உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • হেকাৰে উৰুৱাই দিলে ৯.৯ কোটি ভাৰতীয়ৰ গোপন তথ্য! আপোনাৰো বেংকৰ তথ্য চুৰি কৰিব পাৰে হেকাৰে!

    হেকাৰে উৰুৱাই দিলে ৯.৯ কোটি ভাৰতীয়ৰ গোপন তথ্য! আপোনাৰো বেংকৰ তথ্য চুৰি কৰিব পাৰে হেকাৰে!

    এই এপৰ পৰা প্ৰতিদিনে ১০ লাখতকৈও অধিক ধনৰ লেনদেন কৰা হয় আৰু বৰ্তমানে এই এপটোৰ ৩০ লাখৰো অধিক ব্যৱসায়ী সৈতে জড়িত হৈ আছে ৷

    এই এপৰ পৰা প্ৰতিদিনে ১০ লাখতকৈও অধিক ধনৰ লেনদেন কৰা হয় আৰু বৰ্তমানে এই এপটোৰ ৩০ লাখৰো অধিক ব্যৱসায়ী সৈতে জড়িত হৈ আছে ৷

    এই এপৰ পৰা প্ৰতিদিনে ১০ লাখতকৈও অধিক ধনৰ লেনদেন কৰা হয় আৰু বৰ্তমানে এই এপটোৰ ৩০ লাখৰো অধিক ব্যৱসায়ী সৈতে জড়িত হৈ আছে ৷

    • Share this:
    এইবাৰ হেকাৰে Mobikwikৰ ভাৰতীয় ব্যৱহাৰকাৰীৰ গোপন তথ্যৰ ওপৰত চকু দিয়াৰ লগতে হেক কৰিছে বহু তথ্য। ইয়াৰ ভিতৰত আছে Mobikwik ব্যৱহাৰকাৰীৰ ম'বাইল নম্বৰ, বেংক একাউণ্টৰ বিৱৰণ, ই-মেইল আৰু ক্ৰেডিট কাৰ্ডৰ নম্বৰ। অৱশ্যে Mobikwik কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে এই ঘটনা।

    কিছুদিন ধৰি ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীক নিজৰ টাৰ্গেটৰ বলি বনাই আহিছে হেকাৰে আৰু বিগত কেইদিনমানত হেকাৰৰ এনে কাৰ্য বৃদ্ধি পাবলৈ লৈছে। সম্প্ৰতি হেকাৰে দাবী কৰিছে যে তেওঁলোকে পেমেণ্ট এপ মোবিকুইক(Mobikwik)ৰ লাখ লাখ ভাৰতীয় ব্যৱহাৰকাৰীৰ ডাটা হেক কৰিছে। এই এপৰ পৰা প্ৰতিদিনে ১০ লাখতকৈও অধিক ধনৰ লেনদেন কৰা হয় আৰু বৰ্তমানে এই এপটোৰ ৩০ লাখৰো অধিক ব্যৱসায়ী সৈতে জড়িত হৈ আছে ৷ লগতে ইয়াৰ গ্ৰাহকৰ সংখ্যাও ১২ কোটিতকৈ অধিক।

    মোবিকুউইক(Mobikwik)ত চিকোইয়া কেপিটেল আৰু বাজাজ ফাইনেন্সৰ এক বৃহৎ বিনিয়োগ আছে আৰু কোম্পানীটোৱে হোৱাটছএপ পে, গু’গল পে, ফোন পে, পেটিএমৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰে।

    হেকাৰে ডাটা লিকৰ পৰিৱৰ্তে কোম্পানীৰ পৰা বিচাৰিছে ধন -

    চাইবাৰ সুৰক্ষা বিশ্লেষক ৰাজশেখৰা ৰাজহাৰিয়াই ভাৰতীয় ৰিজাৰ্ভ বেংক(RBI), ইণ্ডিয়ান কম্পিউটাৰ ইমাৰজেন্সী ৰেচপঞ্চ টিম (ICERT), পিচিআই মানদণ্ড আৰু পৰিশোধ প্ৰযুক্তিগত কোম্পানীসমূহক লিখিতভাৱে অৱগত কৰিছে এই কথা। ইপিনে হেকাৰৰ গোট জৰ্ডানভানেও ভাৰতীয় সংবাদ সংস্থা (PTI)লৈ ই-মেইলো কৰিছে। য’ত হকাৰৰ গোটটোৱে এই ডাটাসমূহ তেওঁলোকে ব্যৱহাৰৰ বাবে হেক কৰা নাই বুলি উল্লেখ কৰিছে, লগতে গোটটোৱে কয় যে তেওঁলোকৰ উদ্দেশ্য হৈছে কেৱল কোম্পানীৰ পৰা টকা লোৱাহে৷ কোম্পানীৰ পৰা ধন লাভৰ পিছতে এই ডাটা ডিলিট কৰিব বুলি মেইলত উল্লেখ কৰি হেকাৰৰ দলটোৱে৷

    কোম্পানীৰ দাবী, মোবিকুউইক(Mobikwik) তথ্যৰ হেকিং হোৱা নাই -

    ইতিমধ্যে জৰ্ডানভানে নামৰ হেকাৰৰ দলটোৱে মোবিকুউইক(Mobikwik)ৰ প্ৰতিষ্ঠাপক বিপিন প্ৰীত সিং আৰু চিইঅ'ৰ সৈতে হেক কৰা তথ্য ডিলিটৰ বাবে বিচৰা ধন সম্পৰ্কতো কথা পাতিছে। যদিও, আনফালে মোবিকুউইক(Mobikwik) কৰ্তৃপক্ষই হেকাৰসকলৰ দাবী ভুল বুলি কৈ আছে।

    কোম্পানীটোৰ মুখপাত্ৰই কয়, “আমি তথ্যৰ সুৰক্ষা অতি গুৰুত্ব সহকাৰে লওঁ আৰু বৈধ তথ্য সুৰক্ষা আইনগতভাৱে পালন কৰো৷ কোম্পানীৰ এই দাবীৰ পৰিৱৰ্তে কিন্তু হেকাৰৰ গোটে ইয়াৰ ভিন্ন নথিপত্ৰৰ লগতে মোবিকুউইক(Mobikwik) কিউআৰ কোডৰ কেইবাখনো ছবি আপলোড কৰিছে। এই সম্পৰ্কত মোবিকুউইক(Mobikwik) কৰ্তৃপক্ষই কয় যে এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে তেওঁলোকে কাম কৰি আছে। কোম্পানীয়ে তৃতীয় পক্ষৰ জৰিয়তে ফৰেন্সিক ডাটা ফেফটি অডিটো কৰিব। তেওঁলোকে লগতে কয় যে, মোবিকুউইক(Mobikwik)ৰ সকলো একাউণ্ট আৰু তাত জমা থকা ধন সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে।
    Published by:Sanjay Kumar Das
    First published: