প্লাষ্টিক নিষিদ্ধ নহয়, কমাবলৈহে আহ্বান!

দেশক প্লাষ্টিকমুক্ত কৰাৰ মোদী চৰকাৰৰ পৰিকল্পনাই বাস্তৱ ৰূপ নাপাওতেই প্ৰায় ধোঁৱা চাঙত উঠাৰ উপক্ৰম হৈছে!

News18-Assam
Updated:October 2, 2019, 10:43 PM IST
প্লাষ্টিক নিষিদ্ধ নহয়, কমাবলৈহে আহ্বান!
Source-Google
News18-Assam
Updated: October 2, 2019, 10:43 PM IST
দেশক প্লাষ্টিকমুক্ত কৰাৰ মোদী চৰকাৰৰ পৰিকল্পনাই বাস্তৱ ৰূপ নাপাওতেই প্ৰায় ধোঁৱা চাঙত উঠাৰ উপক্ৰম হৈছে! ২ অক্টোবৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে প্লাষ্টিকৰ ৬ টা বিশেষ প্ৰডাক্ট নিষিদ্ধ কৰাৰ কথা আছিল যদিও, কাৰ্যত ৰূপায়ন নহ’ল!

বিজনেছ ষ্টেণ্ডাৰ্ড নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা বাতৰি অনুসৰি, ১ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰৰ দুজন ঊৰ্ধ্বতম বিষয়াই প্লাষ্টিক নিষিদ্ধ কৰাৰ তাৎক্ষণিক পদক্ষেপ লোৱাটো অসম্ভৱ বুলি জনাইছে। কাৰণ দেশত চলিথকা আৰ্থিক মন্দাৱস্থাৰ বাবে এই পদক্ষেপ এতিয়া কাৰ্যত ৰূপ দিয়াতো সম্ভৱ নহয় বুলি জানিবলৈ দিছে।  বিষয়াকেইজনৰ মতে, প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰিবলৈহে চেষ্টা কৰা হ’ব দেশত!

পৰিৱেশ মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়া চন্দ্ৰকিশোৰ মিশ্ৰই কোৱা মতে, প্লাষ্টিকৰ ক্ষেত্ৰত কোনো নতুন নিষেধাজ্ঞা অনা হোৱা নাই। মানুহক প্লাষ্টিকৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে সজাগ কৰাৰ কথাটোহে চিন্তা কৰা হৈছে, যাতে মানুহে এইবোৰ য’তে-ত’তে নেপেলায়’
আৰু চাওক পৰৱৰ্তী বাতৰি