ভাল খবৰঃ হ্ৰাস পাব দুচকীয়া বাহনৰ দাম, পিছে কেতিয়াৰ পৰা?

News18 Assam | News18-Assam
Updated:August 26, 2020, 12:05 PM IST
ভাল খবৰঃ হ্ৰাস পাব দুচকীয়া বাহনৰ দাম, পিছে কেতিয়াৰ পৰা?
বিবেচনা কৰিছে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিবেচনা কৰিছে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

  • Share this:
কোৰোণা মহামাৰীৰ সন্ত্ৰাস চলি থকাৰ মাজতে আহিছে এটা ভাল খবৰ। দীপাৱলীৰ সময়ৰ পৰা হ্ৰাস পাব পাৰে দুচকীয়া বাহনৰ দাম। উল্লেখযোগ্য যে, যোৱা বছৰ হিৰ’ই চৰকাৰক দুচকীয়া বাহনৰ ক্ষেত্ৰত জি এচ টি হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছিল। জি এছ টি বৈঠকৰ পিছতে লোৱা হ’ব পাৰে এই সিদ্ধান্ত। অহা ১৯ ছেপ্তেম্বৰত আছে জি এছ টি কাউঞ্চিলৰ বৈঠক।



বৰ্তমান দুচকীয়া বহনৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ থকা ২৮ শতাংশ জি এচ টি হ্ৰাস কৰাৰ আছে সম্ভাৱনা।এই সন্দৰ্ভত বহু ব্যৱসায়ী আৰু উদ্যোগপতিয়ে চৰকাৰক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়েও ব্যৱসায়ী আৰু উদ্যোগপতি সকলৰ আহ্বানক সঁহাৰি জনাইছে বুলি জানিব পৰা গৈছে। বৈঠকত বিত্তমন্ত্ৰীয়ে কৈছে যে, দুচকীয়া বহন ‘luxury’ বাহন নহয়। গতিকে এই ক্ষেত্ৰত জি এচ টি পূণৰ নিৰ্ধাৰণ কৰাৰ থল আছে।’

যদিহে দুচকীয়া বহনৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ থকা ২৮ শতাংশ জি এচ টি কেন্দ্ৰীয় চৰকাৰে হ্ৰাস কৰে, তেন্তে নিশ্চয়কৈ কমিব দুচকীয়া বাহনৰ দাম।
Published by: Himangshu Bhuyan
First published: August 26, 2020, 12:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading