Gram Water Benefits: বুটৰ পানীয়ে শক্তি প্ৰদানৰ লগতে পাচন ক্ৰিয়া অধিক ভাল কৰি তোলে
Gram Water Benefits: বুটৰ পানীয়ে শক্তি প্ৰদানৰ লগতে পাচন ক্ৰিয়া অধিক ভাল কৰি তোলে
তিয়াই থোবা কেঁচা বুট শৰীৰৰ বাবে বহুতো কাৰণত উপকাৰী। কিছুমান মানুহে কেঁচা বুট খাবলৈ ভাল নেপায়, এনেকুৱাত আপুনি বুট তিয়াই থোৱা পানী (Gram water)ৰ পৰাও সহায় ল'ব পাৰে। ইও আপোনাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী হ' ব পাৰে।
ইমিউনিটি বঢ়োৱাত সহায় কৰে:
ইমিউনিটি শক্তিশালী কৰিবলৈ আপুনি নিয়মিত পুৱা খালী পেটত কেঁচা বুটৰ পানী খাব পাৰে। ই শৰীৰত খকা বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব আৰু বাৰে বাৰে বেমাৰ পৰাৰ পৰা বচাই ৰাখিব।
ডায়বেটীজ নিয়ন্ত্ৰণত সহায় কৰিব:
বুটৰ পানী নিয়মিত খালে ডায়বেটিছ নিয়ন্ত্ৰণত সহায় হয়। সদায় বুটৰ পানী খালে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰত থাকে যাৰ বাবে ডায়বেটিছ ৰোগীৰ কাৰণে ই বহুত উপকাৰী।
ওজন কমোৱাত সহায় কৰে:
ওজন হ্ৰাস কৰিবলৈও আপুনি বুটৰ পানী খাব পাৰে। এই পানী খালে ভাগৰ আৰু শৰীৰৰ দুৰ্বলতা ভাব হ্ৰাস পায়। আৰু বহু সময়লৈ পেট ভৰি থকা যেন অনুভৱ হৈ থাকে।।
হজম শক্তি বৃদ্ধি কৰে:
বুটৰ পানী পুৱা খালী পেটত খালে পাচন শক্তি বঢ়ায়। ই কৌষ্ঠকাঠিন্য দূৰ কৰে আৰু পেট চাফা কৰাত যথেষ্ট সহায় কৰে। ইয়াৰ লগতে গেছৰ সমস্যাও দূৰ কৰে।
ছাল পৰিস্কাৰ কৰে:
ছালৰ আভ্যন্তৰীণ স্তৰ পৰিস্কাৰ কৰাত বুটৰ পানীয়ে সহায় কৰে। ই স্কীন সম্বন্ধীয় যি কোনো সমস্যা দূৰ কৰিব পাৰে আৰু প্ৰকৃতিক সৌন্দৰ্য্য বৃদ্ধি কৰিব পাৰে।
.
(Disclaimer:এই প্ৰবন্ধৰ সকলো তথ্য সাধাৰণ বিশ্বাসৰ ওপৰত নিৰ্ধাৰিত। নিউজ১৮- অসমে এই তথ্যবোৰ নিশ্চিত নকৰে। এইবোৰ কাৰ্য্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব।)
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|