বৃদ্ধি নহয় চৰকাৰী গৰম বন্ধ! উৎকট গৰম সহ্য কৰিব লাগিব শিক্ষাৰ্থীয়ে..

‘গৰম বন্ধ বৃদ্ধিৰ নাই কোনো পৰিকল্পনা’ ৷ প্ৰচণ্ড গৰম হলেও কৰিব লাগিব পাঠদান!

News18-Assam
Updated:August 12, 2019, 4:21 PM IST
বৃদ্ধি নহয় চৰকাৰী গৰম বন্ধ! উৎকট গৰম সহ্য কৰিব লাগিব শিক্ষাৰ্থীয়ে..
‘গৰম বন্ধ বৃদ্ধিৰ নাই কোনো পৰিকল্পনা’ ৷ প্ৰচণ্ড গৰম হলেও কৰিব লাগিব পাঠদান!
News18-Assam
Updated: August 12, 2019, 4:21 PM IST
বলেন ভট্টাচাৰ্য্য: প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য ৷ উৎকট গৰমৰ বাবে স্কুলৰ পাঠদান এৰি ঘৰলৈ উভতিব লগা হৈছে কণ কণ শিক্ষাৰ্থী ৷ বিশেষকৈ শেহতীয়া এসপ্তাহত ভয়ংকৰ হাৰত বৃদ্ধি পোৱা তাপমাত্ৰাই কন্দোৱাইছে শিক্ষাৰ্থী অভিভাৱকক ! সোমবাৰেও গুৱাহাটী মহানগৰীত থাকিল সৰ্বোচ্চ ৪০ ডিগ্ৰী ছেলছিয়াছ ৷ গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাত বহু অভিভাৱকে বিদ্যালয় কৰ্তৃপক্ষক বিদ্যালয় বন্ধ দিবলৈ অনুৰোধ জনাই থকাৰ সময়তে ৰাজ্য চৰকাৰ মুখ্য সচিব আলোক কুমাৰৰ মন্তব্য - ‘গৰম বন্ধ বৃদ্ধিৰ নাই কোনো পৰিকল্পনা’ ৷ প্ৰচণ্ড গৰম হলেও কৰিব লাগিব পাঠদান ৷ প্ৰাকৃতিক পৰিবেশ নিযন্ত্ৰণ প্ৰশাসনৰ হাতত নাই বুলি মন্তব্য ৰাজ্যৰ চৰকাৰ মুখ্য সচিবৰ ৷



নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভবিষ্যত দিনত চৰকাৰী গৰম বন্ধৰ সময়সূচীৰ সাল সলনি কৰা সন্দৰ্ভত কৰা এক প্ৰশ্ন মুখ্য সচিব গৰাকীৰ উত্তৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱা সময়ত গৰম কেতিয়া বেছি পৰে সেয়া অনুমান কৰা অসম্ভৱ ৷ সেয়ে পূৰ্বৰ সূচী মতে চলি থাকিব চৰকাৰী গৰম বন্ধৰ সময়সূচী ৷
আৰু চাওক পৰৱৰ্তী বাতৰি