অলিম্পিকত পদক জয় কৰা মানেই বিশ্ জয় কৰা। খ্যাতি আৰু সন্মানৰ শিখৰত আৰোহণ কৰা । এইসকল খেলুৱৈক ইতিহাসেও সোঁৱৰে। কিন্তু এটা কথা যে অলিম্পিকৰ পদকৰ সৈতে নাথাকে কোনো প্ৰাইজ মানী। তেনেহ'লে অলিম্পিকৰ পদক জয়ীসকলে ক'ত পায় ইমান টকা?
এইবাৰ টকিঅ' অলিম্পিকছ (Tokyo Olympics 2020)ত ভাৰতৰ পালোৱান (Wrestler) ৰবি দাহিয়া (Ravi Dahiya)ই ৰুপৰ পদক জয় কৰাৰ পিছতে পালে ৪ কোটি টকাৰ পুৰস্কাৰ। হাৰিয়ানা চৰকাৰে ৰবি দাহিয়াৰ কাৰণে ঘোষণা কৰিছে এই বিশাল পৰিমাণৰ ধন। ৪ কোটিৰ টকাৰ লগতে ৰবি দাহিয়াক ক্লাছ ওৱান (Class 1) চৰকাৰী চাকৰি দিব বুলিও ঘোষণা কৰিছে। ইমানেই নহয় ৰবি দাহিয়াই নিজৰ পছন্দমতে হাৰিয়ানাৰ যি ঠাইতে বিচাৰে সেই ঠাইত আধা দামত চৰকাৰী মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিছে।
ইমানৰ উপৰি ৰবি দাহিয়াৰ গাঁও নাহৰিত কুস্তী (Wrestling)ৰ এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে ৰবি দাহিয়াই অলিম্পিকত ৫৭ কেজি শাখাত ৰূপৰ পদক জয় কৰিছে। সুশীল কুমাৰৰ পিছত কুস্তীত ৰূপৰ পদক জয় কৰা ৰবি দাহিয়া দ্বিতীয় ভাৰতীয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|