Kareena Kapoor Khan's Fitness Mantra: কৰীণাই নিজৰ আহাৰৰ সময়ক লৈ একেবাৰে কাঢ়া। ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ সদায় সময়মতে গ্ৰহণ কৰে কৰীণাই। কৰীণা কাপুৰে ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ গোটেই দিনটো যথেষ্ট পানী খায়।
কৰীণা কাপুৰ খানে (Kareena Kapoor Khan) আজি তেওঁৰ ৪১তম জন্মদিন (Birthday) পালন কৰিছে। তেওঁৰ ফিটনেছ আৰু সৈন্দৰ্য্যৰ সন্মূখত আজিৰ যুৱ তাৰকাসকলেও ফেৰ মাৰিব পৰা নাই। তেওঁৰ শৰীৰলৈ লক্ষ্য কৰিলেই অনুমান কৰিব পাৰি তেওঁ নিজৰ ফিটনেছক লৈ কিমান সতৰ্ক। তেওঁ দুটা সন্তানৰ মাতৃ হোৱাৰ পিছতো নিজৰ বৰ্ধিত ওজন সহজেই যেন হ্ৰাস কৰি পেলায়। কৰীণাৰ এই ফিটনেছ ৰহস্যৰ (Fitness secrets) বিষয়ে জানোঁ আহক।
ফিটনেছৰ বাবে ব্যায়াম
যদিও কৰীণা কাপুৰ খান দুটা সন্তানৰ মাতৃ তেওঁ আজিও ফিটনেছৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ অভিনেত্ৰীসকলৰ লগত প্ৰতিযোগিতা কৰিব পাৰে। কৰীণাই নিজকে সুস্থ ৰাখিবলৈ চিৰি বগোৱা আৰু নমাৰ লগতে পিলাটেছ কৰে । ইয়াৰ লগতে কৰীণাই সপ্তাহত কেইদিনমান যোগ আৰু ধ্যানো কৰে। কৰীণাই সপ্তাহত ছয়দিন ব্যায়াম কৰে আৰু দেওবাৰে বিশ্ৰাম লয়।
সদায় মখানে লগত ৰাখে
কৰীণা কাপুৰ খানে যেতিয়াই ছুটিং বা কামৰ বাবে বাহিৰলৈ যায় তেতিয়াই মাখানাৰে ভৰ্তি এটা বাকচ লৈ যায়। যাতে যেতিয়াই তেওঁৰ ভোক লাগে জাংক ফুড খোৱাৰ সলনি সেয়া খাব পাৰে। মাখানেত আঁহ বেছি আৰু কেলৰি কম থাকে। লগতে মাখানা খালে আপুনি দীৰ্ঘ সময় ধৰি ভোক অনুভৱ নকৰে। মাখানা মেগনেছিয়াম সমৃদ্ধ আৰু হৃদযন্ত্ৰৰ বাবে ভাল বুলি গণ্য কৰা হয়। একে সময়তে মাখানা এণ্টি-এজিং এনজাইমেৰেও সমৃদ্ধ। কৰীণাই মাখানা ভজা বা বেক কৰিবলৈ আৰু সেইবোৰত নিমখ যোগ দিবলৈ ভাল পায়।
ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ খোৱাৰ সময়
কৰীণাই নিজৰ আহাৰৰ সময়ক লৈ একেবাৰে কাঢ়া। ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ সদায় সময়মতে গ্ৰহণ কৰে কৰীণাই। কৰীণাই তাইৰ দিনটো তিয়াই থোৱা বাদাম আৰু কলেৰে আৰম্ভ কৰে। তাৰ পিছতহে কৰীণাই জীম কৰে। কৰীণাই দিনৰ ১২ বজাত দুপৰীয়াৰ আহাৰ খাবলৈ ভাল পায়। যাতে খাদ্য ভালদৰে হজম হয়। বেবোৱে দুপৰীয়াৰ আহাৰত দৈ-ভাত আৰু কেতিয়াবা দাইল, পাচলি, ৰুটি, চালাড খাবলৈ ভাল পায়। কৰীণাৰ ফল খোৱাৰ সময় হৈছে আবেলি দুইৰ পৰা তিনি বজাৰ ভিতৰত। কৰীণাই কেতিয়াবা ৰাতিৰ আহাৰত পোলাও-ৰাইটা, পুদিনা-পালেং শাক, ৰুটি আৰু দৈ বা কেতিয়াবা দাইল, পাচলি, ৰুটি খায়।
চাহ বা কফিৰ পৰা আঁতৰি থাকে কৰীণা
কৰীণাই সন্ধিয়া চাহ বা কফিৰ সলনি বতৰৰ ফলৰ ৰস, লেমোনেড, বাটাৰমিল্ক, লাচি বা নাৰিকল পানী খাবলৈ পছন্দ কৰে। ই তেওঁক গোটেই দিনটো হাইড্ৰেটেড হৈ থকাত সহায় কৰে। একে সময়তে, তেওঁ কেতিয়াবা ভজা চিভাদা খায়। কৰীণাই ৰাতি শুবলৈ যোৱাৰ আগতে গাখীৰত হালধি আৰু জায়ফল দি পান কৰে। ই তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা সৃষ্টি কৰে। কৰীণা কাপুৰে ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ গোটেই দিনটো যথেষ্ট পানী খায়। ই তেওঁৰ ছাল চিৰদিনৰ বাবে উজলাই ৰাখে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|