ৰন্ধন প্ৰকৰণ যে এক ভাল পেছা তাক প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে হৰপল সিং। এই পেছাত জড়িত এজন চেফে মাহেকত অতি কমেও দুই তিনি লাখ টকা উপাৰ্জন কৰিব পাৰে ।
ৰন্ধন প্ৰকৰণ যে এক ভাল পেছা তাক প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে হৰপল সিং। এই পেছাত জড়িত এজন চেফে মাহেকত অতি কমেও দুই তিনি লাখ টকা উপাৰ্জন কৰিব পাৰে ।
অসমৰ খাদ্য সম্ভাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আগবাঢ়িছে চৰাইদেউ জিলাৰ এজন যুৱক ৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰন্ধন প্ৰতিযোগিতাত খিতাপ দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সোণাৰিৰ যুৱকজনে।
সোণাৰি নগৰৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা হৰপল সিঙে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ "চেফ ভাৰছেচ ফ্ৰিজ" শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত জয়ী হৈ অসমৰ নাম উজলাই তুলিছে ৷ জী–ফাইভ(ZEE5) চেনেলত সম্প্ৰচাৰ হৈছিল এই প্ৰতিযোগিতা ৷
ৰন্ধন প্ৰকৰণ যে এক ভাল পেছা তাক প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে হৰপল সিং।
আজিকালি বহুতো পুৰুষে ৰন্ধনীৰ কাম কৰি জনপ্ৰিয় হৈছে ৷ চৰাইদেউ জিলাৰ সোণাৰিত জন্মগ্ৰহণ কৰা হৰপাল সিঙে অতি কম বয়সৰ পৰাই ৰেচিপি প্ৰস্তুত কৰি ভাল পাইছিল। গোৱাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠানত চাকৰি লাভ কৰিছে ৷
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা খাদ্য সম্ভাৰক সমগ্ৰ বিশ্বত জনপ্ৰিয় কৰাৰ লক্ষ্যৰে আগবাঢ়িছে হৰপল ৷ লগতে উঠি অহা প্ৰজন্মক এই পেছাৰ প্ৰতি আগ্ৰহী হ’৸বলৈ অনুৰোধ জনাইছে হৰপলে ৷ এজন ভাল চেফ হব পাৰিলে চাকৰিৰ অভাৱ নাই ৷ বৰ্তমান সময়ত এই পেছাত জড়িত এজন চেফে অতি কমেও মাহেকত দুই তিনি লাখ টকা উপাৰ্জন কৰিব পাৰে ।
হৰপলৰ সফলতাত এতিয়া আনন্দিত হৈছে হৰপলৰ মাতৃ ৷
সৰুতে নিজ আইতাকৰ পৰা ৰন্ধন কলাৰ জ্ঞান লোৱা হৰপল এতিয়া সমগ্ৰ ভাৰততে জনপ্ৰিয় ৷ বহু দেশ–বিদেশৰ খাদ্য ৰান্ধিব জনা হৰপলে বিশ্বত জনপ্ৰিয় কৰিব অসম তথা উত্তৰ পূৰ্বৰ খাদ্যক ৷
[
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|