ঘৰতে পাচলি (Vegetables)ৰ খেতি কৰিলে সহজতে বিশুদ্ধ আৰু সতেজ পাচলি পোৱা যায়। লগতে বাৰে বাৰে বাহিৰলৈ ওলাই গৈ বজাৰলৈ গৈ থকাৰ অশান্তিৰ পৰাও বাচিব পৰা যায়। সেয়েহে আজিকালি বহুতে ঘৰতেই কম ঠাইতে পাচলিৰ খেতি কৰিবলৈ ধৰিছে।
মানুহে মানসিকেই হওক বা শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বাগিচা গাৰ্ডেনিং (Gardening) কৰিবলৈ লোৱা প্ৰয়াসে এক ইতিবাচক ইংগিত বহন কৰিছে। বজাৰৰ শাক-পাচলিত সৰহখিনিতে ৰাসায়নিক (Chemical) পদাৰ্থ প্ৰয়োগৰ কথা আমাৰ সকলোৰে জ্ঞাত। এনেকুৱাত ঘৰতে পাচলিৰ খেতি কৰিব পাৰিলে সতেজ (Fresh) পাচলি পোৱাৰ লগতে ঘৰৰ চৌপাশৰ পৰিৱেশটোও সুন্দৰ হৈ উঠে।
এনেকুৱা কেইবাপ্ৰকাৰৰো পাচলি আছে যিবোৰ আপুনি ঘৰতে খুব সহজতে উৎপাদন কৰিব পাৰে। ইয়াৰ ভিতৰৰত আলু (Potato) এবিধ সদায় পাকঘৰত লগা এবিধ পাচলি। আলু আপুনি ঘৰতে উৎপাদন কৰি ল'ব পাৰে। ঘৰতে আপুনি কেনেকৈ আলুৰ উৎপাদন কৰিব তাৰ কেইটামান উপায় -
আলুৰ সঁচ উন্নতমানৰ হ'ব লাগিব :আলুৰ উৎপাদনৰ বাবে আপুনি উন্নতমানৰ সঁচ ল'ব লাগিব। উন্নত সঁচ ব্যৱহাৰ কৰিলেহে ভাল আলু পাব।এনে ভাল সঁচৰ আলু আপুনি অৰ্ডাৰ কৰি আনিব পাৰে বা সহজতে বজাৰৰ পৰাও কিনি আনিব পাৰে।
এনেকৈ ৰোৱক আলু আলু ৰুবলৈআৰু এটা উপায় হ'ল আলুৰ যিটো অংশইদি অংকুৰ বা গজালি ওলায়, সেই অংশটো কাটি টুকুৰা কৰি ৰুব।
ৰ'দ পৰা ঠাইতহে ৰাখিব:আপুনি আলু মাটিতো ৰুব পাৰে নইবা ডাঙৰ গামলা, বাকেট,বা কণ্টেইনাৰতো লগাব পাৰে।লগতে আলু ৰুবলৈ এনেকুৱা ঠাইহে নাৰ্বাচন কৰিব য'ত পৰ্য্যাপ্ত ৰ'দ পৰে। ই তেতিয়াহে ভালকৈ গজিব যেতিয়া তাত গৰম বা আৰু ৰ'দ পৰিব। আলু কেতিয়াও ছাঁ পৰা ঠাইত নুৰুব।
বীজ ৰোৱাৰ দূৰত্বৰ ওপৰত লক্ষ্য ৰাখিব:আলু ৰোপণ কৰোতে ইয়াৰ বীজ উপযুক্ত দূৰত্বতহে লগাব। এইটো লক্ষ্য ৰাখিব যাতে ইটোৰ পৰা সিটো বীজ বেছি দূৰতো নহয় আৰু বেছি ঘনো নহয়।
অপতৃণ গজিবলৈ নিদিব:আপুনি যি ঠাইত আলুৰ খেতি কৰিব, তাৰ মাটি খুব ভালকৈ ভাঙি মিলাই ল'ব আৰু লক্ষ্য ৰাখিব যাতে তাত কোনোধৰণৰ অপতৃণ গজিবলৈ নেপাই। ভাল উৎপাদন পাবলৈ হ'লে খেতি কৰা ঠাইখিনিৰ ওচৰ-পাজৰত গজা ঘাঁহ-বনবোৰ উঘালি পেলাব।