স্পোৰ্টছৱেৰৰ বিখ্যাত সংস্থা Gucci ও Adidas। এইবাৰ চীনৰ বজাৰত এই ছাতি ব্যাপক ৰূপত বিক্ৰী হৈছে। কিন্তু এই ছাতিয়ে বৰষুণৰ পৰা নবচাই আপোনাক। তথাপিও এই ছাতিৰ দাম ১৬৬৪ ডলাৰ। যি ভাৰতীয় টকাৰ হিচাপত ১ লাখ ২৭ হাজাৰ ৭৪৬ টকা।
এই ছাতিক চান আম্ব্ৰেলা বুলি কোৱা হয়। কিন্তু ই ৱাটাৰপ্ৰুফ নহয়। এই ছাতি ট্ৰেফিল ডিজাইনেৰে প্ৰস্তুত কৰা হৈছে। ই প্ৰখৰ ৰ'দৰ পৰা আপোনাক সকাহ দিব পাৰে। কিন্তু এই ছাতিৰ ইমান দাম কিয়? আচলতে এই ছাতিক ষ্টেটাচ চিম্বল হিচাপে ব্যৱহাৰ কৰে বহুতে।
চীনৰ লাক্সাৰী সামগ্ৰীৰ বজাৰত এই ছাতিক লৈ বেছ কিছুদিন ধৰি আলোচনা চলি আছে।