তিলত থকা পলিচেছুৰেটেড ফেটি এছিড, অমেগা 3 , অমেগা 6 , ফাইবাৰ , প্ৰটিন , কেলচিয়াম , মেগনেছিয়াম , ফচফৰাছ আদি উপাদানসমূহৰ বাবে আমাৰ দেহৰ উত্তাপ বৃদ্ধি হয় আৰু ই আমাৰ দেহত শক্তি যোগায়।
তিলত থকা পলিচেছুৰেটেড ফেটি এছিড, অমেগা 3 , অমেগা 6 , ফাইবাৰ , প্ৰটিন , কেলচিয়াম , মেগনেছিয়াম , ফচফৰাছ আদি উপাদানসমূহৰ বাবে আমাৰ দেহৰ উত্তাপ বৃদ্ধি হয় আৰু ই আমাৰ দেহত শক্তি যোগায়।
ভোগালী বিহুৰ না না খাদ্যসম্ভাৰৰ ভিতৰত অন্যতম হৈছে তিলপিঠা। শীতকালত তিলপিঠা খাব লাগে। এই তিলপিঠাৰ গুণাগুণৰ বিষয়ে আপুনি জনাৰ পিছত তিলপিঠাক অসমৰ এবিধ অন্যতম পৰম্পৰাগত চুপাৰফুড ৰূপে আখ্যা নিদি নোৱাৰিব।
তিলপিঠা হৈছে শক্তিৰ ভাণ্ডাৰ। সেয়েহে শীতকালত তিলপিঠা বা তিলেৰে প্ৰস্তুত কৰা খাদ্য খোৱাৰ পৰম্পৰা আছে। তিলত থকা পলিচেছুৰেটেড ফেটি এছিড, অমেগা 3 , অমেগা 6 , ফাইবাৰ , প্ৰটিন , কেলচিয়াম , মেগনেছিয়াম , ফচফৰাছ আদি উপাদানসমূহৰ বাবে আমাৰ দেহৰ উত্তাপ বৃদ্ধি হয় আৰু ই আমাৰ দেহত শক্তি যোগায়। আমাৰ হাড়ৰ বাবেও উপকাৰী তিল। তিলত প্ৰচুৰ পৰিমাণে থকা জিংক আৰু কেলচিয়ামে আমাৰ হাড়ৰ গঠন মজবুত কৰে।
বিহুৰ সময়চোৱাত আপোনাৰ মনটো প্ৰফুল্লিত হৈ থকাত বিশেষ অৰিহণা আছে তিলপিঠাৰ। তিলপিঠাত থকা তিলে আমাক সুখী হৈ থকাত অৰ্থাৎ মন প্ৰফুল্লিত হৈ থকাত সহায় কৰে। কাৰণ তিলত থকা টাইৰ'চাইন নামৰ এমিন'এছিডবিধে আমাৰ শৰীৰত হেপ্পী হৰমণ ৰূপে পৰিগণিত চেৰেট'নিন উৎপন্ন হোৱাত সহায় কৰে। তিলত পৰ্যাপ্ত পৰিমাণে থকা মেগনেছিয়ামে মানুহৰ শৰীৰত ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।
এই সন্দৰ্ভত জনপ্ৰিয় বিজ্ঞান প্ৰচাৰক তথা যোৰহাট তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰৰ তত্বাৱধায়ক ড: প্ৰণৱজ্যোতি চেতিয়াই কয় যে , " আমাৰ অসমৰ লোকসকলে শ শ বছৰ পূৰ্বেই তিলৰ এনে অফুৰন্ত গুণাগুণৰ বিষয়ে জানিছিল। বৰ্তমান বৈজ্ঞানিক গৱেষণাত সেয়া প্ৰমাণ হৈছে । তিলত আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় ইমানবোৰ উপাদান থকা বাবে তিলৰ পৰা প্ৰস্তুত কৰা আমাৰ পৰম্পৰাগত তিলপিঠাক অসমৰ পৰম্পৰাগত চুপাৰফুড বুলি কব পাৰো। "
কেৱল ইমানেই নহয় । তিলপিঠাই আমাৰ যৌৱনো ধৰি ৰখাত বহু পৰিমাণে সহায় কৰে । কাৰণ তিলত থকা লিগনেনছ নামৰ এণ্টিঅক্সিডেন্টবিধে এণ্টিএজিং এজেণ্ট ৰূপে কাম কৰাৰ তথ্য গৱেষণাত পোহৰলৈ আহিছে । সেয়েহে অতীজৰে পৰা তিলক চাল আৰু চুলিৰ বাবে অতিকৈ উপকাৰী বুলি গণ্য কৰি অহা হৈছে। তিলত থকা চেছেমিন আৰু চেছেমুল নামৰ উপাদানসমূহে মানুহৰ শৰীৰত তেজত বেয়া কলেষ্টৰেল জমা হোৱাত বাধা দিয়ে। তিলত থকা আনচেছুৰেটেড ফেটি এচিড আৰু ফাইবাৰে আমাক কোষ্ঠকাঠিন্য , পাইলছ আদি ৰোগৰ পৰাও সকাহ দিয়ে। তিল এণ্টি ভাইৰেল , এণ্টি বেক্টেৰিয়েল , এণ্টি ইনফ্লেমেটৰি গুণেৰে সমৃদ্ধ হোৱা বাবে এনে ৰোগসমূহৰ সৈতে যুজঁ দিয়াটো তিলে আমাক সহায় কৰে। অৰ্থাৎ তিলপিঠাই আমাক সহায় কৰে ।
প্ৰায় ৩ হাজাৰ বৰ্ষ খ্ৰীষ্টপূৰ্বতেই মানুহে তিলৰ বিষয়ে জানিছিল। তিলগছৰ আৱিস্কাৰ হৈছিল ভাৰতত। আনহাতে শ শ বছৰ পূৰ্বৰে পৰা অসমীয়া লোকসকলে তিলৰ গুণাগুণ সম্পৰ্কে জনাৰ বাবেই অসমৰ পৰম্পৰাগত খাদ্যসম্ভাৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে তিলে। তিলৰ এনে বহু গুণৰ বাবেই আমি নিশ্চয় তিলপিঠাক অসমৰ পৰম্পৰাগত চুপাৰফুড ৰূপে অভিহিত কৰিব পাৰো ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|