পিঠিত দীঘলকৈ পৰি থকা ক'লা ডাঠ পোন চুলি কোনে নিবিচাৰে? পোন চুলি মানে ষ্ট্ৰেইট চুলি বৰ্তমান ফেশ্বনত ট্ৰেণ্ডিং হৈ আছে। গতিকে সকলোৱে এনে আকৰ্ষণীয় চুলি পাবলৈ চুলিত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে। চুলিত কেমিকেল সনাৰ ফলত কেইদিনমানৰ কাৰণে চুলিত চমক আহে যদিও কেইদিনমান পিছতেই চুলিৰ অৱস্থা বেয়া হৈ পৰে। চুলি সৰা আৰু অন্যান্য উপসৰ্গ সৈতে আৰম্ভ হয় চুলিৰ সমস্যা। সেয়েহে চুলি ভালে ৰাখি ষ্ট্ৰেইট চুলি পাবলৈ ঘৰুৱা উপায়ৰ ওপৰতে নিৰ্ভৰ (Hair Straightening At Home) কৰাটো হৈছে আটাইতকৈ উত্তম উপায়। ঘৰতে সহজ আৰু সাধাৰণ উপায়েৰেই আপুনি ষ্ট্ৰেইট চুলি পাব পাৰে।
হাজাৰ হাজাৰ টকা খৰচ কৰি চুলি ৰাসায়নিক পদাৰ্থৰ পাৰ্শ্বক্ৰিয়াৰ পৰা সুৰক্ষিত কৰাও হ'ব। আপুনি ঘৰত কোনো ৰাসায়নিক পদাৰ্থ অবিহনে আপোনাৰ চুলি পোন কৰিব পাৰে। কিন্তু ঘৰুৱা ধৰণে কেনেকৈ চুলি ষ্ট্ৰেইট কৰিব লাগে জানোঁ আহক।
সকলোৰে চুলি প্ৰাকৃতিকভাৱে পোন বা ষ্ট্ৰেইট নহয়। কিছুমানৰ চুলি কেঁকোড়া আৰু আন কিছুমানৰ চুলি পাতল আৰু পোন। এইকাৰণে বহুলোকে চুলি পোন কৰে (Hair Straightening At Home), পোন চুলি পাবলৈ ৰিবণ্ডিং কৰে। কিন্তু ইয়াৰ ফলত চুলিৰ মাৰাত্মক ক্ষতি হ'ব পাৰে। চেলোৰ জৰিয়তে এনে কৰিবলৈ বহুত খৰচ হয়। গতিকে এতিয়া আপুনি এই সৰল ঘৰুৱা পদ্ধতিটোৰ কথা ভাবিব পাৰে।
![]()
পাৰ্লাৰ নহয়, ঘৰতেই আছে যাদুৰ কাঠি
আপুনি বিভিন্ন ৰাসায়নিক পদাৰ্থ সমৃদ্ধ প্ৰসাধন ব্যৱহাৰ নকৰাকৈ আপোনাৰ চুলি ঘৰুৱাভাৱে পোন কৰিব পাৰে। ইয়াৰ বাবে কেৱল ৪টা মূল ঘৰুৱা উপাদানৰ প্ৰয়োজন। এনেদৰে, আপুনি চুলি পোন নকৰাকৈ ঘৰতে পোন চুলি পাব পাৰে। ইয়াৰ বাবে, নিয়মীয়াকৈ এটা বিশেষ পেক ব্যৱহাৰ কৰিব। কেনেদৰে বনাব লাগে জানি লওক-
প্ৰথমে লওক এইকেইবিধ সামগ্ৰী
১. কল ২টা
২. মৌ ২ টেবুল চামুচ
৩. অলিভ অইল ২ টেবুল চামুচ আৰু
৪. ১ টেবুল চামুচ টেঙা দৈ।
পদ্ধতি
প্ৰথমে সকলো উপাদান একেলগে মিহলি কৰি লওক। তাৰ পিছত চুলিৰ গুৰিৰ পৰা পেকটো চুলিৰ আগলৈ প্ৰয়োগ কৰক আৰু আধা ঘণ্টা অপেক্ষা কৰক।
তাৰ পিছত আপোনাৰ চুলি চেম্পুৰে ভালদৰে ধুই পেলাওক। সোনকালে ভাল ফল পাবলৈ এই পেকটো সপ্তাহত কমেও তিনিবাৰ ব্যৱহাৰ কৰক। তেতিয়াহে আপুনি পোন বা ষ্ট্ৰেইট চুলি পাব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|