বেংকত থকা আপোনাৰ জমা টকাৰ ওপৰত চৰকাৰে ল’ব ডাঙৰ সিদ্ধান্ত! বিত্তমন্ত্ৰীয়ে দিলে সংকেত

News18-Assam
Updated:November 16, 2019, 3:05 PM IST
বেংকত থকা আপোনাৰ জমা টকাৰ ওপৰত চৰকাৰে ল’ব ডাঙৰ সিদ্ধান্ত! বিত্তমন্ত্ৰীয়ে দিলে সংকেত
Source-Goggle

বেংক একাউণ্ট হ’ল্ডাৰৰ জমা টকাত লাভ কৰা গ্যাৰেণ্টি ধনৰ সীমা বৃদ্ধি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে

  • Share this:
বেংক একাউণ্ট হ’ল্ডাৰৰ জমা টকাত লাভ কৰা গ্যাৰেণ্টি ধনৰ সীমা বৃদ্ধি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত দিছে এক আগজাননী।
পঞ্জাৱ আৰু মহাৰাষ্ট্ৰ কো–পাৰেটিভ বেংকৰ লগতে অন্যান্য কেইটামান বেংক বিত্তীয় সংকটত পৰা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বেংক একাউণ্ট হ’ল্ডাৰে জমা টকাত লাভ কৰিবলগীয়া গ্যাৰেণ্টি ধনৰ সীমা বৃদ্ধি কৰিবলৈ যো–জা কৰিছে।  বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সম্পৰ্কত দিছে এক বিশেষ সংকেত।  বিত্তমন্ত্ৰীয়ে কয় যে, এই গ্যাৰেণ্টি বিল আগন্তুক সংসদৰ শীতকালীনত  উত্থাপন কৰা হ’ব।

 

উল্লেখযোগ্য যে, কিবা কাৰণত বেংক দেউলীয়া হ’লে Deposit Insurance and Credit Guarantee Corporation (DICGC) য়ে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি বেংকৰ গ্ৰাহকে ১ লাখ টকাৰ সুৰক্ষা গ্যাৰেণ্টি লাভ কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি