• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Benefits of Turmeric: হালধিয়ে হ্ৰাস কৰিব পাৰে শৰীৰৰ ওজন, জানক কিদৰে

Benefits of Turmeric: হালধিয়ে হ্ৰাস কৰিব পাৰে শৰীৰৰ ওজন, জানক কিদৰে

হালধি সকলোৰে বাবে মহৌষধ!

হালধি সকলোৰে বাবে মহৌষধ!

হালধি সকলোৰে বাবে মহৌষধ!

  • Share this:
অতীজৰে পৰা হালধি মহৌষধ হিচাপে আয়ুৰ্বেদে স্বীকৃতি দি আহিছে। অসমীয়া সমাজতো হালধিক মহৌষধ বুলিয়ে জনা যায়। অসমীয়াৰ বাপতি সাহোন বহাগ বিহুয়ে হঁওক অথবা বিভিন্ন উৎসৱ-পাৰ্বনটো হালধিৰ ব্যাপক ব্যৱহাৰ দেখিবলৈ পোৱা যায়। কিন্তু হালধিয়ে আপোনাৰ শৰীৰৰ মেদবহুলতা নাশ কৰাটো সহায় কৰিব পাৰে। হালধিৰ বিভিন্ন ঔষধি গুণৰ বিষয়ে জানো আহক।

হালধি ব্যৱহাৰ কৰি আপুনি হ্ৰাস কৰিব পাৰে শৰীৰৰ ওজন:

শৰীৰৰ ওজন হ্ৰাসৰ বাবে আপুনি ব্যৱহাৰ কৰিব পাৰে হালধি পানী। আপুনি খাদ্যৰ সৈতে নিয়মিত ভাৱে হালধি মিহলোৱা পানী খালে মেদবহুলতাৰ পৰা মুক্তি পাব পাৰে। হালধিৰ পানীয়ে আপোনাৰ পাচন ক্ৰিয়া শক্তিশালী কৰে আৰু ই শৰীৰৰ অতিৰিক্ত চৰ্বী পাচন ক্ৰিয়াৰ জৰিয়তে বাহিৰলৈ ওলাই যোৱাত সহায় কৰে।

কেনেকৈ তৈয়াৰ কৰিব হালধি পানীঃ

আপোনাৰ শৰীৰৰ বাবে মহৌষধ হিচাপে পৰিচিত হালধীৰ পানী তৈয়াৰ কৰিবলৈ একেবাৰে সহজ। ইয়াৰ বাবে আপুনি উতলা পানীত  দুচামুচ হালধি গুৰি আৰু নেমুৰ ৰস মিহলাই লওক। জিভাৰ জুতিৰ বাবে আপুনি চেণী মিহলাবও পাৰে। অৱশ্যে বহুমূত্ৰ ৰোগত ভূগি থকা সকলে চেনী মিহলাব নোৱাৰিব। ইয়াৰ পিছত এটা কাপত ঠাণ্ডা কৰি আপুনি আহাৰৰ লগত হালধি পানী খাওক। ইয়াৰ জৰিয়তে আপুনি গাঠীৰ বিষ, জ্বৰ-কাঁহ আদিৰ পৰাও উপশম লাভ কৰিব পাৰে।
Published by:Himangshu Bhuyan
First published: