உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • HBD Ishant Sharma : আজি ভাৰতীয় তাৰকা বেগী বলাৰ ঈশান্ত শৰ্মাৰ জন্মদিন, ফটা স্পাইক পিন্ধি ক্ৰিক্ৰেট খেলা যুৱকজনৰ কাহিনী

    HBD Ishant Sharma : আজি ভাৰতীয় তাৰকা বেগী বলাৰ ঈশান্ত শৰ্মাৰ জন্মদিন, ফটা স্পাইক পিন্ধি ক্ৰিক্ৰেট খেলা যুৱকজনৰ কাহিনী

    ৬ ফুট ৪ ইঞ্চি উচ্চতাৰে ঈশান্ত শৰ্মা ভাৰতীয় বেগী বলাৰৰ ইতিহাসত এগৰাকী অন্যতম শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিচিত।

    ৬ ফুট ৪ ইঞ্চি উচ্চতাৰে ঈশান্ত শৰ্মা ভাৰতীয় বেগী বলাৰৰ ইতিহাসত এগৰাকী অন্যতম শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিচিত।

    ৬ ফুট ৪ ইঞ্চি উচ্চতাৰে ঈশান্ত শৰ্মা ভাৰতীয় বেগী বলাৰৰ ইতিহাসত এগৰাকী অন্যতম শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিচিত।

    • Share this:
    ভাৰতীয় ক্ৰিক্ৰেট দলৰ বেগী বলৰ ঈশান্ত শৰ্মাৰ আজি জন্মদিন। ১৯৮৮ৰ আজিৰ দিনটোতে ঈশান্ত শৰ্মাই নতুন দিল্লীত জন্মলাভ কৰিছিল। ভাৰতীয় ক্ৰিক্ৰেট দলৰ প্ৰাক্তন বেগী বলাৰ জাভাগল শ্ৰীনাথৰ সৈতে সম্পূৰ্ণ মিল থকা এইগৰাকী বেগী বলাৰে বৰ্তমানলৈকে ১০৪খন টেষ্ট, ৮০খন এদিনীয়া আৰু ১৪খন T-20 ক্ৰিক্ৰেট মেচ খেলিছে। শেহতীয়াভাৱে লৰ্ডছ টেষ্টত ৫টা উইকেট দখলৰে ভাৰতৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা ঈশান্তে বৰ্তমানলৈকে ৪৩৪টা উইকেট দখল কৰিছে।

    ১৯ বছৰ বয়সত ২০০৭ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিক্ৰেটত আত্মপ্ৰকাশ কৰা এইগৰাকী ঈশান্ত শৰ্মাই কেৰিয়াৰৰ আৰম্ভণিতে ৰিকি পইণ্টিঙৰ দৰে বিশ্বৰ শ্ৰেষ্ঠ বেটছমেনক দিশহাৰা কৰিবলৈ সক্ষম হৈছিল। আনকি ঈশান্তৰ বলিঙক প্ৰশংসাৰে ওপচাই পেলাইছিল ষ্টিভ ৱ'ৰ দৰে প্ৰখ্যাত ক্ৰিক্ৰেটাৰে।

    ৬ ফুট ৪ ইঞ্চি উচ্চতাৰে ঈশান্ত শৰ্মা ভাৰতীয় বেগী বলাৰৰ ইতিহাসত এগৰাকী অন্যতম শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিচিত। পিছে ভাৰতীয় দলত স্থান লাভ কৰাৰ পূৰ্বে যথেষ্ট সংঘৰ্ষ কৰিব লগা হৈছিল ঈশান্তে। আনকি আৰ্থিক অনাটনৰ বাবে ঈশান্তে প্ৰথম অৱস্থাত ফটা স্পাইক পিন্ধি ক্ৰিক্ৰেট খেলিব লগা হৈছিল।

    সৰুৰে পৰা বিদেশী বেগী বলাৰৰ দৰে দীঘলকৈ চুলি ৰাখি ভালপোৱা ঈশান্তে স্কুলত বহুবাৰ দীঘল চুলি ৰখাৰ বাবে শাস্তিৰ সন্মুখীন গৈছিল। পিছলৈ ১৯ অনূৰ্ধ্ব ভাৰতীয় দলত স্থান লাভ কৰাৰ পিছতো ঈশান্তে দীঘল চুলিৰ বাবে জৰিমনা ভৰিব লগা হৈছিল। সেই সময়ত ভাৰতীয় ক্ৰিক্ৰেট দলৰ প্ৰশিক্ষক হিচাপে থকা লালচান্দ ৰাজপুত অনুশাসনৰ ক্ষেত্ৰত অতি কঠোৰ আছিল। তেওঁ কোনো খেলুৱৈকে চশমা পিন্ধিব দিয়া নাছিল। চুলি দীঘলকৈ ৰখাৰ ক্ষেত্ৰটো নিষেধাজ্ঞা জাৰি কৰিছিল ৰাজপুতে।

    ৰাজপুতে ঈশান্তক চুলি কাটিবলৈ নিৰ্দেশ দিছিল যদিও ঈশান্তে কঠোৰ অনুশীলনৰ পিছত ভাগৰুৱা হৈ পৰিছিল আৰু সেয়ে চেলুনলৈ যাব পৰা নাছিল। পৰিণতিত তেওঁ জৰিমনা পৰিশোধ কৰিব লগা হৈছিল। কঠোৰ প্ৰত্যাহ্বানকো নেওচি সফলতাৰ চূড়ান্ত শিখৰত উপনীত হোৱা ঈশান্ত শৰ্মাৰ দৰে তাৰকা খেলুৱৈৰ জীৱন সংগ্ৰামৰ কাহিনী সঁচাকৈ আদৰ্শনীয়।
    Published by:Sanjay Kumar Das
    First published: