শ্ৰীৰামৰ পৰম ভক্ত হনুমানৰ জন্মস্থানক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। হিন্দু ধৰ্মালম্বী লোকে সংকট মোচনৰ বাবে আৰাধনা কৰা পৱন পুত্ৰ হনুমানৰ জন্মস্থানক লৈ পূৰ্বেও বহু বিতৰ্কৰ সৃষ্টি হৈছিল। প্ৰচলিত বিশ্বাস অনুসৰি বহু লোকৰ মতে হনুমানৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ নাছিকৰ অঞ্জনেৰী পাহাৰত।
হনুমানৰ মাতৃৰ নামৰে নামাকৰণ কৰা এই পাহাৰতে হনুমানৰ জন্ম হোৱা কথা বহুতে দাবী কৰে। ইয়াৰ বিপৰীতে বহু লোকে হনুমানৰ জন্ম ঝাৰখণ্ডত হোৱা বুলিও দাবী কৰে। ঝাৰখণ্ডৰ গুমলা জিলাৰ অঞ্জন গাঁৱত থকা পাহাৰৰ গুহাট হনুমানৰ জন্ম হোৱা বুলিও বহুতে দাবী কৰে।
শেহতীয়াকৈ বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ জৰীপত উদ্ধাৰ হোৱা তথ্যই হনুমানৰ জন্মস্থান সন্দৰ্ভত পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছিল। পিছে এই সকলো বিতৰ্কৰ অন্ত পেলাই কৰ্ণাটকৰ হিন্দু ধৰ্মশাস্ত্ৰৰ পণ্ডিত ৰূপে পৰিচিত মহন্ত গোবিন্দ দাসে হনুমানৰ জন্মস্থানৰ ক্ষেত্ৰত নতুনকৈ আন এক দাবী তুলিছে। মহন্ত গোবিন্দ দাসৰ মতে, কৰ্ণাটকৰ কিষ্কিন্ধ্যাতহে হনুমানৰ জন্ম হৈছিল আৰু হিন্দু শাস্ত্ৰটো এই কথাই উল্লেখ আছে। মহন্ত গোবিন্দ দাসৰ এই দাবীৰ পিছতে হনুমানৰ জন্মস্থান সন্দৰ্ভত দেশজুৰি পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে।