ৰাজ্যত নিষিদ্ধ হ’ল গুটখা, পাণ মছলা আদি ধপাত জাতীয় সামগ্ৰী। জনস্বাস্থ্যলৈ ভাবুকি অহাৰ পৰিপ্ৰেক্ষিতত খাদ্য সুৰক্ষা আইনৰ অধীনত নিষিদ্ধ কৰা হ’ল গুটখাৰ বিক্ৰী, বিতৰণ। এবছৰৰ বাবে বাহাল থাকিব এই নিষেধাজ্ঞা। এক অধিসূচনাৰ জৰিয়তে জাৰি কৰা হ’ল এই নিষেধাজ্ঞা। উল্লেখযোগ্য যে, কেৱল ধোঁৱাবিহীন ধপাত জাতীয় সামগ্ৰীতহে আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 27, 2019, 11:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।