உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে কৰ্কট ৰোগ প্ৰতিৰোধতো সহায়ক! কঁঠাল গুটিৰ গুণাগুণ জানিলে আচৰিত হ'ব

    ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে কৰ্কট ৰোগ প্ৰতিৰোধতো সহায়ক! কঁঠাল গুটিৰ গুণাগুণ জানিলে আচৰিত হ'ব

    কেতিয়াও নাখাও বুলি নক'ব কঁঠাল গুটি!  গ্ৰীষ্মকালৰ এক অন্যতম ফল কঁঠাল। কঁঠালৰ আছে আচৰিত ধৰণৰ ঔষধীগুণ।

    কেতিয়াও নাখাও বুলি নক'ব কঁঠাল গুটি! গ্ৰীষ্মকালৰ এক অন্যতম ফল কঁঠাল। কঁঠালৰ আছে আচৰিত ধৰণৰ ঔষধীগুণ।

    কেতিয়াও নাখাও বুলি নক'ব কঁঠাল গুটি! গ্ৰীষ্মকালৰ এক অন্যতম ফল কঁঠাল। কঁঠালৰ আছে আচৰিত ধৰণৰ ঔষধীগুণ।

    • Share this:
    আহি আছে গ্ৰীষ্মকাল। গ্ৰীষ্মকালৰ এক অন্যতম ফল কঁঠাল। কঁঠালৰ আছে আচৰিত ধৰণৰ ঔষধীগুণ। সেইদৰে কঁঠাল গুটিও স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। কঁঠাল গুটিয়ে শৰীৰক বহু দুৰাৰোগ্য ৰোগৰ পৰা আঁতৰাই ৰাখে বুলি দাবী কৰিছে বিশেষজ্ঞই। শেহতীয়াকৈ বিশ্বৰ বজাৰতো চাহিদা বাঢ়িছে কঁঠাল গুটিৰ।

    কঁঠাল গুটিৰ গুণাগুণ জানি লওকঃ

    • কঁঠালগুটি কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন বি, প্ৰ'টিনৰে সমৃদ্ধ। ৰক্তহীনতাৰ সমস্যা থাকিলে এই বীজ খোৱাটো অতি গুৰুত্বপূৰ্ণ।

    • কঁঠালৰ গুটিত আঁহৰ পৰিমাণ যথেষ্ট বেছি। সেয়ে ই কলেষ্টেৰল হ্ৰাস কৰে। ই হজম কৰাতো সহায় কৰে। কঁঠালৰ গুটিবোৰে ওজন হ্ৰাস কৰাত সহায় কৰে, কিয়নো ই পাচন তন্ত্ৰ মজবুত কৰে। লগতে ই কৌষ্ঠকাঠিন্যতাৰ সমস্যা প্ৰতিহত কৰে।

    • ডায়েবেটিচ থকা ৰোগীসকলৰ বাবেও এই বীজ অতি উপকাৰী। ইয়াত থকা আঁহে খাদ্যৰ কাৰ্বোহাইড্ৰেট শোষণ কৰে। ফলস্বৰূপে, তেজত গ্লুকোজৰ পৰিমাণ বেছি বৃদ্ধি হ'ব নোৱাৰে।

    • কৰ্কট ৰোগ প্ৰতিৰোধ কৰে কঁঠালৰ গুটিয়ে। কঁঠালত এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্ট (phytonutrients) আৰু ফ্লেভোনইড (flavonoids) থাকে। এই এণ্টিঅক্সিডেণ্টবোৰৰ উপস্থিতিয়ে শৰীৰৰ দ্বাৰা উৎপন্ন হোৱা বিষাক্ত পদাৰ্থৰ লগতে আমাৰ বাবে ক্ষতিকাৰক মুক্ত ৰেডিকেলবোৰ নাইকিয়া কৰে। বিষাক্ত পদাৰ্থ আৰু মুক্ত ৰেডিকেল (radicals) দুয়োটাই শৰীৰত কৰ্কট ৰোগ সৃষ্টি কৰে বুলি জনা গৈছে।

    • কঁঠালৰ গুটি চকুৰ বাবেও উপকাৰী। ইয়াত থকা ভিটামিন এ-য়ে দৃষ্টিশক্তিৰ যত্ন লয়। ভিটামিন এ(বিটা-কেৰোটিন) সমৃদ্ধ হোৱাৰ বাবে কঁঠালে আমাৰ চকুক স্বাস্থ্যকৰ পুষ্টি প্ৰদান কৰে। ই চকুক বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে। ই দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে।

    Published by:Himangshu Bhuyan
    First published: