Hair Mask For Hair Growth : মেথিগুটিয়ে চুলিৰ বাবে এনাৰ্জী বুষ্টাৰৰ দৰে কাম কৰে। মেথিত থাকে লেচিথিন। যিয়ে প্ৰাকৃতিক কণ্ডিচনাৰৰ দৰে কাম কৰে। মেথি ফলিক এচিড, ভিটামিন এ, কে আৰু চিৰে ভৰপুৰ। Hair Mask For Hair Growth : মেথিগুটিয়ে চুলিৰ বাবে এনাৰ্জী বুষ্টাৰৰ দৰে কাম কৰে। মেথিত থাকে লেচিথিন। যিয়ে প্ৰাকৃতিক কণ্ডিচনাৰৰ দৰে কাম কৰে। মেথি ফলিক এচিড, ভিটামিন এ, কে আৰু চিৰে ভৰপুৰ। চুলি সৰা এক সাধাৰণ কথা। কিন্তু যদি পুৰণি চুলি সৰাৰ পিছত নতুন চুলি নাহে তেতিয়া ই এক সমস্যা হৈ পৰিব পাৰে। এইটো বিশ্বাস কৰা হয় যে, প্ৰতিদিনে ৫০ৰ পৰা ১০০ ডাল চুলি সৰাটো কোনো সমস্যা নহয়। সেইবোৰৰ সলনি নতুন চুলিৰ বিকাশ হয় আৰু চুলিবোৰ পুনৰ ডাঠ আৰু স্বাস্থ্যৱান হৈ পৰে। কিন্তু একাংশ লোকৰ পুৰণি চুলি সৰাৰ পিছত নতুন চুলি নগজে। যিয়ে সমস্যাৰ সৃষ্টি কৰে।
এনে পৰিস্থিতিত আপুনি ঘৰত বনোৱা হেয়াৰ মাস্কৰ সহায় ল'ব পাৰে। ইয়াক প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হয় মেথিগুটি আৰু পিঁয়াজ।
দৰাচলতে মেথিগুটিয়ে চুলিৰ বাবে এনাৰ্জী বুষ্টাৰৰ দৰে কাম কৰে। মেথিত থাকে লেচিথিন। যিয়ে প্ৰাকৃতিক কণ্ডিচনাৰৰ দৰে কাম কৰে। মেথি ফলিক এচিড, ভিটামিন এ, কে আৰু চিৰে ভৰপুৰ।
চুলিৰ বাবে পিঁয়াজৰ উপকাৰীতাঃ পিঁয়াজ চালফাৰেৰে ভৰপূৰ। যি চুলিক ডাঠ কৰাৰ লগতে নতুনকৈ গজাত সহায় কৰে। পিঁয়াজত ফলিক এচিড, ছালফাৰ আৰু ভিটামিন চি থাকে। পিঁয়াজ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণেৰে সমৃদ্ধ। যি স্কেল্পৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে আৰু চুলি নতুনকৈ গজাত সহায় কৰে।
কিদৰে প্ৰস্তুত কৰিব মেথি আৰু পিঁয়াজৰ হেয়াৰ মাস্কঃ
মেথিৰ ডানা ৰাতি তিয়াই থব লাগিব। আৰু পুৱা পেষ্ট বনাব লাগিব। আৰু লগতে পিঁয়াজ পিচি লওক। দুয়োবিধৰে ৰস উলিয়াই মিহলি কৰক। আৰু এঘণ্টা পৰ্যন্ত চুলিৰ গুৰিত লগাওক। ইয়াৰ পিছত মাইল্ড চেম্পুৰে ধোৱক। প্ৰতি সপ্তাহত যদি এবাৰকৈ কৰে, তেতিয়া চুলি সৰা সমস্যাৰ পৰা সকাহ পাব।
Published by: Himangshu Bhuyan
First published: January 13, 2022, 17:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|