পুৰুষক ৫০ বছৰ বয়সৰ পিছত বেছিভাগ ৰোগে শৰীৰক আগুৰি ধৰিবলৈ আৰম্ভ কৰে আৰু এনে হোৱাটোও স্বাভাৱিক। কিন্তু যদি আপুনি নিজকে সুস্থ আৰু সবল কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাস শুধৰোৱাটো প্ৰয়োজনীয়। পুৰুষৰ বয়স বৃদ্ধিৰ লগে লগে ৰক্তচাপ, হৃদৰোগ, মধুমেহ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ সঠিক অভ্যাস আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাস জীৱনশৈলীত অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। সুস্থ সবল হৈ থাকিবলৈ সঠিক খাদ্যাভ্যাস কৰাটো অতি প্ৰয়োজনীয়, সঠিক খাদ্য আৰু ভাল খাদ্য গ্ৰহণ কৰি বৃদ্ধ বয়সতো সুস্থ আৰু সবল হৈ থাকিব পাৰে। সেইবাবেই আজি আমি পুৰুষৰ বাবে ৫টা স্বাস্থ্যকৰ খাদ্য লৈ আহিছো। জানো আহকঃ
৫০ বছৰ বয়সৰ পিছত পুৰুষে এই স্বাস্থ্যকৰ খাদ্যসমূহ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগেঃকাঠফুলাঃ
এভাৰী ডে হেল্থ ডট কমৰ মতে নিৰামিষ খাদ্য তালিকাত কাঠফুলা এটা উত্তম স্বাস্থ্যকৰ বিকল্প, ইয়াত থকা পুষ্টিৰ বাবে ইয়াক নিৰামিষ মাংস বুলিও ক’ব পাৰি। কাঠফুলাত কেলৰি কম হোৱাৰ লগতে পটাছিয়াম আৰু ছডিয়ামৰ এক উৎকৃষ্ট উৎস, যিয়ে পুৰুষক বৃদ্ধ বয়সত বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
কণীঃ
পুৰুষৰ ক্ষেত্ৰত বয়সৰ লগে লগে পেশীৰ ভৰ কমি যায়, এনে ক্ষেত্ৰত কণী খোৱাটো অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। কণী প্ৰটিনৰ এক উৎকৃষ্ট উৎস, যিয়ে বৃদ্ধ বয়সত উপযুক্ত পুষ্টি প্ৰদান কৰি পেশী শক্তিশালী কৰাত কাম কৰে আৰু পেশীৰ অৱক্ষয় ৰোধ কৰিব পাৰে।
ব্লুবেৰীঃ
খাবলৈ সুস্বাদু হোৱাৰ উপৰিও সৰু সৰু ব্লুবেৰী কৰ্কটৰ দৰে বহুতো গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক। পুৰুষে বৃদ্ধ বয়সত অধিক ফল সেৱন কৰিব লাগে, ইয়াৰে উত্তম বিকল্প হ’ব পাৰে ব্লুবেৰী।
আভাকাডোঃ
আভাকাডো হৈছে উত্তম স্বাস্থ্যকৰ খাদ্য, যিটো চিকিৎসকে বৃদ্ধ পুৰুষৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। আভাকাডোত হৃদযন্ত্ৰৰ বাবে উপযোগী মনোচেচুৰেটেড ফেটৰ লগতে উচ্চ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায়ক। ওজন আৰু প্ৰদাহ কমোৱাতো আভাকাডো সহায়ক।
বীনঃ
বৃদ্ধ বয়সত পুৰুষে খাদ্যত বীন অন্তৰ্ভুক্ত কৰিব লাগে, কাৰণ বীন প্ৰটিনৰ এক উৎকৃষ্ট উৎস আৰু ইয়াৰ কেলৰি অতি কম। যাৰ নিয়মিত সেৱনে এল ডি এল অৰ্থাৎ বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। বীনে তেজৰ প্ৰফাইল উন্নত কৰাৰো কাম কৰিব পাৰে।
Published by: Subham Goswami
FIRST PUBLISHED : December 03, 2022, 19:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।