হেলমেট পিন্ধি বাইক চলাইছে কবীৰ সিঙে! ফটো ভাইৰেল

News18 Assam | News18-Assam
Updated:February 7, 2020, 12:42 PM IST
হেলমেট পিন্ধি বাইক চলাইছে কবীৰ সিঙে! ফটো ভাইৰেল
বাইক চলাওতে কবীৰ সিঙৰ মূৰত হেলমেট

বাইক চলাওতে কবীৰ সিঙৰ মূৰত হেলমেট

  • Share this:
যোৱা বছৰ শ্বাহিদ কাপুৰ আৰু কিয়াৰা আদৱানী অভিনীত ছবি ‘কবীৰ সিঙে’ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। ছবিখনত এটা দৃশ্য আছিল, য’ত কবীৰ সিঙে বাইকেৰে অন্য এখন কলেজলৈ গৈছিল প্ৰীতিক ৰক্ষা কৰিবলৈ। সেই দৃশ্য ব্যাপক ভাবে ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। কিন্তু দেখা গৈছিল যে, সেইসময়ত বাইক চলাওতে কবীৰ সিঙে পৰিধান কৰা নাছিল হেলমেট।

টুইটাৰত এইবাৰ ছবিখনৰ এই বিশেষ দৃশ্যটোৰ আলম লৈ গুৰগাওঁ ট্ৰেফিক পুলিচে আৰম্ভ কৰিছে বিশেষ সজাগতা। হেলমেট পৰিধান নকৰা কবীৰ সিঙক হেলমেট পিন্ধাই গুৰগাওঁ আৰক্ষীয়ে লিখিছে, ‘যেতিয়া নিজেই বাচি থাকিবা, তেতিয়াহে প্ৰীতিক বচাব পাৰিবা।’

ছচিয়েল মিডিয়াত এতিয়া ব্যাপক ৰূপত ভাইৰেল হৈছে এই ফটোখন।


আৰু চাওক
পৰৱৰ্তী বাতৰি