শীতকালৰ ফল মধুৰিআম প্ৰায় সকলোৱে ভাল পায়। হয়তো খুব কম মানুহ থাকিব যিয়ে ইয়াক খাবলৈ বেয়া পায়। স্বাস্থ্যৰ বাবে মধুৰিআমৰ লাভালাভ বহুত আছে। যেতিয়াই কাৰোবাৰ পেট বেয়া হয়, তেতিয়া ঘৰৰ ডাঙৰলোকে নিশ্চিতভাৱে মধুৰিআম আৰু কল খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু খুব কম মানুহে ইয়াৰ অসুবিধাবোৰৰ বিষয়ে জ্ঞাত। কিছুমান ৰোগত মধুৰিআম একেবাৰে খাব নালাগে। কোনবোৰ ৰোগ থাকিলে মধুৰিআম খাব নালাগে সেই বিষয়ে জানক–
কি ৰোগত মধুৰিআম খোৱা উচিত নহয়ঃযিসকল লোকৰ গেষ্ট্ৰোইনটেষ্টিনেল সমস্যা আছে তেওঁলোকে ইয়াক একেবাৰে গ্ৰহণ কৰাতো উপকাৰী নহয়। মধুৰিআম খোৱাৰ পিছত বমি বা পেটৰ বিষ হ’লে ইয়াক খোৱা পৰিহাৰ কৰিব লাগে।
একে সময়তে, একজিমাৰ দৰে ৰোগত আক্ৰান্ত লোকসকলেও মধুৰিআম পৰিহাৰ কৰিব লাগে। ইয়াৰ ফলত ছালৰ জ্বলা-পোৰা হোৱাৰ উপৰিও ইয়াৰ পাতবোৰো কোনো ৰোগ নিষ্কাশন হিচাপে ব্যৱহাৰ কৰিব নালাগে।
লগতে, অস্ত্ৰোপচাৰ কৰিব লগা লোকসকলে দুই সপ্তাহ পূৰ্বৰে পৰা মধুৰিআমৰ সেৱন বন্ধ কৰিব লাগে। কিয়নো ইয়াৰ ফলত ৰক্ত সঞ্চালনত সমস্যা হ'ব পাৰে।
ইয়াৰোপৰি গৰ্ভৱতী আৰু কেচুৱা থকা মহিলাসকলেও মধুৰিআম খাব নালাগে। চৰ্দি,কাহ থকা লোকসকলেও মধুৰিআম খাব নালাগে কিয়নো ইয়াৰ সোৱাদ ঠাণ্ডা হোৱা বাবে ই চৰ্দিৰ সৃষ্টি কৰিব পাৰে।
মধুমেহ ৰোগীসকলেও ইয়াৰ গ্ৰহণ হ্ৰাস কৰিব লাগে। যদি মধুৰিআম খোৱা হয় তেন্তে নিশ্চিতভাৱে ব্লাডচুগাৰ পৰীক্ষা কৰক আৰু এতিয়াৰে পৰা সাৱধান হওক।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|