গুৱাহাটী বিমানবন্দৰত শীঘ্ৰে স্থাপন কৰা হ’ব অত্যাধুনীক ব’ডি স্কেনাৰ

মেটেল ডিটেক্টৰ নহয়, শক্তিশালী ব’ডি স্কেনাৰে বিমানবন্দৰত পৰীক্ষা কৰা হ’ব যাত্ৰীক

news18assam
Updated:June 3, 2019, 7:32 PM IST
গুৱাহাটী বিমানবন্দৰত শীঘ্ৰে স্থাপন কৰা হ’ব অত্যাধুনীক ব’ডি স্কেনাৰ
মেটেল ডিটেক্টৰ নহয়, শক্তিশালী ব’ডি স্কেনাৰে বিমানবন্দৰত পৰীক্ষা কৰা হ’ব যাত্ৰীক
news18assam
Updated: June 3, 2019, 7:32 PM IST
২০২০ চনৰ ভিতৰত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বৰঝাৰ বিমানবন্দৰ সহ দেশৰ ৮৪ টা স্পৰ্শকাতৰ বিমানবন্দৰত স্থাপন কৰা হ’ব ব’ডি স্কেনাৰ। দেওবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ঘোষনা কৰিছে এই সিদ্ধান্তৰ কথা। অসামৰিক বিমান পৰিবহণ বিভাগৰ নিৰাপত্তা বিভাগে জাৰি কৰা এক নিৰ্দেশনাত  কোৱা হৈছে যে মেটেল ডিটেক্টৰে যাত্ৰীৰ দেহত অতি গোপনে থকা  অ–ধাতুৰ অস্ত্ৰ–শস্ত্ৰ তথা বিস্ফোৰক ধৰা পেলাব নোৱাৰি। কিন্তু ব’ডি স্কেনাৰ সহায়ত এজন যাত্ৰীৰ দেহত কঢ়িয়াই নিয়া যিকোনো মাৰনস্ত্ৰ অনায়াসে ধৰা পেলাব পৰা যাব বুলি উল্লেখ কৰে বিভাগৰ নিৰাপত্তা বিভাগে ।



ব’ডি স্কেনাৰ স্থাপন কৰিবলগীয়া বিমানবন্দৰ সমূহৰ ভিতৰত আছে দিল্লী, মুম্বাই, কলকাতা, চেন্নাইৰ লগতে সন্ত্ৰাসজৰ্জৰ জম্মু–কাশ্মীৰ, উত্তৰ–পূৰ্বাঞ্চলৰ বিমানবন্দৰ। উল্লেখ যোগ্য যে এই উন্নত প্ৰযুক্তিৰ স্কেনাৰৰ পৰা যাত্ৰীসকলৰ লগতে গৰ্ভৱতী মহিলাসকল সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব বুলি জানিবলৈ দিছে অসামৰিক বিমান পৰিবহণ বিভাগে।
আৰু চাওক পৰৱৰ্তী বাতৰি