সকলো মানুহেই শৈশৱ, যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজেৰে জীৱনটো অতিবাহিত কৰে, এয়া প্ৰকৃতিৰ নিয়ম। প্ৰতিজন লোকৰে স্বাস্থ্য সুন্দৰ হৈ থকাটো অতিকৈ প্ৰয়োজন। সেইবাবেই কোৱা হয় যে স্বাস্থ্য পৰম ধন। পুৰুষৰ তুলনাত মহিলাসকলক নিজৰ স্বাস্থ্যক লৈ উদাসীন দেখা যায়। এগৰাকী মহিলাই বিয়াৰ পিছত সন্তানৰ দায়িত্ব, পৰিয়ালৰ দায়িত্বৰ মাজত নিজকে হেৰুৱাই পেলায়, তেওঁলোকৰ নিজৰ বাবে সময় নোলায়। নিজৰ স্বাস্থ্যৰ যতন লোৱাৰো আহৰি নাপায়। কিন্তু গুৰুত্পূৰ্ণ কথাটো হ’ল প্ৰতিগৰাকী মহিলাই নিজৰ স্বাস্থ্যক লৈ সচেতন হোৱাটো অতি প্ৰয়োজনীয়।
৩০ বছৰৰ পিছত প্ৰতিগৰাকী মহিলাই কৰোৱা উচিত এই ৫টা পৰীক্ষা!
যৌৱন প্ৰকৃতিৰ উপহাৰ। এয়া মহিলাসকলৰ সুন্দৰ, স্বাস্থ্যৱান হোৱাৰ সময়। সময় বা বয়স বাঢ়ি যোৱাৰ লগে লগে বিশেষকৈ ৩০ বছৰ বয়সৰ পিছত মহিলাসকলে বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হ’বলগীয়া হয়। ৰক্তচাপ, মধুমেহ আদিকে ধৰি নানা ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে।
এগৰাকী মহিলা এইসমূহ ৰোগৰ পৰা দূৰত থকাৰ বাবে নিজৰ বাবে সময় উলিওৱাটো প্ৰয়োজন। ৩০ বছৰ বয়সৰ পিছত নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। যিয়ে তেওঁলোকক স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। ৩০ বছৰৰ পিছত মহিলাসকলৰ দেহত নানা ধৰণৰ উত্থান–পতন আৰু পৰিৱৰ্তন আহে। সেইবাবেই ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিগৰাকী মহিলাই ৩০ বছৰ বয়সৰ পিছত কিছুমান স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত। বেংগালুৰু পোৰ্টিছ হাস্পতালৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ গীতা মোনপ্পাই কি কয় জানো আহক।
পেপ স্মিয়েৰ (Pap Smear Test)
ডাঃ গীতা মোনপ্পাই ২১ বছৰ বয়সৰ পিছত আৰু ৬৫ বছৰৰ পূৰ্বে পেপ স্মিয়েৰ টেষ্ট কৰাৰ পৰামৰ্শ দিছে। এই এইচপিভি পৰীক্ষা প্ৰতি ৫ বছৰত কৰা উচিত।
মেম’গ্ৰাম (Mammogram Test)
৩০ বছৰৰ ওপৰৰ মহিলাসকলে বিআৰচিএ ১ আৰু ২ মিউটেচন বা আৰম্ভণি পৰ্যায়ৰ স্তন কেঞ্চাৰৰ সম্ভাৱনীয়তাৰ পৰীক্ষা কৰাৰ বাবে এই মেম’গ্ৰাম টেষ্ট কৰা উচিত। আমেৰিকান কেঞ্চাৰ ছ’চাইটীয়ে চিকিৎসকৰ বাৰ্ষিক সাক্ষাৎ, মেম’গ্ৰাম আৰু স্তনৰ এমআৰআই কৰাৰ পৰামৰ্শ দিছে। স্তনৰ কেঞ্চাৰৰ সম্ভাৱনা থকা মহিলাসকলৰ ৪০ বছৰৰ পিছত মেম’গ্ৰাম কৰা উচিত। ৪৫ বছৰ বয়সৰ পিছত ব্ৰেষ্ট কেঞ্চাৰৰ সম্ভাৱনীয়তা বৃদ্ধি পায়। সেইবাবে চিকিৎসকে কয় যে বছৰত এবাৰ মেম’গ্ৰাম কৰোৱাটো ভাল।
প্ৰজনন ক্ষমতা আৰু গৰ্ভাৱস্থাৰ মূল্যাংকন
৩০ বছৰৰ পিছৰ মহিলাসকলে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। কিয়নো ২০ৰ পৰা ৩০ৰ ভিতৰত অণ্ডাশয়ত কণীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে। সেইবাবে যদি আপুনি পলমকৈ গৰ্ভৱতী হোৱাৰ পৰিকল্পনা কৰিছে তেন্তে তাৰ পূৰ্বে পৰীক্ষা কৰি লোৱা উচিত আপোনাৰ অণ্ডাশয়ত কণীৰ উৎপাদন কেনেকুৱা অৱস্থাত আছে। যদি অণ্ডাশয়ত কণীৰ উৎপাদন দুৰ্বল, তেন্তে বিকল্প পদ্ধতিৰ বিষয়ে জানিবলৈ অভেৰিয়ান ৰিজাৰ্ভ টেষ্ট কৰাৰ পৰামৰ্শ দিয়া হয়।
গৰ্ভৱতী হোৱাৰ পৰিকল্পনা কৰা সকলো মহিলাক গৰ্ভাৱস্থাৰ পূৰ্ব পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হয়। আপোনাৰ শৰীৰ গৰ্ভৱতী হ’ব পৰাকৈ সুস্থ হৈ আছেনে নাই? এয়া জানিবৰ বাবে কিছুমান পৰীক্ষা আছে। গৰ্ভাৱস্থাৰ পূৰ্বে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মহিলাসকলক ৰুবেলা ভেকচিনৰ পৰামৰ্শ দিয়া হয়।
লিপিড প্ৰফাইল টেষ্ট (Lipid Profile Test)
আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ মতে, ২০ বছৰ বয়সৰ পিছত স্বাস্থ্যৱান আহাৰৰ লগতে শাৰীৰিক গতিবিধি কৰা প্ৰতিজন লোকে প্ৰতি ৪ৰ পৰা ৬ বছৰ পিছত লিপিড প্ৰভাইল পৰীক্ষা কৰা প্ৰয়োজন।
থাইৰয়ড ফাংচন টেষ্ট আৰু সম্পূৰ্ণ হেম’গ্ৰাম (Thyroid Function Test)
থায়ৰয়ড ফাংচন পৰীক্ষা আৰু পূৰ্ণ হেম’গ্ৰাম হিম’গ্লবিন আৰু থায়ৰয়ড প্ৰফাইল জনাত সহায়ক হয়ায়ক হয় আৰু সমস্যা শীঘ্ৰে ধৰা পেলোৱা আৰু চিকিৎসাত সহায় কৰে। জীৱনৰ গুণমান সংশোধন কৰে। এনিমিয়া আরু হাইপোথায়ৰয়ডৰ সমস্যাৰ বিষয়ে জানিব পাৰি।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 26, 2023, 13:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।