সোমবাৰে গুৱাহাটী মহানগৰীত ১২ ডিগ্ৰী ছেলছিয়ালৈকে নামিব পাৰে তাপমাত্ৰা।
সোমবাৰে গুৱাহাটী মহানগৰীত ১২ ডিগ্ৰী ছেলছিয়ালৈকে নামিব পাৰে তাপমাত্ৰা।
সেমেকা বতৰ! সোমবাৰ আৰু মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা।ফলত বৰ্তমানতকৈ বাঢ়িব শীতৰো প্ৰকোপ। সোমবাৰৰ দিনটোত গুৱাহাটী মহানগৰীতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
সোমবাৰে গুৱাহাটী মহানগৰীত ১২ ডিগ্ৰী ছেলছিয়ালৈকে নামিব পাৰে তাপমাত্ৰা। সেইদৰে সৰ্বোচ্ছ তাপমাত্ৰা হ'ব ২৩ ডিগ্ৰী চেলছিয়াছ। কেৱল গুৱাহাটী মহানগৰীয়েই নহয়, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা।
আজিৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু বুধবাৰৰ পৰা বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা প্ৰৱল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|