মেথি গুটি, যাক সাধাৰণতে মছলাৰ সৈতে ব্যৱহাৰ কৰা হয় বা কেৱল ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা হয়, এই দেখাত সাধাৰণ গুটিটোত আছে অসাধাৰণ যাদুকৰী গুণ। মেথি গুটিৰ যদি সঠিক ব্যৱহাৰ কৰা হয় তেন্তে ই আপোনাক বহু ৰোগৰ পৰাই সহজে পৰিত্ৰাণ দিব পাৰে। জানিব লাগে কেৱল ইয়াৰ ব্যৱহাৰৰ নিয়মসমূহ। কেতিয়া খাব আৰু কেনেকৈ খাব সেইটো জনাটো অতি জৰুৰী।
মেথি গুটি খোৱাৰ আটাইতকৈ সহজ আৰু সকলোতকৈ উপকাৰী উপায়টো হৈছে ইয়াক তিয়াই থৈ পানী খোৱা। মেথি তিয়াই থোৱা পানী বা তিয়াই থোৱা মেথি খোৱাটো সকলোতকৈ উপকাৰী। নিয়মীয়াকৈ একাপ মেথি তিয়াই থোৱা পানী খাই, বিভিন্ন ৰোগৰ পৰা আঁতৰি থকাটো সম্ভৱ। ইয়াৰ বাবে নিশা এগিলাচ পানীত এক টেবুল চামুচ মেথি তিয়াই থৈ পিছদিনা পুৱা সেই পানীখিনি খালী পেটত খাব লাগে। আপুনি তিয়াই থোৱা মেথিখিনিও চোবাই খাব পাৰে।
যিসকলে এচিডিটি বা গেছৰ সমস্যাত ভুগি আছে তেওঁলোকে প্ৰতিদিনে পুৱা খালী পেটত মেথি তিয়াই থোৱা পানী খাব পাৰে। এক চামুচ মেথি ইয়াৰ বাবে উপযুক্ত।।
ডায়েবেটিচ বা মধুমেহ ৰোগীসকলে এই ঘৰটো তৈয়াৰ কৰা খাদ্যৰ সহায় ল'ব পাৰে। ই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত অতি কাৰ্যকৰী।
কলেষ্টেৰলৰ হাৰ অধিক হ'লেও মেথি গুটি অতি উপকাৰী। হাই কলেষ্টেৰল থকা লোকৰ বাবে মেথি এক উপকাৰী খাদ্য। তিয়াই থোৱা মেথিয়ে কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।
নিশা তিয়াই থোৱা মেথি গুটি খালী পেটত প্ৰতি পুৱা ১ চামুচ খাব পাৰে। যদি তিয়াই থোৱা মেথি খাবলৈ ভাল নাপায় তেন্তে দাইলত তেল মাৰি বা তৰকাৰী দিও খাব পাৰে।
পিছে মেথি খোৱাৰ সময়ত সাৱধান হ'ব লগা কেইটামান মনত ৰাখিবলগীয়া কথা আছে। সেয়া হৈছে এদিনত এক চামুচতকৈ বেছি মেথি নাখাব। আৰু আপুনি যদি আগৰে পৰাই এচিডিটী বা গেছৰ সমস্যাত ভূগি আছে তেন্তে খালী পেটত মেথিগুটি বা ইয়াৰ পানী নাখাব। এনে কৰিলে আপোনাৰ গেছৰ সমস্যা বাঢ়িহে যাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|