আজি আন্তৰ্জাতিক মাতৃ দিৱস, HDFC বেংকে #MaaKiKhushiKeLiye অভিযানৰ জৰিয়তে মাতৃৰ মুখলৈ আনিছে হাঁহি

News18 Assam | News18-Assam
Updated:May 9, 2021, 8:17 PM IST
আজি আন্তৰ্জাতিক মাতৃ দিৱস, HDFC বেংকে #MaaKiKhushiKeLiye অভিযানৰ জৰিয়তে মাতৃৰ মুখলৈ আনিছে হাঁহি
এই মাতৃ দিৱসত আমাৰ অতুলনীয় মাতৃসকলৰ বাবে, #MaaKiKhushiKeLiye কামবোৰ কৰি আহক- তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই তুলি উদযাপন কৰো।

এই মাতৃ দিৱসত আমাৰ অতুলনীয় মাতৃসকলৰ বাবে, #MaaKiKhushiKeLiye কামবোৰ কৰি আহক- তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই তুলি উদযাপন কৰো।

  • Share this:
মহামাৰীয়ে প্ৰায় কোঙা কৰি পেলোৱা ২০২১ৰ মাতৃ দিৱস সাধাৰণ কিছু ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হৈছে। এইবাৰ মাতৃ দিৱসত HDFC বেংকে  এক স্নেহপূৰ্ণ প্ৰচাৰ চলাইছে য'ত এগৰাকী মাতৃয়ে তেওঁৰ সন্তান দায়বদ্ধ, স্বাস্থ্যৱান আৰু সুৰক্ষিত বুলি জানি সুখী আৰু সকাহ অনুভৱ কৰাৰ কেইবাটাও উপায়ৰ ওপৰত আলোকপাত কৰা হৈছে।

বিশেষকৈ এনে সংকটৰ সময়ত, শিশুৱে আটাইবোৰ সুৰক্ষা, সতৰ্কতা অৱলম্বন কৰিছে নে নাই, সময়মতে আহাৰ গ্ৰহণ কৰিছে নে নাই, নিজৰ স্বাস্থ্যৰ যত্ন লৈছে নে নাই আৰু এই মহামাৰীৰ সময়ত চাপ আৰু প্ৰত্যাহ্বান নিয়ন্ত্ৰণ কৰিব পাৰিছে নে নাই- সেই কথালৈ মাতৃ এগৰাকী নিৰন্তৰ চিন্তিত হৈ থাকে। সেয়েহে, সন্তান হিচাপে আমি আমাৰ মাতৃসকলক দিব পৰা আটাইতকৈ ডাঙৰ উপহাৰটো হ'ল, এই নিশ্চিতি প্ৰদান কৰা যে আমি সুৰক্ষিত আৰু এই অভূতপূৰ্ব পৰিৱৰ্তনৰ সৈতে ভালদৰেই খাপ খাব পাৰিছো।

#MaaKiKhushiKeLiye -হৈছে এক সৰল কিন্তু শক্তিশালী ধাৰণা যিটো HDFC বেংকে বাছনি কৰি এইবাৰ মাতৃ দিৱসত এক আন্তৰিক আৰু সকলোৱে বুজিব পৰাকৈ ৰূপ দি প্ৰচাৰ কৰিছে।



এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ ইতিবাচক বাৰ্তা আৰু তেওঁলোকৰ সন্তানৰ গুণাগুণ আৰু দায়িত্বশীল কাৰ্যই মাতৃসকলৰ বাবে গৌৰৱ আৰু সকাহ কঢ়িয়াই অনাৰ আটাইতকৈ ডাঙৰ কাৰক হৈ পৰে, সেই কথা ধুনীয়াকৈ প্ৰদৰ্শন কৰা হৈছে। ইয়াত দেখুওৱা পৰিস্থিতিসমূহ বাস্তৱ জীৱনক প্ৰতিফলিত কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।

গতিকে, এই মাতৃ দিৱসত আমাৰ অতুলনীয় মাতৃসকলৰ বাবে, #MaaKiKhushiKeLiye কামবোৰ কৰি আহক- তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই তুলি উদযাপন কৰো।
Published by: Himangshu Bhuyan
First published: May 9, 2021, 8:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি