পেঞ্চনাৰসকলৰ বাবে এক বৃহৎ ঘোষণা কৰিছে মোদী চৰকাৰে। কেৰোণা মহামাৰীৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অস্থায়ী পেঞ্চনৰ সময়সীমা ১ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে।
মন্ত্ৰণালয়ৰ এক বিবৃতি অনুসৰি, পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ (DoPPW) আৰু প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ(DARPG)ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক অনলাইন বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অস্থায়ী পাৰিবাৰিক পেঞ্চনৰ সময়সীমা বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে।
১ বছৰলৈ লাভ কৰিব অস্থায়ী পেঞ্চনৰ সুবিধা -কোভিড-১৯ৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই অৱসৰ লাভৰ তাৰিখৰ পৰা অস্থায়ী পেঞ্চন পৰিশোধৰ সময়সীমা এবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ পিছতেই মৃত্যু হয়, যাৰ বাবে তেওঁলোকে পেঞ্চন সম্পৰ্কীয় নথি–পত্ৰ দাখিল কৰিব নোৱাৰে।
অতি শীঘ্ৰেই পাৰিবাৰিক পেঞ্চন মুকলি কৰাৰ নিৰ্দেশনা -পাৰিবাৰিক পেঞ্চনৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে যে দৰমহা আৰু একাউণ্টৰ কাৰ্যালয়ক আগুৱাই নিয়াৰ বাবে অপেক্ষা নকৰাকৈ পৰিয়ালৰ যোগ্য সদস্যৰ পৰা মৃত্যুৰ প্ৰমাণপত্ৰ আৰু দাবী লাভ কৰাৰ লগে লগে ইয়াক জাৰি কৰিব লাগে। যাতে এনে চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে কোনো সমস্যাৰ সন্মুখীন নহয়।
এই কৰ্মচাৰীসকলে লাভ কৰিব এককালীন ক্ষতিপূৰণৰ সুবিধা -
সিঙে লগতে কয় যে নতুন পেঞ্চন প্ৰণালী (NPS)ৰ সৈতে জড়িত কৰ্মচাৰীসকলক এককালীন ক্ষতিপূৰণৰ সুবিধা প্ৰদান কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰ অধীনত যদি তেওঁলোকে কৰ্তব্যৰত অৱস্থাত আঘাতপ্ৰাপ্ত হৈ বিকলাংগতাৰ সন্মুখীন হয় আৰু এনে অক্ষমতা সত্ত্বেও চৰকাৰী সেৱাত নিয়োজিত কৰি ৰখা হয়। তেন্তে নতুন পেঞ্চন প্ৰণালীৰ সৈতে জড়িত কৰ্মচাৰীসকলক এককালীন ক্ষতিপূৰণৰ সুবিধা প্ৰদান কৰা হ'ব।
জীয়াই থকাৰ প্ৰমাণপত্ৰ দাখিল কৰিবলৈ কোৱা হৈছে -DoPPW য়ে এই সময়ছোৱাত সকলো পেঞ্চন বিতৰণকাৰী বেংকে ভিডিঅ' আধাৰিত গ্ৰাহক চিনাক্তকৰণ প্ৰক্ৰিয়া (V-CIP) গ্ৰহণ কৰিবলৈ কৈছে। ইয়াৰ জৰিয়তে বেংকে জীয়াই থকাৰ প্ৰমাণপত্ৰ লাভ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|