সুখবৰ! কোটি কোটি চাকৰিয়ালক সকাহ দিবলৈ চৰকাৰে সলনি কৰিবলৈ গৈ আছে এইটো নিয়ম

News18 Assam | News18-Assam
Updated:June 26, 2020, 10:08 AM IST
সুখবৰ! কোটি কোটি চাকৰিয়ালক সকাহ দিবলৈ চৰকাৰে সলনি কৰিবলৈ গৈ আছে এইটো নিয়ম
চৰকাৰে গ্ৰেচুইটিৰ নিয়ম সলনি কৰি যিমান দিন কাম কৰিছে সিমান দিনৰ গ্ৰেচুইটি আদায় দিয়াৰ কথা বিবেচনা কৰিছে। 

চৰকাৰে গ্ৰেচুইটিৰ নিয়ম সলনি কৰি যিমান দিন কাম কৰিছে সিমান দিনৰ গ্ৰেচুইটি আদায় দিয়াৰ কথা বিবেচনা কৰিছে। 

  • Share this:
নতুন দিল্লীঃ দেশৰ কোটি কোটি চাকৰিয়ালৰ কাৰণে কেন্দ্ৰ চৰকাৰে এক বৃহত্‍ ঘোষণা কৰিবলৈ গৈ আছে। দৰাচলতে কেন্দ্ৰ চৰকাৰে এই প্ৰস্তুতি চলাবলৈ গৈ আছে যে গ্ৰেচুইটিৰ কাৰণে (Gratuity Rules Change Soon)  ৫বছৰৰ চৰ্ত শেষ কৰি ১বছৰ কৰি দিয়া হওক। ইয়াৰ বাহিৰেও ফিক্সড টাৰ্মত কাম কৰাসকলো গ্ৰেচুইটিৰ আওতালৈ অনাৰ ব্যৱস্থা হ’ব পাৰে। এই পৰিৱৰ্তনৰ পিছত কোনো কোম্পানীত ৫বছৰ কাম কৰাৰ প্ৰয়োজন নাথাকিব। চৰকাৰে এতিয়া প্ৰস্তুতি চলাবলৈ লৈছে যে যিমান দিন কাম কৰিলে সিমান দিনৰ কাৰণে গ্ৰেচুইটি প্ৰদান কৰা হওক।

ফিক্সড টাৰ্মৰ সকলেও গ্ৰেচুইটিৰ লাভ পাব অৱশ্যে এতিয়াও সিদ্ধান্ত লোৱা নাই যে কেন্দ্ৰ চৰকাৰে কিমান সময়ত ইয়াৰ ঘোষণা কৰিব। কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ পিছত কোটি কোটি কৰ্মচাৰীয়ে সকাহ পাব।

গ্ৰেচুইটিক লৈ চৰকাৰৰ প্ৰস্তুতি কি?

সূত্ৰমতে চাকৰিয়াল সকলে গ্ৰেচুইটি ট্ৰান্সফাৰ কৰাৰ বিকল্প লাভ কৰিব। চৰকাৰে গ্ৰেচুইটিৰ বৰ্তমানৰ সংৰচনাৰ পৰিৱৰ্তন কৰিবলৈ প্ৰস্তুতি চলাইছে।

>> পি এফৰ দৰে প্ৰতিমাহে গ্ৰেচুইটিৰ বৰঙনি দিয়াৰ প্ৰস্তাৱ কৰা হৈছে। গ্ৰেচুইটিকো বৈধভাৱে CTCৰ অংশ কৰাৰ প্ৰস্তাৱ আছে।

>> সূত্ৰমতে লেবাৰ মিনিষ্ট্ৰীয়ে এই প্ৰস্তাৱত কাম কৰা আৰম্ভ কৰিছে। এম্পলয়াৰ এছ’চিয়েশ্যনৰ সৈতে বৈঠকত চৰ্চা কৰা হৈছে এই সন্দৰ্ভত।

>>  PF ট্ৰাষ্টৰ অধীনলৈ গ্ৰেচুইটি অনাৰ ওপৰত বিচাৰ কৰা হৈছে। অৱশ্যে সূত্ৰমতে গ্ৰেচুইটি পোৱাৰ নূন্যতম সময় ১বছৰ হ’ব।

>> এতিয়া কেৱল অস্থায়ী কৰ্মচাৰীৰ ক্ষেত্ৰততে এবছৰৰ কাৰণে ঘোষণা কৰা হৈছে। নতুন নিয়মৰ কাৰণে কোম্পানীসমূহে টেক্স লাভৰ সুবিধা পাব। মাহেকত অৱদান আগবঢ়াব লগীয়া হোৱাৰ কাৰণে কোম্পানীসমূহে একেবাৰতে টকা দিয়াৰ প্ৰয়োজন নাই।
First published: June 26, 2020, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading