• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কোৰোণা কালত ডাঙৰ সকাহ! এই কোম্পানীটোৱে কৰ্মচাৰীসকলক আগবঢ়াইছে ৭০ লাখ টকাৰ জীৱন বীমা

কোৰোণা কালত ডাঙৰ সকাহ! এই কোম্পানীটোৱে কৰ্মচাৰীসকলক আগবঢ়াইছে ৭০ লাখ টকাৰ জীৱন বীমা

অ’টো পাৰ্টছ নিৰ্মাতা বছ গ্ৰুপে (Bosch Group) ভাৰতত ইয়াৰ কৰ্মচাৰীসকলৰ পৰিয়ালক বৃহৎ বিত্তীয় সাহায্য প্ৰদান কৰিছে।

অ’টো পাৰ্টছ নিৰ্মাতা বছ গ্ৰুপে (Bosch Group) ভাৰতত ইয়াৰ কৰ্মচাৰীসকলৰ পৰিয়ালক বৃহৎ বিত্তীয় সাহায্য প্ৰদান কৰিছে।

অ’টো পাৰ্টছ নিৰ্মাতা বছ গ্ৰুপে (Bosch Group) ভাৰতত ইয়াৰ কৰ্মচাৰীসকলৰ পৰিয়ালক বৃহৎ বিত্তীয় সাহায্য প্ৰদান কৰিছে।

  • Share this:
অ’টো পাৰ্টছ নিৰ্মাতা বছ গ্ৰুপ (Bosch Group)-এ ইয়াৰ ভাৰতীয় কৰ্মচাৰীসকলৰ পৰিয়ালক এক বৃহৎ বিত্তীয় সাহায্য প্ৰদান কৰিছে। কোৰোণা ভাইৰাছৰ ফলত কোম্পানীটোৰ যিকোনো ভাৰতীয় কৰ্মচাৰীৰ মৃত্যুত ৭০ লাখ টকাৰ জীৱন বীমাৰ সুবিধা প্ৰদান কৰিছে কোম্পানীটোৱে। তদুপৰি, কোম্পানীটোৱে কোৰোণা মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ বাবে সাহায্য প্ৰদানৰো প্ৰচেষ্টা চলাই আছে। বছৰ কৰ্তৃপক্ষই জনায় যে কোভিড-১৯ত মৃত্যু হোৱাৰ পিছত কৰ্মচাৰীৰ পৰিয়ালক তিনি বছৰৰ বাবে স্বাস্থ্য বীমা প্ৰদান কৰা হ'ব।

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বছে অক্সিজেন প্ৰকল্পও স্থাপন কৰিব -

বছে জনায় যে কোম্পানীটোৱে কোৰোণা ভাইৰাছ মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেন যোগান (Oxygen Supply) আৰু স্বাস্থ্য সুবিধাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বাংগালুৰু আৰু পুনেত কোভিড কেয়াৰ চেণ্টাৰ (Covid Care Centre) স্থাপন কৰিছে। লগতে কোম্পানীটোৱে অক্সিজেন উৎপাদন গোট (Oxygen Unit)ত বিনিয়োগ কৰাৰ কথাও উল্লেখ কৰে। এই গোটবোৰে ব্যৱসায়ত সহায় কৰাৰ লগতে সমাজৰ সেৱা কৰিব। কঠিন সময় আৰু সমাজৰ প্ৰতিটো শ্ৰেণীয়ে একতা আৰু সহানুভূতি প্ৰদৰ্শন কৰা বাবেই কোম্পানীটোৱে এই সিদ্ধান্ত লোৱা বুলি জনায় সংবাদ মাধ্যমক।

EDLIৰ অধীনত থাকিব ৭ লাখ টকাৰ অতিৰিক্ত বীমাৰ ৰাশি -

কৰ্মচাৰী কল্যাণৰ বিষয়টোক লৈ বছে জনায় যে কোৰোণা সংক্ৰমণৰ ফলত কৰ্মচাৰীসকলৰ মৃত্যুৰ বাবে কৰ্মচাৰীসকলক গড়ে ৭০ লাখ টকাৰ বীমা কভাৰেজ দিয়া হ'ব। অ’টো পাৰ্টছ নিৰ্মাতা কোম্পানীটোৱে কৈছিল যে বীমাৰ পৰিমাণ মৃত কৰ্মচাৰীৰ আইনী উত্তৰাধিকাৰীলৈ যাব। ই লগতে স্পষ্ট কৰে যে এই পৰিমাণটো কৰ্মচাৰীৰ জমা সংযোজিত বীমা আঁচনিৰ (EDLI) ৭ লাখ টকাৰ অতিৰিক্ত। গোটটোৱে তেওঁলোকৰ কৰ্মচাৰীসকলৰ মৃত্যুৰ তাৰিখৰ পৰা তিনি বছৰৰ বাবে তেওঁলোকৰ পৰিয়ালক স্বাস্থ্য বীমা প্ৰদান কৰিব।

ইয়াৰ সামূহিক সমৰ্থন কাৰ্যসূচীৰ অংশ হিচাপে, বছে কৈছিল যে ই জয়পুৰ, বেংগালুৰু, চেন্নাই আৰু গংগাইকুন্দনত ইয়াৰ প্ৰকল্পসমূহৰ চাৰিওফালে ১০ টা প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ (PHC) উন্নীত কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি