যি সময়ত উজলা যোজনাৰ অধীনত কেন্দ্ৰই দেশৰ ১ কোটি লোকক সংযুক্ত কৰাৰ কথা কৈছে তেনে সময়তে কিন্তু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২২ৰ বিত্তীয় বৰ্ষ পৰ্যন্ত ১২,৯৯৫ কোটিলৈ হ্ৰাস কৰিছে পেট্ৰ'লিয়ামৰ ৰাজসাহায্য। কিয়নো চৰকাৰে আশা কৰিছে যে, এল পি জি গেছৰ মূল্যবৃদ্ধিয়ে ৰাজসাহায্যৰ বোজা হ্ৰাস কৰিব।
মিন্টৰ এক প্ৰতিবেদনত এগৰাকী চৰকাৰী বিষয়াক উদ্ধৃত কৰি কোৱা হৈছে যে, ৰাজসাহায্য নিঃশেষ কৰাৰ দিশত আগবাঢ়িছে চৰকাৰ। যাৰ বাবেই কেৰাচিন তেলৰ মূল্য বৃদ্ধি আৰু এল পি জি গেছৰ মূল্যবৃদ্ধিত নামিছে চৰকাৰ আৰু এয়া আগন্তুক বৰ্ষটো অব্যাহত থাকিব।
ইপিনে আন্তঃৰাষ্ট্ৰীয় বজাৰতো অশোধিত তেলৰ মূল্য বৃদ্ধিৰ লগতে বৃদ্ধি পাইছে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যও। বিগত বছৰো ৰন্ধন গেছৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল যদিও ই পেট্ৰ'লৰ মূল্য বৃদ্ধিতকৈ কম আছিল। খুচুৰা ইন্ধন বিক্ৰেতাই এল পি জিৰ মূল্য ৰিভাইজ কৰে আৰু ই বিশেষভাৱে এল পি জিৰ আন্তৰ্জাতিক মানদণ্ড আৰু ডলাৰৰ বিপৰীতে টকাৰ বিনিময় হাৰৰ ওপৰত নিৰ্ভৰ কৰে।
১ জানুৱাৰী ২০১৫ৰ পৰা প্ৰতিদিনে পেট্ৰ'ল-ডিজেলৰ মূল্য সংশোধন কৰি অহা হৈছে। যিয়ে চৰকাৰক পেট্ৰ'লিয়াম ৰাজসাহায্যৰ ওপৰত বিত্তীয় বোজা হ্ৰাস কৰাত সহায় কৰিছে। চৰকাৰে এল পি জিৰ বাবে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ অধীনত হিতাধিকাৰীৰ একাউন্টলৈ পোনপটীয়াকৈ ৰাজসাহায্যৰ পৰিমাণ প্ৰেৰণ কৰে। আনহাতে কেৰাচিন ৰাজহুৱা বিতৰণ প্ৰণালীৰ জৰিয়তে ৰেহাইৰ হাৰেৰে বিক্ৰী কৰা হয়।
কিন্ত ইয়াৰ জৰিয়তে কেনেকৈ লাভান্বিত হৈছিল চৰকাৰ ?১৫তম বিত্ত আয়োগৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য তথ্য অনুসৰি, এই পদক্ষেপৰ পিছতে পেট্ৰ'লিয়াম ৰাজসাহায্যৰ জৰিয়তে ৰাজহ প্ৰাপ্তি ২০১১-১২ বৰ্ষত ৯.১ শতাংশৰ তুলনাত বিত্তীয় বৰ্ষ ২০১৮-১৯ বৰ্ষত ১.৬ শতাংশলৈ হ্ৰাস পাইছে । এই সময়তে, জিডিপিৰ ক্ষেত্ৰত এয়া ০.৮ শতাংশৰ পৰা ০.১ শতাংশলৈ হ্ৰাস পাইছে। অন্যহাতে ২০১১-১২ বৰ্ষত কেৰাচিন ৰাজসাহায্য আছিল ২৮,২১৫ কোটি টকা, যি ২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেটত ৩,৬৫৯ কোটি টকালৈ হ্ৰাস পাইছিল।
উজলা আঁচনিৰ পাচতে ৰাজসাহায্যৰ বোজা হ্ৰাস কৰা হ'ব পাৰে। বিত্ত আয়োগে ইয়াৰ প্ৰতিবেদনত উল্লেখ কৰিছিল যে, উজলা আঁচনিৰ বাবে এল পি জিৰ ৰাজসাহায্যৰ বোজা বৃদ্ধি হ'ব পাৰে। কিন্তু, ৰাজসাহায্য আঁচনিখন দৰিদ্ৰসকলৰ মাজতে সীমাবদ্ধ বা ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যাৰ হিচাপৰ দ্বাৰা এই বোজা হ্ৰাস কৰিব পাৰি।
উল্লেখ্য যে, ২০১৬ চনৰ ১ মেত মহিলা আৰু শিশুৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে উজলা আঁচনি আৰম্ভ কৰা হৈছিল । বৰ্তমানে এই আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালসমূহক এল পি জি গেছ সংযোগৰ বাবে ১,৬০০ টকা প্ৰদান কৰা হয়।
FIRST PUBLISHED : February 08, 2021, 15:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|