মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»OMG! Work from Homeৰ বাবে থৰক–বৰক সংসাৰ, স্বামীক অফিচৰ পৰা কাম কৰিবলৈ দিবলৈ মালিকক অনুৰোধ পত্নীৰ

OMG! Work from Homeৰ বাবে থৰক–বৰক সংসাৰ, স্বামীক অফিচৰ পৰা কাম কৰিবলৈ দিবলৈ মালিকক অনুৰোধ পত্নীৰ

News18 Assam | News18-Assam
Updated:September 12, 2021, 8:17 PM IST
OMG! Work from Homeৰ বাবে থৰক–বৰক সংসাৰ, স্বামীক অফিচৰ পৰা কাম কৰিবলৈ দিবলৈ মালিকক অনুৰোধ পত্নীৰ
পোষ্টটো খুবেই আমোদজনক। কিন্তু যিয়ে লিখিছে, তেওঁৰ অৱস্থা খুবেই বেয়া! অন্তত লিখনি পঢ়ি তেনেকুৱাই অনুভৱ হয়!

পোষ্টটো খুবেই আমোদজনক। কিন্তু যিয়ে লিখিছে, তেওঁৰ অৱস্থা খুবেই বেয়া! অন্তত লিখনি পঢ়ি তেনেকুৱাই অনুভৱ হয়!

  • News18 Assam
  • Last Updated: September 12, 2021, 8:17 PM IST
  • Share this:
ঘৰ যাতে নাভাঙে, তাৰ বাবে স্বামীৰ অফিচৰ মালিকক অনুৰোধ জনাই এজন কৰ্মচাৰীৰ পত্নীয়ে লিখিলে চিঠি। পত্ৰত স্পষ্টভাৱে উল্লেখ কৰে কৰুণ অৱস্থাৰ কথা! এইক্ষেত্ৰত মালিকে কি সিদ্ধান্ত ল’লে সেয়া জানিব পৰা হোৱা নাই। এজন কৰ্মচাৰীৰ পত্নীৰ পোষ্ট ছচিয়েল মিডিয়াত তুলি ধৰিছে আৰপিজি এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই।

পোষ্টটো খুবেই আমোদজনক। কিন্তু যিয়ে লিখিছে, তেওঁৰ অৱস্থা খুবেই বেয়া! অন্তত লিখনি পঢ়ি তেনেকুৱাই অনুভৱ হয়! কাৰণ তেওঁ বাৰে বাৰে অনুৰোধ কৰিছে স্বামীক অফিচৰ পৰা কাম কৰিবলৈ দিবলৈ। অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম নহয়, অফিচলৈ ঘূৰাই নিয়া হওক তেওঁৰ স্বামীক। কাৰণ তেওঁ জনাইছে, স্বামীয়ে ঘৰত থাকিলে বহুবাৰ কফি বনাবলগীয়া হয়, নানা ধৰণৰ খাদ্য বনাবলগীয়া হয় আৰু বাৰে বাৰে পৰিষ্কাৰ কৰিবলগীয়া হয় ঘৰ। তেওঁৰ দুটি সন্তান আছে। সিহঁতৰ চোৱাচিতা কৰিয়ে তেওঁ ক্লান্ত। তাৰ লগতে ঘৰৰ পৰাই কাম কৰা স্বামীৰ বাবে দুগুণ পৰিশ্ৰম হৈছে।

মহিলাগৰাকীয়ে লিখিছে, ‘ছাৰ, মই আপোনাৰ কৰ্মচাৰী মনোজৰ পত্নী। মই আন্তৰিকতাৰে বিচাৰিছো তেওঁক শীঘ্ৰে অফিচৰ পৰা কাম কৰিবলৈ অনুমতি দিয়ক। তেওঁৰ ভেকচিনৰ দুটা পালি লৈছে। আৰু সম্পূৰ্ণ কোৰোণা প্ৰটকলো মানিব। যদি ঘৰৰ পৰা কাম এতিয়াও চলি থাকে, তেন্তে মোৰ বিয়াখন আৰু টিকি নাথাকিব। কাৰণ মোৰ স্বামীয়ে দিনত ১০বাৰ কফি খায়, এটা এটা ৰুমত এবাৰকৈ কাম কৰি ৰুমবোৰ লণ্ডভণ্ড কৰি ৰাখে। গোটেই দিনটো কিবা নহয় কিবা এটা খাব বিচাৰি থাকে। আনকি তেওঁৰ কামৰ মাজে মাজে টোপনিও যায়। আমাৰ দুটা সন্তান আছে। সিহঁতক চোৱাচিতা কৰিবলগীয়া হয়। মোৰ মানসিক শান্তিৰ বাবে মোৰ স্বামীক অফিচলৈ ঘূৰাই নিয়ক!’


এই পোষ্টটো হৰ্ষ গোৱেংকাই শ্বেয়াৰ কৰি টুইটাৰত লিখিছে, ‘নাজানো ইয়াৰ উত্তৰ কিদৰে দিব!’
Published by: Sanjay Kumar Das
First published: September 12, 2021, 8:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি