাবে ভৰি দুখন পিঠিৰ ফালে ওপৰলৈ তুলিব লাগে, আৰু গোটেই ওজনটো কান্ধ, মূৰ আৰু কঁকালত ৰাখিব লাগে। হাৰ্নিয়া, আঘাত, থাইৰয়ড আৰু হৃদযন্ত্ৰৰ সমস্যা হ’লে এই আসন নকৰিব।

পশ্চিমোত্তাসন উপকাৰী

কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে পশ্চিমোত্তাসন অতি উত্তম বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ বাবে ভৰি দুখন পোন কৰি বহিব লাগে। তাৰ পিছত উশাহ এৰি থাকোঁতে লাহে লাহে আগলৈ হাউলি দিব লাগে। কেইছেকেণ্ডমানৰ পিছত পোন হৈ যাওক। অপাৰেচন, ডায়েৰিয়া, গৰ্ভাৱস্থা, হাঁপানী আৰু স্লিপ ডিস্কৰ সমস্যা হ’লে এই আসন নকৰিব।

দৈনিক কপালভাটি প্ৰাণায়াম কৰক

কপালভাটীয়ে কলেষ্টেৰল হ্ৰাস কৰাত অতি উত্তম বুলি প্ৰমাণ কৰিব পাৰে। ই মেদবহুলতাও নিয়ন্ত্ৰণ কৰে। ইয়াৰ বাবে পোন হৈ বহি আৰু দীঘলকৈ উশাহ লৈ পেটটো ভিতৰলৈ টানিব লাগে। অবিৰতভাৱে কৰক আৰু ভাগৰি পৰিলে বন্ধ কৰক। বিশেষজ্ঞৰ তত্বাৱধানত এই আসন কৰক। ৰক্তচাপ, মাইগ্ৰেইন, গৰ্ভাৱস্থা আৰু পিৰিয়ডৰ সময়ত কপালভাটি প্ৰাণায়াম পৰিহাৰ কৰিব লাগে।

প্ৰায়ে মেদবহুলতাই শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। এইকেইটা এনে কিছুমান যোগাসন যাৰ সহায়ত মেদবহুলতাও কমি যাব আৰু কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব পাৰে।
Published by:Manjumoni Borah
First published: