যদিহে আপুনি দেশৰ সৰ্ববৃহৎ ব্যক্তিগত বেংক HDFCত আপোনাৰ ফিক্স ডিপোজিট (Fix Deposit) কৰি ৰাখিছে, তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ । HDFC বেংকে ইয়াৰ ফিক্সড ডিপোজিট(FD)ৰ সূতৰ হাৰ সলনি কৰিছে ।
বিপদাশংকা-মুক্ত বিনিয়োগৰ ক্ষেত্ৰত ধন সঞ্চয় কৰাৰ বাবে FDক সৰ্বশ্ৰেষ্ঠ বিকল্প বুলি গণ্য কৰা হয় আৰু FDত জমাকৰ্তাসকলে সঞ্চয় একাউণ্টতকৈ অধিক সুতৰ হাৰ লাভ কৰে । HDFC বেংকে ইয়াৰ গ্ৰাহকসকলক ৭দিনৰ পৰা ১০বছৰৰ বাবে ফিক্সড ডিপজিট (FD) প্ৰদান কৰে। লগতে HDFC বেংকে জ্যেষ্ঠ নাগৰিকসকলক FDৰ ওপৰত অতিৰিক্ত সুত প্ৰদান কৰে।
বেংকটোৱে সাধাৰণ লোকৰ তুলনাত জ্যেষ্ঠ নাগৰিকসকলক ০.৫% অতিৰিক্ত সুত আগবঢ়ায় । নতুন HDFC হাৰ অনুসৰি, বেংকটোৱে ইয়াৰ গ্ৰাহকসকলক ৭ৰ পৰা ১৪দিন আৰু ১৫ৰ পৰা ২৯দিনত মেচুউৰিটি হোৱা FDৰ ওপৰত ২.৫% সুত প্ৰদান কৰে।
বিনিয়োগৰ ৯১ দিনৰ পৰা ৬ মাহত মেচুউৰিটি হোৱা FDৰ ওপৰত ৩.৫% সুত -৩০ৰ পৰা ৪৫ দিন, ৪৬ৰ পৰা ৬০দিন আৰু ৬১ৰ পৰা ৯০দিনত মেচুউৰিটি হোৱা FDৰ ওপৰত ৩% সুত পৰিশোধ কৰে HDFCয়ে । আনহাতে ৯১ দিনৰ পৰা ৬মাহত হোৱা মেচুউৰিটি হোৱা FDৰ ওপৰত এতিয়া ৩.৫% সুত প্ৰদান কৰে বেংকটোৱে । লগতে ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত মেচুউৰিটি হোৱা FDত ৪.৪ % আৰু ৯ মাহৰ পৰা ১ বছৰলৈ কৰা FDৰ ওপৰতো ৪.৪ % সূত আগবঢ়ায় বেংকটোৱে ।
জ্যেষ্ঠ নাগৰিকসকলে এই সকলোবোৰ FDৰ ওপৰত ০.৫%তকৈ অধিক সুত লাভ কৰে -১বছৰৰ পৰা ২বছৰৰ ভিতৰত মেচুউৰিটি হোৱা FDত এতিয়া ৪.৯% সুত, ২বছৰৰ পৰা ২বছৰলৈ ৫.১৫% , ৩বছৰৰ পৰা ৫বছৰলৈ মেচুউৰিটি হোৱা জমাৰ ওপৰত ৫.৩০% , ৫বছৰৰ পৰা ১০বছৰৰ ভিতৰত মেচুউৰিটি হোৱা দীৰ্ঘম্যাদী FDৰ ওপৰত ৫.৫০% সূত প্ৰদান কৰে বেংকটোৱে। লগতে জ্যেষ্ঠ নাগৰিকসকলে এই সকলো বোৰ FDৰ ওপৰত ০.৫% অতিৰিক্ত সুত লাভ কৰে। ইয়াৰ পূ্ৰ্বে ২০২০ৰ নৱেম্বৰত HDFCয়ে সুতৰ হাৰ সলনি কৰিছিল।
দুদিন পূৰ্বে জৰিমনা বিহা হৈছিল বেংকটোক -ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়ে দেশৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক HDFC বেংকৰ ওপৰত ১০ কোটি টকাৰ আৰ্থিক জৰিমনা বিহা বুলি জানিব পৰা গৈছে। বেংকিং নিয়ন্ত্ৰণ আইনৰ ধাৰা ৬(২) আৰু ধাৰা ৮-ৰ বিধান উলংঘা কৰাৰ বাবে জৰিমনা বিহা হৈছিল বেংকটোক । কেন্দ্ৰীয় বেংকটোৱে এই সম্পৰ্কত কয় যে নিয়ামক কোম্পানীবোৰৰ অনিয়মৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। প্ৰকৃততে, এজন হুইচব্ল'লাৰৰ অভিযোগৰ অনুসন্ধান কৰাৰ পিছত ইয়াক জৰিমনা বিহা হৈছিল ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|