সেউজীয়া চাটনিয়ে আমাক কেনেদৰে লাভান্বিত কৰিব পাৰে সেই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।
সেউজীয়া চাটনিয়ে আমাক কেনেদৰে লাভান্বিত কৰিব পাৰে সেই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।
আহাৰৰ সৈতে আপুনি চাটনি খাবলৈ পছন্দ নকৰে নেকি? তেন্তে ভুলতো আপুনি তেনে নকৰিব। সেউজীয়া পাচলি আৰু শাকেৰে তৈয়াৰী চাটনিয়ে কেৱল আহাৰ কাহীখনৰেই সৌন্দৰ্য বৃদ্ধি নকৰে ই আপোনাৰ স্বাস্থ্যৰো যতন লয়। বেছিভাগ লোকেই দৈনিক আহাৰৰ তালিকাত চাটনি অন্তৰ্ভুক্ত কৰে। চাটনিয়ে খাদ্যৰ ৰুচি সলনি কৰাৰ লগতে মুখৰ পৰিতৃপ্তিও প্ৰদান কৰে। ই খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে বহু ৰোগ নিৰাময় ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰে। সেউজীয়া চাটনিয়ে আমাক কেনেদৰে লাভান্বিত কৰিব পাৰে সেই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।
ৰক্তহীনতা দূৰ কৰাত সহায় কৰে
সেউজীয়া চাটনি সেৱনে ৰক্তহীনতা আঁতৰ কৰাত সহায় কৰে। দৰাচলতে সেউজীয়া চাটনিৰ বাবে ব্যৱহৃত ধনিয়া আৰু পদিনা আইৰণৰ গুণাগুণেৰে সমৃদ্ধ। যেতিয়া শৰীৰত আইৰণৰ অভাৱ হয় তেতিয়া এজন ব্যক্তি ৰক্তহীনতাত ভুগিব লগা হয়। দৈনিক সেউজীয়া চাটনি সেৱনে শৰীৰত আইৰণৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে আৰু যি শৰীৰত ৰক্তহীনতা উপশম কৰাত সহায় কৰে।
পাচন তন্ত্ৰ সঠিক ৰখাত সহায় কৰে
সেউজীয়া চাটনি সেৱনে পাচন তন্ত্ৰ সঠিক ৰখাত সহায় কৰে। ইয়াৰ কাৰণ হৈছে ধনিয়া বা পদিনাৰ সেউজীয়া চাটনি তৈয়াৰ কৰোঁতে আদা, নহৰু, ক'লা নিমখ, জিৰা গুটি, নেমু আৰু জলকীয়া আদি ব্যৱহাৰ কৰা হয়। ই পাচন তন্ত্ৰ স্বাস্থ্যৱান আৰু হজম শক্তি ভাল কৰি ৰাখে।
ভোক বঢ়াত সহায় কৰে
আপোনাৰ ভোক নালাগিলে বা খাবলৈ মন নগ'লে, খাদ্যৰ প্লেটত সেউজীয়া চাটনি দেখিলে স্বয়ংক্ৰিয়ভাৱে ভোক অনুভৱ কৰে। খাদ্যৰ সোৱাদ বৃদ্ধি কৰা চাটনিৰ সৈতে এজন ব্যক্তিয়ে প্ৰায়ে ভোক লাগি থকাতকৈ অধিক খাদ্য খায়।
ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে
দৈনিক সেউজীয়া চাটনি সেৱনে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। দৰাচলতে চাটনিত ব্যৱহৃত সেউজীয়া ধনিয়াই শৰীৰত ইনচুলিনৰ স্তৰ বজাই ৰাখে, যাৰ ফলত ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে।
প্ৰদাহ বা ফুলা অংশ হ্ৰাস কৰাত সহায় কৰে
সেউজীয়া চাটনিয়ে শৰীৰৰ প্ৰদাহ বা ফুলি থকা কোনো অংশ হ্ৰাস কৰাত সহায় কৰে। সেউজীয়া ধনিয়াত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণবোৰে এইক্ষেত্ৰত সহায় কৰে। কেৱল সেয়াই নহয় ধনিয়া আৰু পদিনা চাটনি খালে মুখৰ আলচাৰ সোনকালেই ভাল হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|