দিল্লীৰ দৰেই বিষাক্ত হৈ উঠিছে গুৱাহাটীৰ বায়ু! গুৱাহাটীৰ বায়ু প্ৰদূষণৰ উদ্বেগজনক তথ্য

News18-Assam
Updated:November 18, 2019, 3:24 PM IST
দিল্লীৰ দৰেই বিষাক্ত হৈ উঠিছে গুৱাহাটীৰ বায়ু! গুৱাহাটীৰ বায়ু প্ৰদূষণৰ উদ্বেগজনক তথ্য
Source-google

বিভিন্ন এজেঞ্চীয়েও গুৱাহাটীৰ বায়ু প্ৰদূষণকলৈ দিছে উদ্বেগজনক তথ্য

  • Share this:
অস্বাস্থ্যকৰ গুৱাহাটীৰ বতাহ! দিল্লীত হোৱা বায়ু প্ৰদূষণক লৈ সৰ্বত্ৰ চৰ্চা চলি থকাৰ সময়তে গুৱাহাটীৰ বায়ু প্ৰদূষণকলৈ উত্থাপিত হৈছে বিভিন্ন প্ৰশ্নৰ। দিনকদিনে গুৱাহাটীত নিম্নগামী হৈছে বতাহৰ মান। বিপদ সীমা অতিক্ৰম কৰাৰ দিশে এতিয়া গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সূচাংক। সোমবাৰে নতুন দিল্লীত ‘Air Quality Index’ ১৫১ হোৱাৰ বিপৰীতে, গুৱাহাটীত  ‘Air Quality Index’ হৈছেগৈ  ১৬৭।



বিভিন্ন এজেঞ্চীয়েও গুৱাহাটীৰ বায়ু প্ৰদূষণকলৈ দিছে উদ্বেগজনক তথ্য।





AQI  ০ পৰা ৫০ লৈকে ভাল বুলি বিবেচনা কৰা হয়। ৫১ ৰ পৰা ১০০ ভিতৰত সন্তোষজনক, ১০১ ৰ পৰা ২০০ ৰ ভিতৰত মধ্যমীয়া, ২০১ ৰ পৰা ৩০০ ৰ ভিতৰত বেয়া, ৩০১ ৰ পৰা ৪০০ ৰ ভিতৰত  অত্যন্ত বেয়া আৰু ৪০১ ৰ পৰা ৫০০ ৰ ভিতৰত হ’লে ঠাই খনৰ AQI একেবাৰে পুতৌজনক বুলি ধৰা হয়।

ধাৰাবাহিক বনধ্বংস, প্লাষ্টিকৰ অবাধ প্ৰচলনৰ ফলত এতিয়া ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খাইছে গুৱাহাটীৰ বায়ু। ফলত জনসাধাৰণে হাপানী, হাওফাওৰ ৰোগ, বিভিন্ন হৃদজনিত ৰোগত ভুগিব পাৰে বুলি সন্দেহ কৰা হৈছে। সেইদৰে যদিহে এতিয়াৰ পৰাই জনসাধাৰণ পৰিবেশকলৈ সচেতন নহয়, তেন্তে ভৱিষ্যতে দিল্লীৰ শেহতীয়া পৰিস্থিতিতকৈও গুৱাহাটীৰ অৱস্থা নিম্নগামী হ’ব বুলি বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে আগজাননী দিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি