গাড়ীত হাই ছিকিউৰিটী নাম্বাৰ প্লেট নাই? আদালত অৱমাননাৰ অপৰাধত পৰিব আপুনি!

সৰ্বোচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ মানি কঠোৰ হৈছে সকলো জিলাৰ পৰিবহণ বিভাগ।

news18assam
Updated:June 3, 2019, 12:50 PM IST
গাড়ীত হাই ছিকিউৰিটী নাম্বাৰ প্লেট নাই? আদালত অৱমাননাৰ অপৰাধত পৰিব আপুনি!
সৰ্বোচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ মানি কঠোৰ হৈছে সকলো জিলাৰ পৰিবহণ বিভাগ।
news18assam
Updated: June 3, 2019, 12:50 PM IST
আপোনাৰ ঘৰৰ পুৰণি গাড়ীখনৰ নাম্বাৰ প্লেট সলাই হাই ছিকিউৰিটী নাম্বাৰ প্লেটলৈ সলনি কৰিলেনে? যদি নাই কৰা তেনেহ’লে শীঘ্ৰেই সংশ্লিষ্ট পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি নিজৰ নাম্বাৰ প্লেট সলনি কৰক। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ২০১২চনতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকালৈ জাননী জাৰি কৰিছিল আৰু সেই বৰ্ষৰ ৩০ এপ্ৰিলৰ ভিতৰত নতুন গাড়ী আৰু ১৫জুনৰ ভিতৰত পুৰণি গাড়ীৰ নাম্বাৰ প্লেট হাই ছিকিউৰিটী নাম্বাৰ প্লেটলৈ সলনি কৰাৰ নিৰ্দেশ দিছিল। আদালতে নিজৰ নিৰ্দেশত কৈছিল,

ভাৰতীয় সংবিধানৰ ১২৯অনুচ্ছেদ অনুসৰি প্ৰতিখন ৰাজ্যই সৰ্বোচ্ছ ন্যায়ালয়ৰ এই নিৰ্দেশ পালন কৰাটো বাধ্যতামূলক।


অৱশ্যে এই আদেশৰ যথেষ্ট সময় পাৰ হোৱাৰ পিছতো অসমসহ বহুকেইখন ৰাজ্যত সম্পূৰ্ণৰূপত বলৱৎ হোৱা নাছিল সৰ্বোচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ। একাংশ সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি শেহতীয়াকৈ অসমৰ পৰিবহণ আয়ুক্তই জিলাসমূহৰ পৰিবহণ বিভাগলৈ এই সন্দৰ্ভত জৰুৰী নিৰ্দেশ জাৰি কৰিছে। পুৰণি গাড়ীৰ নাম্বাৰ প্লেট হাই ছিকিউৰিটী নাম্বাৰ প্লেটলৈ সলনি কৰাৰ ক্ষেত্ৰত অটম’বাইল ডিলাৰসমূহক বিশেষ পঞ্জীয়ন কৰ্তৃপক্ষ হিচাপে স্বীকৃতি দিছে পৰিবহণ বিভাগে।

সূত্ৰঃ ইণ্টাৰনেট


কিয় লাগে হাই ছিকিউৰিটী নাম্বাৰ প্লেট?

এই টেম্পাৰ প্ৰুফ হাই ছিকিউৰিটী নাম্বাৰ প্লেটৰ জৰিয়তে যান–বাহন আইন ভংগ কৰা আৰু বিশেষকৈ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনসমূহ ধৰা পেলোৱাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰে। লগতে যান–বাহন চুৰি ৰোধ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ এই হাই ছিকিউৰিটী নাম্বাৰ প্লেট।

হাই ছিকিউৰিটী নাম্বাৰ প্লেট কেনেকুৱা?

হাই ছিকিউৰিটী নাম্বাৰ প্লেটত নকল কৰিব নোৱাৰা এক ক্ৰমিয়াম হল’গ্ৰাম আছে, মাজত এক চক্ৰৰ ছবি আছে য’ত ইঞ্জিন আৰু চেছিছ নাম্বাৰ সংলগ্ন হৈ আছে। সন্মুখৰ পঞ্জীয়ন প্লেটত এবাৰেই ব্যৱহাৰ কৰিব পৰা স্নেপ লক আছে। যদিহে কোনোবাই এই স্নেপ লক জোৰকৈ আজুৰি ভাঙে তেনেহ’লে লকটো লগতে ভাঙিব আৰু নাম্বাৰ প্লেটৰ সৈতে কৰা খেলিমেলি স্পষ্টকৈ ধৰা পৰিব।

যদিহে আপুনি এতিয়াও পুৰণি গাড়ীখনৰ নাম্বাৰ প্লেট সলনি কৰি হাই ছিকিউৰিটী নাম্বাৰ প্লেটলৈ পৰিৱৰ্তন কৰা নাই তেনেহ’লে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক। কেন্দ্ৰীয় চৰকাৰেও সৰ্বোচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ মানি এইক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি